Home ক্রীড়া-জগত বিশ্বকাপ পুনৰ উদ্ধাৰৰ আশা-দোমোজা

বিশ্বকাপ পুনৰ উদ্ধাৰৰ আশা-দোমোজা

80
0

-তন্ময় শইকীয়া-

ক্ৰিকেট খেলেই হ’ল অতি অনিশ্চয়তাৰ খেল। এই কথা ইতিহাসে ইতিমধ্যে বহুবাৰ প্ৰমাণ কৰি থৈছে। বহু বাঘা বাঘা দল ঢৰাশায়ী হৈছে আৰু তাৰ বিপৰীতে বহু নতুনকৈ আত্মপ্ৰকাশ কৰা দলেও মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। ক্ৰিকেটৰ অনিশ্চয়তাৰ কথা মনলৈ আনিলে ১৯৮৩ চনৰ ভাৰতীয় দল আৰু ১৯৯৬ চনৰ শ্ৰীলংকা দলে শেষ হাঁহি মৰাৰ কথা আমাৰ মনলৈ ঘপহকৈ আহি পৰে।

হয়, মই বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলখন আৰু ১৯৯৬ চনৰ শ্ৰীলংকা বনাম অষ্ট্ৰেলিয়া দলৰ মাজত ফাইনেল দুখনৰ কথাকেই কৈছো। য’ত দুটা ফেভৰিয়েট দল, দুটা আণ্ডাৰ ৰেটেড দলৰ হাতত পৰাস্ত হৈছিল। অন্য দিশৰ পৰা দুটা আণ্ডাৰ ৰেটেড দল বিশ্ববিজয়ী হৈছিল। এইবাৰো বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্ট প্ৰায় শেষ মুহূৰ্তত উপনীত হৈছেহি।

সন্মুখত মাত্ৰ এখন খেল। দল চাৰিটা। গ্ৰুপ ষ্টেজৰ শেষৰখন খেল অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ খেলখন শেষ নোহোৱা পৰ্যন্ত সকলোৱে ধৰি থৈছিল ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ১৯৮৩ চনৰ ছেমিফাইনেল পনৰাবৃত্তি য’ত ফেভাৰিট ইংলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰি ভাৰতীয় দল অগ্ৰসৰ হৈছিল এক নতুন ইতিহাস ৰছনা কৰাৰ দিশে। মহিন্দৰ অমৰনাথ মিতব্যয়ী বলিঙত বেটিং যশপাল শৰ্মা আৰু চন্দিপ পাতিলৰ বিস্ফোৰক বেটিং পৰাক্ৰমে দিশহাৰা কৰিছিল।

বগা চাহাবক ২২ জুনত নিজৰ মাটিতেই ১৯৮৩ চনত। যদিও ভাৰতে এইবাৰ ছেমিফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব নালাগে তথাপিতো যুদ্ধক্ষেত্ৰ একেই। এতিয়া আহো বিশ্বকাপ ক্ৰিকেটৰ এইবাৰৰ সংস্কৰণটোলৈ। এইবাৰ প্ৰতিযোগিতাৰ আৰম্ভণিতে মোৰ বৰ্ণবোধেৰে (ব্যক্তিগত মতামত) ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া আৰু ভাৰত তথা দক্ষিণ আফ্ৰিকা এই পাচোটা দলকেই বহুতে ফেভাৰিট আখ্যা দি ৰাখিছিল। তাৰো বিশ্লেষণ মোৰ জোখেৰে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰতিযোগিতাৰ আৰম্ভ হোৱাৰ আহত ৩০০ ৰো অধিক ৰাণ ধাৰাবাহিকভাৱে কৰি মহা প্ৰৱণতা অষ্ট্ৰেলিয়া আৰু ভাৰতীয় দলৰ দুৰ্দান্ত মেচ উইনাৰৰ পয়োভৰ আৰু দক্ষিণ আফ্ৰিকাৰ ইতিহাস সলনি কৰাৰ প্ৰয়াস।

সি যি কি নহওঁক কিয়, আজি ভাৰতীয় দলৰ সন্মুখত সুন্দৰ সুযোগ প্ৰৱেশ কৰাৰ। হিট্মেন ৰোহিত, ফৰ্মট থকা ৰাহুল, কোহলি যদি সফল হয়, ভাৰতৰ জয় জয় ময় ময়। যদি তেওঁলোক অসফল হয় তেন্তে ভাৰতৰ ৰাজপথত হায় হায়, হায় হায়। অৱশ্যে ভাৰতীয় দলৰ বলিং লাইন এইবাৰ ধাৰাবাহিকভাৱে নিখুঁত। আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তানকে আদি কৰি সকলোকে প্ৰমাণ দি থৈছে। পিছে বিপক্ষ নিউজিলেণ্ড কোনোপধ্যেই সহজ দল নহয়।

যি দলে যিকোনো মুহূৰ্ততে যিকোনো দলকে পৰাস্ত কৰাৰ সক্ষমতা আছে। গুপটিল, টেইলৰ, নেচিম, চাইডি, বণট আদিয়ে যিকোনো দলৰ বাবেই বিপদৰ ঘণ্টা বজাব পাৰে। আশা কৰো ভাৰত জিকিব আৰু ফাইনেলত স্থান লাভ কৰি বিশ্বকাপ পুনৰুদ্ধাৰ কৰিব। ধনীৰ বিদায় মধুময় আৰু চিৰস্মৰণীয় হ’ব। যি ভাৰতীয় ক্ৰিকেট দলক টেষ্ট এদিনীয়া আৰু টি-২০ ত ভাৰতক ১ নং স্থানত অধীস্থিত কৰাইছিল।

বহু অধিনায়ক, উইকেটকিপাৰ বা তাহানিৰ ইংলেণ্ড দলৰ চতুৰ অধিনায়ক আইক বিয়াৰলিৰ জন্ম ভাৰততে হ’ব। কিন্তু মাহীৰ প্ৰতি সন্মান জনোৱাৰ (মাহীৰ শেষ বিশ্বকাপ) সময় সমাগত। যিদৰে ধোনীয়ে মহীয়সী তেণ্ডুলকাৰক বিশ্বকাপ উপহাৰ দি বিদায় দিছিল। ক’লচিল আৰু কোম্পানীয়েও মাহীক বিশ্বকাপ উপহাৰ দি বিদায় দিলে ভাৰতীয় ক্ৰিকেট ধন্য হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here