Home ক্রীড়া-জগত শক্তিশালী ভাৰত, চাপত কিৱি

শক্তিশালী ভাৰত, চাপত কিৱি

78
0

-গৌৰী প্ৰসাদ শৰ্মা-

সুদীৰ্ঘ বিৰতিৰ অন্তত ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠ দল নিৰূপণৰ প্ৰাক ৰণডংকা। এই ৰণডংকা গ্ৰুপ পৰ্যায়ত দমনীয় প্ৰদৰ্শন আগবঢ়োৱা ভাৰত বনাম নিউজিলেণ্ডৰ। দীৰ্ঘ ২০ বছৰ বিৰতিৰ পিছত ইংলেণ্ড আৰু ৱেলছত চলি থকা বিশ্বকাপ ২০১৯ৰ প্ৰথম ছেমিফাইনেল ৩ বজাৰ পৰা (ভাৰতীয় সময়) আৰম্ভ হ’ব। এই খেলক লৈ ক্ৰীড়া মহল আৰু ক্ৰিকেট অনুৰাগীৰ মাজত সৰৱ চৰ্চা।

কোনে মাৰিব শেষ হাঁহি যোৱা ৯ খন খেলৰ প্ৰদৰ্শনলৈ মন কৰিলে বহুতেই ভাৰতক ফেভাৰিট আখ্যা দিছে। গ্ৰুপ পৰ্যায়ত এখন খেলতহে পৰাজয় স্বীকাৰ কৰা মহেন্দ্ৰ সিং ধোনীৰ আদব-কাইদাৰে মজবুত ভাৰতীয় ইলেভেন ১৫ পইন্টেৰে গ্ৰুপৰ শীৰ্ষত। মাজত আৰু কেইটামান ঘন্টা, ইয়াৰ পিছতে মানচেষ্টাৰৰ খেলপথাৰত হ’ব বেট-বলৰ তুমুল সংঘৰ্ষ, যি সংঘৰ্ষ হ’ব জাতিৰ স্বাভিমান ৰক্ষাৰ্থে।

নতুন খেলনীতি গ্ৰহণ কৰি (পূৰ্বৰ গ্ৰুপ পৰ্যায়ত বিভাজন কৰি খেলোৱাৰ নিয়ম পৰিহাৰ কৰি আইচিচিয়ে এইবাৰ টেষ্ট খেলাৰ যোগ্যতা অৰ্জন কৰা দল সমূহৰ মাজত ৰবীন ৰাউণ্ড পৰ্যায়ত বিশ্বকাপৰ আয়োজন কৰিছিল) যোৱা ৩০ মে’ৰ পৰা আৰম্ভ ক্ৰিকেটৰ এই সৰ্বোচ্চ প্ৰতিযোগিতাখনত কাইলৈৰ পৰা কৰ’ য়া মৰ’ পৰ্যায়। এই পৰ্যন্ত এই বিশ্বকাপৰ কোনো এখন খেলতে মুখামুখি হোৱা নাই ভাৰত-নিউজিলেণ্ড।

কিয়নো বৰষুণৰ বাবে বাতিল হৈছিল লীগ পৰ্যায়ৰ খেলখন। গতিকে, স্বাভাৱিকতে আকৰ্ষণীয় হ’ব এই খেল। ভাৰতীয় দলৰ ধাৰাবাহিক আৰু দমনীয় প্ৰদৰ্শনে চাপত ৰাখিব কিৱী দলক। তদুপৰি এই প্ৰতিযোগিতাত ভাৰতৰ হৈ ৰোহিত শৰ্মা, মহম্মদ ছামী, বিৰাট কোহলী আদিয়ে ৰেকৰ্ড কৰি প্ৰতিপক্ষক প্ৰতিমুহূৰ্ততে হৰুৱাবলৈ সচেষ্ট হৈ আছে।

তদুপৰি গ্ৰুপৰ শেষৰখন খেলত ভাৰতীয় অপেনিং যুটীৰ উন্নত প্ৰদৰ্শনৰ লগতে ৰোহিত-ৰাহুলৰ শতৰানে মজবুট কৰিব ভাৰতীয় দলক। মন কৰিলে দেখিম যে, চলিত বিশ্বকাপত ৫ টা শতকীয় ইনিংছেৰে বিশ্ব ৰেকৰ্ড কৰা ৰোহিত শৰ্মা ৬৪৭ ৰানেৰে গ’ল্ডেন বেটৰ প্ৰৱল দাবীদাৰ।

আনহাতে, ১৪ টা ছয় আৰু ৬৭ টা চাৰিৰে ৰোহিত এই বৰ্ষৰ বাউণ্ডেৰি কোবোৱা খেলুৱৈৰ তালিকাতো শীৰ্ষত। ৰোহিতৰ এই ধাৰা অৱ্যাহত থাকিলে নিউজিলেণ্ডৰ বলাৰ হ’ব দিশহাৰা। আনহাতে, এই বিশ্বকাপত ৫ টা অৰ্ধশতকীয় ইনিংছ খেলা ভাৰতীয় কেপ্টেইন বিৰাট কোহলী, বিশ্বকাপ ২০১৯ ত প্ৰথম হেট্ৰিক লোৱা মহম্মদ ছামী, চলিত বিশ্বকাপত ১৭ টা উইকেট লাভেৰে তৃতীয় স্থানত থকা য’কাৰ স্পেচিয়েলিষ্ট জশপ্ৰিত বুমৰাহ, দক্ষ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া আদি হ’ব পাৰে ভাৰতীয় দলৰ বাবে ভৰসাৰ।

ভাৰতৰ তুলনাত নিউজিলেণ্ডৰ ৰেকৰ্ড তুলনামূলকভাৱে দুৰ্বল যদিও কেপ্টেইন কেন উইলিয়ামছন, ট্ৰেন্ট ব’ল্ড, লুকী ফাৰগুছন আদিয়ে মজবুত কৰিছে নিউজিলেণ্ডৰ দলটোক। গতিকে প্ৰথম ছেমিফাইনেলত কোনে শেষ হাঁহি মাৰি ফাইনেলত প্ৰৱেশ কৰে সেইয়া লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here