Home অসম বহুদিন পথাৰলৈ নমা নাই

বহুদিন পথাৰলৈ নমা নাই

74
0
Farmers working hard in paddy field at Lahdoigarh in Jorhat

-বিপিন শইকীয়া-

গৰলৈ ঢাপলি মেলাৰ পিছতো বহু বছৰ ধৰি গাঁৱৰ ঘৰখন আৰু পথাৰডৰাৰ সৈতে আত্মিক সম্বন্ধ বিচ্ছিন্ন হ’বলৈ দিয়া নাছিলো। জীৱনৰ প্ৰথমছোৱাত শিক্ষা জগতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ থকাৰ ফলত গৰমৰ বন্ধ লাভ কৰিছিলো আৰু সেই সময়ছোৱাত গাঁৱৰ ঘৰলৈ উভটি গৈ বোকাৰ সৈতে লেটি লৈ লাভ কৰিছিলোঁ এক বিমল আনন্দ। সদ্যজাত শিশুৰ শৰীৰৰ গোন্ধ আৰু খেছ দিয়া বা বোকা দিয়া মাটিৰ পৰা নিগৰিত কেঁচা গোন্ধটো যেন একেটা সুগন্ধৰে প্ৰতিমূৰ্তি।

কিবা অজ্ঞাত মাদকতা, কিবা এক বুজিব নোৱাৰা আনন্দত বোধহয় সেই সময়ত আমিবোৰ মন্ত্ৰমুগ্ধ হৈ আছিলো। মন্ত্ৰমুগ্ধ হৈ পৰিছিলো। ব্ৰহ্মপুৱাতে পথাৰলৈ হাল লৈ যোৱাটো তেতিয়া যন্ত্ৰণা নাছিল, আমনিদায়ক কোনো বাধ্য বাধকতাৰ অধীনো নাছিল সেই পৰিস্থিতি। বৰঞ্চ আনন্দৰ সমাহাৰ পৰিশ্ৰম আৰু দায়বদ্ধতাৰ এক অনুপম অনুশীলন। ৰাতিপুৱা (মানে) ব্ৰহ্মপুৱাতে গোহাঁলিৰ পৰা গৰুহাল মোকলাই, নাঙলটো কান্ধত এলোমাই লোৱাৰ পিছত, এনে এক অনুভৱ হৈছিল যেন মই কৃষি আৰু কৃষ্টিৰ এক শক্তিশালী সৈনিক। মাটিৰ সৈতে, পথাৰৰ সৈতে, পথাৰৰ বোকাৰ সৈতে প্ৰত্যক্ষ আৰু ঘনিষ্ঠ সম্বন্ধ এক পৰম সৌভাগ্যৰ বিষয়।

Farmers working hard in paddy field at Lahdoigarh in Jorhat

পৃথিৱীৰ অতি কম সংখ্যক শিল্পী-সাহিত্যিক অথবা বুদ্ধিজীৱীৰ ভাগ্যতহে এনে সুযোগ হাতবাউল দিয়ে। মই কোনো বুদ্ধিজীৱী নহ’লেও, সাধাৰণ মানুহ অথবা সাধাৰণ নাগৰিক হিচাপে বোকা গছকিবলৈ পোৱাটো মোৰ ডাঙৰ ভাগ্য বুলি অনুভৱ কৰোঁ। সেইবাবেই যোৱাটো শতিকাৰ নৱম দশকতে মই গীত লিখিছিলো এইবুলি– নেলাগে মোক আকাশী সৰগযেন লাগে জোনাকী তৰাযে মোৰ বাবে মাটিয়েই আপোনযে হাঁহি চকুলোৰে ভৰা।

কিন্তু সেই পৰম সৌভাগ্য এদিন চৰম দুৰ্ভাগ্যত পৰিণত হ’ল। শিক্ষকৰ দৰে মহান বৃত্তিৰ বাবে মই অযোগ্য বুলি বিবেচনা কৰি এদিন সেই বৃত্তি পৰিহাৰ কৰি মই পট পৰিৱৰ্তন কৰিলো। এক বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়া হিচাপে যোগদান কৰি মই হেৰুৱাই পেলালো মোৰ মাটিৰ সৈতে সংপিক্ত প্ৰকৃতাৰ্থৰ ‘জীৱন’। জীৱিকাই মোৰ ‘জীৱন’ এনেকৈ গ্ৰাস কৰি পেলালে যে কেৱল মাটি আৰু গাঁৱৰ সৈতেই নহয়, প্ৰকৃত ‘জীৱন’ৰ সৈতেও মোৰ সম্পৰ্ক শিথিল আৰু বিচ্ছিন্ন হ’বলৈ ধৰিলে।

