Home অসম ইণ্ডো-ভূটান আন্তঃৰাষ্ট্ৰীয় ২০১৯ সমৰকলা প্ৰতিযোগিতাত কাৰ্বি আংলংৰ সাফল্য

ইণ্ডো-ভূটান আন্তঃৰাষ্ট্ৰীয় ২০১৯ সমৰকলা প্ৰতিযোগিতাত কাৰ্বি আংলংৰ সাফল্য

55
0

দৈনন্দিন বাৰ্তা , ডিজিটেল সেৱাঃ ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ফুৱেন্টছলিঙৰ অলিম্পিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইণ্ডো ভূটান আন্তৰাষ্ট্ৰীয় সমৰ কলা প্ৰতিযোগিতাত ভাৰতৰ হৈ চিফু ৰাজকুমাৰ বসুমতাৰীৰ নেতৃত্বত কাৰ্বিআংলং জিলাৰ পৰা যোগদান কৰা দল টিয়ে কেইবাটাও কেটেগৰীত পুৰুষ আৰু মহিলা শাখাত সোণৰ পদক অৰ্জনেৰে ভাৰতৰ লগতে কাৰ্বিআংলং জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

এই খৈলুৱৈ দলটিয়ে বিভিন্ন কেটেগৰীত পুৰুষৰ শাখাত ক্ৰমে অনুৰাগ বৰুৱা ২১ কেজি , অজিৎ উপাধ্যায় ২৬ কেজি৷ আনহাতে মহিলাৰ শাখাত জাৰনিলিম কলিতা ২৬ কেজি, হাচিনা বেগম ছয়চল্লিশ কেজি, ৰঞ্জনা ৰাজাক ৫৬ কেজি আৰু দৰ্থনা ভট্টাচাৰ্য ৬৬ কেজি ৷ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা খেলুৱৈ দলটি কাৰ্বিআংলং জিলাৰে গৌৰৱ নহয় আমাৰ দেশৰ গৌৰৱ ৷ এনে প্ৰতিভাধৰ খৈলুৱৈসকলক ভৱিষ্যতে আৰু আগবাঢ়ি যোৱাৰ কামনাৰে শুভেচ্ছা জনোৱাৰ লগতে সকলো দল সগঠনকে ধৰি ৰাইজে আহ্বান জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here