Home অসম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৮০ শতাংশ এলেকা জলমগ্নঃ নিতৌ নিত্য-নতুন স্থানলৈ প্ৰসাৰিত...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৮০ শতাংশ এলেকা জলমগ্নঃ নিতৌ নিত্য-নতুন স্থানলৈ প্ৰসাৰিত বান

34
0

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৮০ শতাংশ এলেকা জলমগ্নঃ বুঢ়াপাহাৰ সংমণ্ডলৰ উচ্চ স্থানৰ বন শিবিৰৰ বাহিৰে আন সকলোবোৰ বন শিবিৰ পানীৰ কৱলতঃ ভৰ বাৰিষাৰ বানৰ বাবে সষ্টম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষঃ বান পৰিস্থিতি পৰ্যালোচনাঃ বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে সষ্টম হৈ থকাৰ নিৰ্দেশ উপায়ুক্তক

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে জিলাসমূহৰ উপায়ুক্তসকলৰ লগতে জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ৰাজ্যতা শেহতীয়া বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ উপৰি বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত উপায়ুক্তসকলক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এই সংক্ৰান্তত পৰ্যালোচনা কৰাৰ সময়ত কয় যে বান প্ৰভাৱিত লোকসকলে উপযুক্ত সেৱা আৰু সঁহাৰি লাভ কৰাটো নিশ্চিত কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জনসাধাৰণক অহৰ্নিশে সেৱা আগবঢ়োৱাৰ দিশত সহায়ক হোৱাকৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত এলেকা সমূহত স্থাপন কৰা সাহায্য শিৱিৰ, সাহায্য সামগ্ৰী বিতৰণৰ বিষয়েও বুজ লোৱাৰ উপৰি বানাক্ৰান্ত জিলাকেইখনৰ পশুধনৰ সুৰক্ষাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সম্পৰ্কতো বুজ লয়। মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত জনসাধাৰণে যাতে উপযুক্ত চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰিব পৰা যায় সেই সম্পৰ্কতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক সংশ্লিষ্ট জিলাসমূহত চিকিৎসকৰ অভাৱ থাকিলে স্বাস্থ্য সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰি এই দিশত ক্ষীপ্ৰ ব্যৱস্থা লোৱাৰ বাবেও জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চলসমূহৰ পশুধনৰ সঠিক চিকিৎসা সেৱা আগবঢ়োৱাৰ দিশত দৃঢ় পদক্ষেপ লোৱাৰ বাবেও নিৰ্দেশ দিয়ে আৰু পশুধনসমূহৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা ল’বলৈও জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াৰ দৰে ৰোগৰ প্ৰাদূৰ্ভাৱৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে সাহায্য শিৱিৰ সমূহত থকা কোনো বানাক্ৰান্তৰ জ্বৰ ইত্যাদিৰ লেখীয়া বেমাৰ হ’লে তেওঁলোকৰ তেজৰ নমুনা সাহায্য শিৱিৰৰ পৰাই সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা ল’বলৈও স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।

উদ্ধাৰ অভিযানৰ দিশত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে ল’ব পৰা ক্ষীপ্ৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ জোৱানসকল বৰ্তমানে বাহৰ পাতি থকা সংশ্লিষ্ট জিলাসমূহৰ জিলা প্ৰশাসনৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিবলৈও নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সা-সম্পত্তি সুৰক্ষাৰ নিশ্চিতিকল্পে বানাক্ৰান্ত অঞ্চলসমূহত আৰক্ষী বাহিনীৰ নিয়মীয়া তহলৰ ব্যৱস্থা লোৱাৰ বাবেও আৰক্ষী কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

বানপানীৰ সময়ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে যাতে কোনো ধৰণৰ বিদ্যুৎস্পৃষ্ট ঘটনা সংঘটিত নহয় সেই দিশত উপযুক্ত পদক্ষেপ লোৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। বানপানীৰ ফলত যদিহে কোনো লোকৰ মৃত্যু হয় তেতিয়াহ’লে নিহত হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ তাৎক্ষণিকভাৱে এককালীন সাহায্যৰ ধনৰাশি মোকলাই দিয়াৰ ব্যৱস্থা ল’বলৈও জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া পৰিস্থিতিৰো বুজ লোৱাৰ উপৰি কামৰূপ মহানগৰ জিলাৰ ভূমিস্খলন ৰোধ দিশত গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কেও বুজ লয়।

পূৰ্বতে গুৱাহাটী মহানগৰীৰত ভূমিস্খলনৰ দুৰ্ঘটনাই কিছু সংখ্যক লোকৰ প্ৰাণহানিৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিটত মুখ্যমন্ত্ৰীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক মহানগৰীৰ সকলোবোৰ ভূমিস্খলন প্ৰৱণ এলেকা চিনাক্তকৰণ কৰি স্থানীয় জনসাধাৰণক এনে ঠাই খালী কৰাৰ দিশত উপযুক্ত সজাগতাৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্তক ভূমিস্খলন প্ৰৱণ এলেকাৰ স্থানীয় জনসাধাৰণৰ সৈতে এই সম্পৰ্কত উপযুক্ত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে সকলো পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীকে বানাক্ৰান্ত জনসাধাৰণলৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ দিশত ঐক্যবদ্ধ প্ৰচেষ্টাত অৱতীৰ্ণ হোৱাৰ বাবেও নিৰ্দেশ দিয়ে।

এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে জিলা সমূহৰ সকলো বিষয়া-কৰ্মচাৰীয়ে এই দিশত সম্পূৰ্ণ ঐকান্তিকতাৰে ‘টীম অসম’ৰ মানসিকতাৰে কাম কৰিব লাগিব। ভিডিঅ’ কনফাৰেন্সযোগে বান পৰিস্থিতিৰ পৰ্যালোচনাৰ সময়ত মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here