Home ক্রীড়া-জগত লীগ পৰ্যায়ত পইণ্টৰ তালিকাত শীৰ্ষত ভাৰত

লীগ পৰ্যায়ত পইণ্টৰ তালিকাত শীৰ্ষত ভাৰত

60
0

ডিডিটেল স্প’ৰ্টছ ডেস্ক, লণ্ডনঃ বিশ্বকাপ ক্ৰিকেটত এইবাৰ ভাৰত লীগ পৰ্যায়ৰ খেলত পইণ্টৰ তালিতাক ১৫ পইেণ্টৰে শীৰ্ষ স্থান লাভ কৰে। নীলা পোছাকৰ দলটোৱে চলিত বিশ্বকাপ ক্ৰিকেটত কাইলৈ নিউজিলেণ্ডৰ বিপক্ষে ছেমি ফাইনেল খেলিব। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ বিপক্ষে পৰাস্ত আৰু নিউজিলেণ্ডৰ বিপক্ষে বতৰৰ বাবে খেল অনুষ্ঠিত নোহোৱাৰ বাদে আটাইকেইখন খেলতে ভাৰত জয়ী হৈছিল। মুঠ ৯খন মেচৰ ভাৰত জয়ী হৈছিল ৭খনত। চলিত বিশ্বকাপ ক্ৰিকেটত ভাৰত পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰাৰ উপৰি ঋ০.৮০৯ নেট ৰাণ ৰেটেৰে শিখৰত অৱস্থান কৰে।

এইবাৰৰ বিশ্বকাপ ক্ৰিকেটত ভাৰত প্ৰথমবাৰ মুখামুখি হৈছিল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। এইখন খেলত ভাৰত ছয় উইকেটত জয়ী হৈছিল। খেলখনত বিৰাট কোহলিৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে টছত পৰাস্ত হৈ ফিল্ডিং কৰিছিল। ভাৰতীয় বলাৰৰ সন্মুখত যুঁজ দিবলৈ গৈ দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ২২৭ ৰাণ সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত ভাৰতে চাৰি উইকেটৰ বিনিময়ত প্ৰয়োজনীয় ৰাণখিনি সংগ্ৰহ কৰিছিল। খেলখনত পেচবলাৰ ভুৱনেশ্বৰ কুমাৰ আৰু যশপ্ৰীত বুমৰাই দুটাকৈ উইকেট লাভ কৰিছিল। আনহাতে ৰোহিত শৰ্মাই ১৪৪ টা বলত ১২২ ৰাণ সংগ্ৰহ কৰিছিল। খেলখনত ১৫ টা বল বাকী থকা অৱস্থাতে বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে জয়ী হৈছিল।

আনহাতে দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াক ৩৬ ৰাণত ভাৰতে পৰাস্ত কৰিছিল। খেলখনত বিৰাট কোহলি টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে ৩৫২ ৰাণৰ এক বৃহৎ স্ক’ৰ কৰি অষ্ট্ৰেলিয়াক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতৰ অ’পেনাৰ শিখৰ ধাৱন আৰু ৰোহিত শৰ্মাই দলক জয়ী হোৱাৰ ভেটি গঢ়ি তুলিছিল। শিখৰ ধাৱনে ১১৭ আৰু ৰোহিতে ৫৭ ৰাণ কৰিছিল। আনহাতে অধিনায়ক বিৰাট কোহলিয়ে ৭৭ টা বলত ৮২ ৰাণ কৰি দলক বৃহৎ স্ক’ৰ কৰাত বৰঙনি আগবঢ়ায়। ইপিনে লক্ষ্য আগত লৈ অষ্ট্ৰেলিয়াই আৰম্ভণিতে কিছু সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। অষ্ট্ৰেলিয়াৰ তিনিজন শীৰ্ষ বেটছমেন ডেভিদ ৱাৰ্নাৰ (৫৬), আৰণ ফিন্স (৩৬) আৰু ষ্টিভ স্মিথে (৬৯) ৰাণ সংগ্ৰহ কৰি দলক ১৬১ ৰাণৰ বৰঙণি আগবঢ়াইছিল। কিন্তু ইয়াৰ পাছতে ভাৰতীয় খেলুৱৈৰ সংঘবদ্ধ প্ৰচেষ্টাৰ বাবে অষ্ট্ৰেলিয়া দলটোৱে ৫০ অ’ভাৰত ৩১৬ ৰাণ কৰিবলৈ সক্ষম হয়।

