Home অসম বৰষুণৰ বাবে ক্ষŽতিগ্ৰস্ত ৰে’ল সেৱাঃ বাতিল হ’ল ৪ খনৰ যাত্ৰা

বৰষুণৰ বাবে ক্ষŽতিগ্ৰস্ত ৰে’ল সেৱাঃ বাতিল হ’ল ৪ খনৰ যাত্ৰা

43
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ-পূব ৰে’লৱে কৰ্তৃপক্ষই চাৰিখন ৰে’লৰ যাত্ৰা সাল-সলনি কৰিছে। উত্তৰ-পূব ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া প্ৰণৱজ্যোতি শৰ্মাই অৱগত কৰা মতে, বৰাক ভেলী আৰু ত্ৰিপুৰাৰ মাজৰ ৰে’ল যোগাযোগ সাময়িকভাৱে বাতিল কৰিব লগা হৈছে।

তেওঁ অৱগত কৰা মতে জাতিংগা-নিউসাৰাংগাজাউ ষ্টেচনৰ ক্ষতিগ্ৰস্ত হৈছে অতিপাত বৰষুণৰ বাবে। শুকুৰবাৰে পুৱা ৯.৩০ বজাত শিয়ালদহ-আগৰতলা এ’প্ৰেছ ট্ৰেইনখন আহি পোৱাৰ পিছত উক্ত ষ্টেচনৰ বিষয়টো দৃষ্টিগোচৰ হয়। ফলত লামডিঙৰ পৰা আগৰতলালৈ যাবলগা যাত্ৰা বাতিল কৰা হৈছে।

একেদৰে শিলচৰ-শিয়ালদহ এ’প্ৰেছ ৰে’লখনৰ যাত্ৰাও বাতিল কৰা হৈছে। ইফালে গুৱাহাটী-শিলচৰ পেছেঞ্জাৰ ট্ৰেইনখন নিউ হাফলং আৰু শিলচৰৰ মাজৰ যাত্ৰা সাল-সলনি ঘটোৱা হৈছে। এনেকৈয়ে বেয়া বতৰৰ বাবে ৰে’লপথত মাটি খহি পৰা তথা ৰে’লৰ পথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবেই সাময়িকভাৱে চাৰিখনকৈ ৰে’লৰ সেৱা সাল-সলনি তথা বাতিল কৰা বুলি কোৱা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here