Home মুখ্য পৃষ্ঠা বিশ্বনাথত দুৰ্ঘটনা

বিশ্বনাথত দুৰ্ঘটনা

123
0

বিশ্বনাথত দুৰ্ঘটনা :- নিহত -২,আহত -১; পুখুৰিত পৰি পৰি মৃত্যু -১

দৈনন্দিন বাৰ্তাLIVE@(সীমান্তৰ দাস)বিশেষ সেৱা,বিশ্বনাথ চাৰিআলি; ২১ নৱেম্বৰ; বিশ্বনাথ চাৰিআলিত সংঘটিত হোৱা দুৰ্ঘটনাত দুজন নিহত হোৱাৰ লগতে এজন গুৰতৰভাবে আহত হৈছে । জানিব পৰা মতে, বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলিৰ বৰ অসম ধাবাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা এখন অচিনাক্ত চাফাৰি গাড়ীয়ে একে দিশৰে বিশ্বনাথ চাৰিআলি দিশলৈ আহি থকা অৱস্হাত দুই বাইক আৰোহীক পিছ ফালৰ পৰা খুন্দা মাৰে ৷ দুৰ্ঘটনা সংঘটিত কৰি অৰুণাচলী চাফাৰিৰ চালকে আন্ধাৰৰ সুযোগত পলায়ন কৰে । দুৰ্ঘটনাটোত গুৰতৰভাবে আহত সাধাৰুপাৰৰ ৰিতুল বৰা (৩০) আৰু খৰাশিমলুৰ ৰূপম কোছ (৩২)ক স্হানীয় ৰাইজে বিশ্বনাথ চাৰিআলিৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিওঁ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পথায় । পৰিয়ালৰ লোকে গুৱাহাটীলৈ নিয়াৰ আদবাটতে কলিয়বৰত ৰিতুল বৰাৰ কৰুন মৃত্যু হয় ৷ আনহাতে গুৰুতৰভাবে আহত ৰূপম বিপদ মুক্ত বুলি জানিব পৰা গৈছে ৷ আনহাতে, বিশ্বনাথ চাৰিআলিৰ মিজিকাৰ পৰা বালি কঢ়িওৱা এখন ট্ৰাকৰ নম্বৰ এন এল-০২ কিউ ২২৩২ ৰ পৰা পৰি শ্ৰমিক মাৰিউছ ওৰাং (২৮) গুৰুতৰভাবে আহত হয় । আহত মাৰিউছ ওৰাংক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰে যদিও মৃত্যু মুখত পৰে । ইফালে,বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ বালিচাং আৰক্ষী চকীৰ অন্তৰ্গত মিজিকাৰ ৰাম প্ৰসাদ ঘাটোৱাল (৩০) নামৰ লোকজন দিৰ্ঘদিনৰ পৰা ধুলিৰ খেৰবাৰীত পত্নীৰ গৃহত আছিল । যোৱা কালি বিয়লি হাহঁ খাবৰ বাবে পুখুৰিত হাহঁ খেদ থকা অৱস্থাত অকস্মাত পিছলি দ পুখুৰীৰ পানীত পৰি মৃত্যুক সাবটি লয় ৷ বিশ্বনাথ চাৰিআলিৰ আৰক্ষীয়ে তিনিটা ঘটনাত নিহত তিনিওজনৰে মৃত দেহ বিহালীত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here