এইখন খেলত ভাৰতীয় পেচাৰ ভুনৱেশ্বৰ কুমাৰ আৰু যশপ্ৰীট বুমৰাই তিনিটাকৈ উইকেট দখল কৰাৰ লগতে চাহালে দুটা উইকেট লাভ কৰে। বিশ্বকাপ ক্ৰিকেটৰ সৰ্বাধিক উত্তেজনাময় খেল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ যুঁজ। দুই চিৰবৈৰীৰ মাজত এইবাৰ বিশ্বকাপ ক্ৰিকেটত মানচেষ্টাৰত অনুষ্ঠিত হৈছিল লীগ পৰ্যায়ৰ খেলখন। এইখন খেলত ভাৰত ডিএলএছ পদ্ধতিত ৮৯ ৰাণত জয়ী হৈছিল। অ’ল্ড ট্ৰাৰ্ফফ’ৰ্ডত অনুষ্ঠিত খেলখনত টছত জিকি পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ কৰে। খেলত ৰোহিত শৰ্মাই পাকিস্তানী বলাৰক ছেদেলি-ভেদেলি কৰি ১১৩ টা বলত ১৪০ ৰাণ সংগ্ৰহ কৰাৰ উপৰি কে এল ৰাহুলে ৭৮ বলত ৫৭ আৰু অধিনায়ক কোহলিয়ে ৬৫ বলত ৭৭ ৰাণ সংগ্ৰহ কৰি ভাৰতে ৫০ অভাৰত ৩৩৬ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানৰ ফাখাৰ জামানে ৫৭ বলত ৬২, বাবৰ আজামে ৪৮ আৰু ইমাদ ৱাছিমে ৪৬ ৰাণ কৰে। খেলখনত বিজয় শংকৰ, হাৰ্দিক পাণ্ডিয়া আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট লাভ কৰে। বৰ্ষাবিঘ্নিত খেলখনত ডিএলএছ পদ্ধতি প্ৰয়োগ কৰিবলগা হোৱাত ভাৰত ৮৯ ৰাণত জয়ী হয়। ইপিনে আফগানিস্তানক লীগ পৰ্যায়ৰ মেচত ভাৰতে ১১ ৰাণত পৰাস্ত কৰিছিল। ভাৰতৰ শক্তিশালী বেটিং লাইন আপৰ পৰা এক বৃহৎ স্ক’ৰ আশা কৰা হৈছিল।

টছত জয়ী হৈ বিৰাট কোহলিয়ে বেটিং কৰিবলৈ সিদ্ধান্ত কৰি সেই আশা বাস্তৱায়িত কৰিব পৰা নাছিল। আফগানিস্তানৰ বলিং কৌশলে ভাৰতীয় শিবিৰক ৫০ অভাৰত মাত্ৰ ২২৪ ৰাণত আবদ্ধ কৰিবলৈ সক্ষম হৈছিল। য’ত ভাৰতে হেৰুৱাবলগীয়া হৈছিল আঠটাকৈ উইকেট। খেলখনত বিৰাট কোহলিয়ে ৬৭, কেদাৰ যাদৱে ৫২ ৰাণ কৰি দললৈ যিদৰে আৰিহনা যোগাবলৈ সক্ষম হ’ল, তাৰ বিপৰীতে মাত্ৰ এক ৰাণতে ক্ৰিজ এৰিবলগা হৈছিল ৰোহিত শৰ্মাই। খেলখনত আফগানিস্তানৰ বলাৰসকলৰ প্ৰত্যেকেই উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল। এই নিম্ন স্ক’ৰ লক্ষ্য হিচাপে লৈ আফগানিস্তানে বেটিং আৰম্ভ কৰি যুঁজাৰু মানসিকতা প্ৰদৰ্শন কৰাত সফল হৈছিল। আফগানিস্তানে ৪৯.৫ অ’ভাৰত ২১৩ ৰাণ সংগ্ৰহ কৰি পৰাস্ত হৈছিল যদিও ক্ৰিকেটপ্ৰেমীসকলৰ মাজত নিজৰ যুঁজাৰু মানসিকতা প্ৰদৰ্শন কৰিছিল। খেলখনত ভাৰত মাত্ৰ ১১ ৰাণত জয়ী হৈছিল। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত লীগ পৰ্যায়ৰ খেলখন অনুষ্ঠিত হৈছিল মানচেষ্টাৰৰ অ’ল্ড ট্ৰাৰ্ফফ’ৰ্ডত।

এইখন খেলত এসময়ত বিশ্বকাপ চেম্পিয়ন ৱেষ্ট ইণ্ডিজক ভাৰতে ১২৫ ৰাণত পৰাস্ত কৰিছিল। খেলখনত ভাৰত টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে ৫০ অ’ভাৰত সাত উইকেটৰ বিনিময়ত ২৬৮ ৰাণ কৰিছিল। প্ৰত্যুত্তৰত ৩৪.২ অ’ভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰিছিল ১৪৩ ৰাণ। এইখন খেলত মহম্মদ ছামিৰ বিধবংসী বলিঙত তিষ্ঠিব পৰা নাছিল ৱেষ্ট ইণ্ডিজৰ বেটছমেন। ছামিয়ে খেলখনত ৬.২ অ’ভাৰত ১৬ ৰাণৰ বিনিময়ত ৪ টাকৈ উইকেট লাভ কৰিছিল। বিশ্বকাপ ক্ৰিকেটৰ লীগ পৰ্যায়ৰ আন এখন খেল আছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত।