গাঁৱলৈ, গাঁৱৰ পথাৰডৰালৈ, বাৰীখনলৈ, খোজ দিয়া বোকাডৰালৈ ভূমুকি মাৰিবলৈও মোৰ আহৰণ নোহোৱা হৈ আহিল। বছৰেকত এবাৰ দুবাৰ গাঁৱলৈ বা গাঁৱৰ ঘৰলৈ যাওঁ, আজিও গৈ আছোঁ। কিন্তু সেই অহা-যোৱা যেন নগ’লে নহয়, তেনে এক পৰিস্থিতিৰ খাতিৰতহে কৰি আছোঁ অথবা ই যেন এক ফেশ্বন বা অৱডাৰ বিনোদনত পৰিণত হৈছে, তেনে এক দুৰ্ভাৱনাই আজিকালি মনটো ভাৰক্ৰান্ত কৰি ৰাখে।

এতিয়া বৰ্ষাকাল। বৰষুণৰ শব্দ আৰু তালে এতিয়া মন মতলীয়া কৰাৰ সময়। আহাৰৰ মেঘ দেখি কালিদাসৰ দেহ-মন-হৃদয় উথলি উঠিছিল, প্ৰিয়াৰ প্ৰিয় চিত্ৰই উদ্বাউল কৰা কালিদাসে মেঘৰ বুকুতে লিখি পঠাইছিল প্ৰেয়ীলৈ প্ৰেমৰ অনুপম সেই পত্ৰ, যি পত্ৰই এই বয়সতো মোৰ দৰে ব্যক্তিকো কৰি তোলে ৰোমাঞ্চিত। আহাৰ-শাওণৰ জাক জাক বৰষুণ যেন জীৱন-যৌৱনৰ এক অমৃত কুম্ভ, যেন জীৱন লালসা প্ৰদানৰ এক মায়াময় ধাৰা। বৰষুণ, জোনাক আৰু কবিতাৰ প্ৰেমত মতলীয়া হ’ব পৰাসকলৰ বাবে আহাৰ আৰু শাওণ যেন এক অমল উৎসৱ।

Farmers working hard in paddy field at Lahdoigarh in Jorhat

বৰষুণত তিতি জুৰুলি-জুপুৰী হোৱা এক স্বাভাৱিক জীৱন যাত্ৰাৰ মাজত শৈশৱ আৰু কৈশোৰ পাৰ কৰিলোঁ। যৌৱনত বৰষুণত তিতিবলৈ এনে এক আকৰ্ষণ অনুভৱ কৰিলোঁ, যি আকৰ্ষণ কেৱল প্ৰেমৰ বেলিকাহে স্বাভাৱিক আৰু সম্ভৱ। অৱশ্যে ভাল কবিতা, ভাল লগা কবিতায়ো মোক আন বহুতৰ দৰে এক প্ৰেমাস্পদ কৰি তুলিছে।

এতিয়া পূৰ্ণ বৰষা কাল। এতিয়া আহাৰ, কিছুদিন পিছতে সোমাব শাওণ। এতিয়া খেতিৰ বতৰ, ভূঁই ৰোৱাৰ বতৰ। পিঠিত এজাক বৰষুণ লৈ বহু দেৰিলৈকে পথাৰত আলি দিয়াৰ। পথাৰৰ মাজৰ সেই সৰু সৰু আলি, সৰু সৰু আলিৰ মাজে মাজে খোকা, চেঁপা পাতি পুৱাই সেইবোৰ চাই খালৈত ভৰাই ঘৰলৈ পঠিওৱা ইত্যাদি অকেন্দ্ৰ চিত্ৰকল্পনাই এই আহাৰত মন কৰি তুলিছে ভাৰাক্ৰান্ত। হাল ৰখাই পথাৰৰ মাজৰ ডাঙৰ আলি এটাত বহি চেৱা দিয়া বৰা এবাটি, গাখীৰ, কলেৰে অথবা পাভমাছৰ গোটা ভাজিৰে যেন এতিয়াও খামগৈ। জয়খামদাং পথাৰৰ আলতীয়া বোকাত আঁঠুলৈকে পোট গৈও আলি এটাত বহি বৰগোহাঁই দাদাৰ বৌৱে ঢালি দিয়া পকা সাঁজ এবাটি খাই মতলীয়া হৈ পৰিম, এই আহাৰতে।

