Home অসম অৰুণাচলত ডাৱৰ বিস্ফোৰণঃ মুহূৰ্ততে ঘৰ-বাৰী উটুৱাই নিলে হেজাৰোধিক বাসিন্দাৰ

অৰুণাচলত ডাৱৰ বিস্ফোৰণঃ মুহূৰ্ততে ঘৰ-বাৰী উটুৱাই নিলে হেজাৰোধিক বাসিন্দাৰ

79
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ডাৱৰ বিস্ফোৰণৰ ফলত নামি অহা ধাৰাসাৰ বৰষুণ আৰু পানীৰ ঢলৰ বাবে অৰুণাচলৰ ৱেষ্ট কামেং জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে বিয়লি বমডিলা অঞ্চলৰ আকাশত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে অঞ্চলটোৰ নাগ মন্দিৰ আৰু কাস্পী সংযোগী আৰ চি চি দলং এখন পানীৰ সোঁতত উটি যায়।

সমান্তৰালভাৱে পাহাৰীয়া অঞ্চলটোত বসৱাস কৰা বহু বাসগৃহ, বাসিন্দা, পোহনীয়া জীৱ-জন্তু আদিও পানীয়ে উটুৱাই লৈ যায়। বালিপাৰা আৰু টাৱাং সংযোগী পথৰ কাষতে অৱস্থিত ৱেষ্ট কামেং জিলাখন অসমৰ ছয়দুৱাৰ অঞ্চলৰ সমীপৱৰ্তী। কিন্তু সোমবাৰে বিয়লি সৃষ্টি হোৱা ডাৱৰ বিস্ফোৰণৰ কেইঘণ্টামানৰ পিছতে ধাৰাসাৰ বৰষুণ আৰু পাহাৰৰ পৰা পানীৰ ঢল নামি আহে।

অঞ্চলটোত অৱস্থিত এটা ছাত্ৰাৱাস, কেইবাখনো পাহাৰীয়া ৰেষ্টুৰেণ্ট, দুচকীয়া-চাৰিচকীয়া যান-বাহন আদি পানীৰ ঢলত উটি যায়। বৰ্তমানলৈকে বহুসংখ্যক লোকৰ অৱস্থান এতিয়াও জানিব পৰা হোৱা নাই। ফলস্বৰূপে এহেজাৰতৈ অধিক লোকৰ ব্যাপক ক্ষতি হোৱাৰ অনুমান কৰিছে স্থানীয় প্ৰশাসনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here