এইখন খেলত টচট জিকি ইংলেণ্ডে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। ভাৰতৰ বলাৰক তচনচ কৰি ইংলেণ্ডৰ অধিনায়ক ইয়ন মাৰ্গানে আৰম্ভণী সুন্দৰ কৰি তুলিছিল। তদুপৰি অপেনাৰ জাছন ৰয় আৰু জনী ব্ৰিটছ’ই ভাৰতীয় বলাৰক প্ৰহাৰ কৰি এক বৃহৎ স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল ইংলেণ্ড। খেলখনত জাছন ৰয়ে ৬৬ আৰু ব্ৰিটছ’ই ১১১ ৰাণ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰিছিল। ইংলেণ্ডে ভাৰতীয় দলক ৩৩৮ ৰাণৰ লক্ষ্য বান্ধি দিছিল। সেইখন খেলত ভাৰতৰ মহম্মদ ছামীয়ে ৬৯ ৰাণৰ বিনিময়ত ৫ টাকৈ উইকেট লাভ কৰিছিল। আনহাতে এটাও ৰাণ সংগ্ৰহ নকৰাকৈ কে এল ৰাহুলে বিদায় লোৱাৰ পাছত ভাৰতৰ আনজন অপেনাৰ ৰোহিত শৰ্মাই ১০৯ টা বলত ১০২ ৰাণ সংগ্ৰহ কৰে।

আনহাতে কোহলিয়ে ৭৬ বলত ৬৬ ৰাণ আৰু ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৩১ বলত ৪২ ৰাণ কৰি দললৈ বৰঙণি যোগায় যদিও নিৰ্ধাৰিত ৫০ অভাৰত ৫ উইকেটৰ বিনিময়ত ৩০৬ ৰাণ কৰি ৩১ ৰাণত পৰাজয় বৰণ কৰে। লীগ পৰ্যায়ত ভাৰত বাংলাদেশৰ বিপক্ষে জয়ী হৈছিল ২৮ ৰাণত। এইবাৰ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানৰ বাবে আছিল সেইখন খেল ছেমিফাইনেল সদৃশ। খেলখনত টচট জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ অ’পেনাৰদ্বয় কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই সকলো ক্ৰিকেটপ্ৰেমীৰে মন জয় কৰি দললৈ এক শক্তিশালী স্থিতি আগবঢ়াইছিল। ৰোহিত শৰ্মাই ৯২ বলত ১০৪ আৰু ৰাহুলে ৯২ বলত ৭৭ ৰাণ সংগ্ৰহ কৰিছিল। খেলখনত ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ৩১৪ ৰাণ সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত বাংলাদেশৰ তাৰকা বেটছমেন ছাকিব অল হাছানে ৬৬ ৰাণ কৰাৰ বিপৰীতে অধিকাংশ বেটছমেন ব্যৰ্থ হৈছিল। অৱশ্যে পাকিস্তানৰ মহম্মদ ছাইফুদ্দিনে ৩৮ বলত ৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

খেলখনত বাংলাদেশে ৪৮ অভাৰত ২৮৬ ৰাণত ইনিংছ সামৰিব লগা হৈছিল। ফলত ভাৰত ২৮ ৰাণত জয়ী হৈছিল। বিশ্বকাপ ক্ৰিকেটত এইবাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰত মুখামুখি হৈছিল শ্ৰীলংকাৰ বিৰুদ্ধে। এইখন খেলত শ্ৰীলংকাই টছট জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ভাৰতত এক প্ৰতিদ্বন্দ্বিতামূলক স্ক’ৰ আগবঢ়াবলৈ সক্ষম হৈছিল।

খেলখনত শ্ৰীলংকাৰ আগশাৰীৰ বেটছমেনসকল ব্যৰ্থ হৈছিল যদিও মিডল অৰ্ডাৰ বেটছমেন এঞ্জেল’ মেথিউজে ১২৮ টা বলত ১১৩ আৰু লাহিৰু থিৰি¸মানে ৫৩ ৰাণ সংগ্ৰহ কৰিছিল। শ্ৰীলংকাই ভাৰতক ২৬৪ ৰাণ লক্ষ্য বান্ধি দিছিল। প্ৰত্যুত্তৰত কে এল ৰাহুলে ১১৮ টা বলত ১১১ আৰু ৰোহিত শৰ্মাই ৯৪ বলত ১০৩ ৰাণ সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰাইছিল। ভাৰতে ৪৩.৩ অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ ৭ উইকেটত জয়লাভ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here