Home অসম আন্তঃৰাষ্টীয় প্ৰতিযোগিতাত যোগদান কৰিবলৈ ধন নাই কুংফুত স্বৰ্ণ পদক বিজয়ী হাজেৰা খাতুনৰঃ...

আন্তঃৰাষ্টীয় প্ৰতিযোগিতাত যোগদান কৰিবলৈ ধন নাই কুংফুত স্বৰ্ণ পদক বিজয়ী হাজেৰা খাতুনৰঃ আৰ্থিক সহায়ৰ আহ্বান

58
0

কুংফু চেম্পিয়নশ্বিপ নেপাল ২০১৯-ত যোগদানৰ বাবে আমন্ত্ৰণ লাভ হাজেৰা খাতুনৰ, আমছুৱে দায়িত্ব লৈ গা এৰা দিয়াৰ অভিযোগ

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, (আবুল হাছেম) খাৰুপেটিয়াঃ দৰঙৰ দলগাঁৱৰ এখন ভিতৰুৱা গাঁৱৰ বৰকুৰৰ এগৰাকী কিশোৰীয়ে ৰাজ্যিক পৰ্যায়ত কুংফু প্ৰতিযোগীতাত স্বৰ্ণ পদক আজুৰি অনাৰ পাছত কিশোৰী গৰাকীয়ে নেপালত অনুষ্ঠিত এক আন্তঃৰাষ্টীয় প্ৰতিযোগীতাত যোগদানৰ বাবে বাছনি হৈছে যদিও ধনৰ অভাৱত আন্তঃৰাষ্টীয় খেলত যোগদানৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে কিশোৰীগৰাকীয়ে৷

প্ৰাপ্ত তথ্য মতে দলগাঁও কস্তুৰিবা গান্ধী বালিকা বিদ্যালয়ত অষ্টম শ্ৰেণীৰ ছাত্ৰী হাজেৰা খাতুন বিদ্যালয়তে আলি ৰহমানৰ তত্বাৱধানত শিকিছিল কুংফু ৷ বিদ্যালয়খনৰ সহযোগিতাত যোৱা ১৯ মে’ তাৰিখে গুৱাহাটী ভুগেশ্বৰী ফুকননি ইন্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত নৱম সদৌ অসম ‘জিতকোনে ডো চেম্পিয়নশ্বিপ-১৯’ ত অতি সাহসেৰে খেলি স্বৰ্ণ পদক আজুঁৰি আনিবলৈ সক্ষম হোৱা হাজেৰা খাতুন অহা ২১, ২২, আৰু ২৩ জুলাইত নেপালৰ কাঠমান্ডোত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ নেপাল-১৯ ত যোগদানৰ বাবে বাছনি হৈছে ৷

উক্ত খেলত অংশ গ্ৰহণৰ বাবে যাবতীয় খৰচ নিজে বহন কৰিব লাগে যদিও হাজেৰাৰ পৰিয়াল একেবাৰে দৰিদ্ৰ হোৱাৰ বাবে উক্ত খৰচ বহন কৰিব নোৱাৰাত হাজেৰাৰ আকাশ চুৱৰ মন থাকিলেও সেই সপোন ধনৰ অভাৱত কলিতে সৰি যোৱাৰ উপক্ৰম হৈছে ৷ হাজেৰাৰ পৰিয়ালে সকলো জনপ্ৰতিনিধিৰ ওচৰত গৈছিল যদিও কোনেও সহাৰি নিদিলে ৷

আমছু এগৰাকী নেতাই সকলো খৰচ বহনৰ দায়িত্ব লৈ পিছলৈ গা এৰা দিয়াত পৰিয়ালটি এতিয়া বিমোৰত পৰা বুলি এক অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিৰ দলগাঁও সমষ্টিৰ তত্বাৱধায় শ্বাহজামাল হকে সম্পূৰ্ণ খৰচৰ ৫০ শতাংশ বহন কৰাৰ দায়িত্বৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰাত কিশোৰী গৰাকী কিছু সকাহ পাইছে যদিও বাকী খৰচ খিনিৰ বাবে ৰাইজৰ সহায় বিচাৰে৷

যি সময়ত চৰকাৰে সবকা সাথ সবকা বিকাশৰ বিশ্বাস নীতি অৱলম্বন কৰি দেশৰ ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই নিব বিচাৰিছে, তেনে সময়ত এগৰাকী স্বৰ্ণ পদক বিজয়ী কিশোৰীক সকলো ধৰণৰ সা-সুবিধা চৰকাৰে প্ৰদান কৰাৰ দাবী কৰে সচেতন মহলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here