কিন্তু সেই দিন আৰু নাই। এতিয়া গাঁৱৰ বহুতেই খেতি-খোলা এৰি পেলাইছে। উদং হৈ পৰি আছে গাঁৱৰ বহুতৰে খেতি-মাটি। হালোৱা-ৰোৱণী হাজিৰাত লৈ খেতি কৰাৰ নতুন ফেশ্বন এটাই সাতামপুৰুষীয়া আমাৰ কৃষি ব্যৱস্থা গ্ৰাস কৰি পেলাইছে। বহুতৰ বাৰীখন ধোবাংবাং। কলগছ, হালধি এজোপাও নাই। ঘৰে ঘৰে এগোহাঁলি এগোহালি গৰুও আজিকালি দেখিবলৈ নাই। ইয়াৰ অৰ্থ এইটো নহয় যে থলুৱা অসমীয়াসকলে বেপাৰ-বাণিজ্য কৰি ৰাজকীয় জীৱন-যাপন কৰিছে।

সেইবাবেই খেতি-বাতি এৰি পেলালে। এইটোও নহয় যে সকলোৱে চাকৰি কৰি এক বিলাসী জীৱন পাৰ কৰিছে। অধিকাংশ গঞা থলুৱাৰ জীৱন চলিছে টানি-টুনি। অথচ বাৰী-ঘৰ উদং, কৃষি অথবা আনুসংগিক কৃষিৰ প্ৰতি অকনো আগ্ৰহ নাই। থলুৱাসকলৰ দহ শতাংশই ইয়াৰ বিপৰীতে একোটা দৃষ্টান্ত সৃষ্টি কৰি কৃষিৰ দ্বাৰাই পাৰ কৰিছে এক সচ্ছল জীৱন। কিন্তু বাকী নবৈব শতাংশৰ এই শ্ৰমবিমুখ চৰিত্ৰ আৰু কৃষিৰ প্ৰতি অনীহাই অশমীয়া জাতি নিঃশেষ হোৱাৰ এক অন্যতম কাৰক হৈ উঠিব, উঠিবই এদিন। বিশেষকৈ নৱপ্ৰজন্মৰ ডেকা-গাভৰুসকলৰ কৃষি আৰু গাঁৱৰ প্ৰতি সৃষ্টি হোৱা অনীহা কোনো কাৰণতে ভাল লক্ষণ নহয়।

Assamese farmer with his Buffaloes working in the paddy field at Rongdoi in Jorhat District

এতিয়া আহাৰ। গাঁৱত থকা কিমান ডেকা-গাভৰু এতিয়া পথাৰত· পথাৰ এতিয়া কাব্য আৰু চিনেমাৰ বিষয়, গল্প-উপন্যাসৰ পটভূমি মাত্ৰ। গাঁও এৰি নগৰলৈ ঢাপলি মেলা যি এক বাতাৱৰণ বিংশ শতিকাৰ প্ৰাৰম্ভতে মুকলি হ’ল, ই এতিয়া পূৰ্ণ গতিত বিদ্যমান। চৰকাৰে কিছু বিশেষ পদক্ষেপ নল’লে, গাঁৱৰ কৃষি-অৰ্থনীতি এনেদৰে ভাহি পৰিব যে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত কৃষিৰ ভূমিকা হ’বগৈ শূন্য। সেই পৰিস্থিতিৰ পৰা উভতি অহাটো হ’ব এক অসম্ভৱ কথা।

আহাৰৰ মায়াময় চিত্ৰৰ পৰা এক হতাশজনক সম্ভাৱনাৰ কথাৰে লেখা সামৰিবলগীয়া হোৱাটো কেৱল মোৰ বাবেই নহয় সকলোৰে বাবেই এক ট্ৰেজিক ঘটনা। কিন্তু মন বান্ধিলে আহাৰৰ এই বৰষুণেই আমাক দেখুৱাব পাৰে প্ৰগতিৰ নতুন দিগন্ত। সেয়া খেতি, খেতিৰ প্ৰতি প্ৰেম, মাটিৰ প্ৰতি প্ৰেম। মোক সেই প্ৰেমে এতিয়াও বান্ধি ৰাখিছে। মই পথাৰ আৰু বাৰিষাৰ এক আজন্ম প্ৰেমিক।

ভ্ৰাম্যভাষঃ ৭০০২৪-১৯৪৯৭

LEAVE A REPLY

Please enter your comment!
Please enter your name here