Home অসম বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ দ্বৈত লাইন নিৰ্মাণৰ সিদ্ধান্ত ৰে’ল মন্ত্ৰালয়ৰ

বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ দ্বৈত লাইন নিৰ্মাণৰ সিদ্ধান্ত ৰে’ল মন্ত্ৰালয়ৰ

52
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ২০৮২.৫১ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ-পূব সীমান্ত ৰে’লৱেয়ে বঙাইগাঁৱৰ পৰা আগিয়াথুৰী হৈ ৰঙিয়ালৈ ১৪২.৯৭ কিলোমিটাৰৰ দ্বৈত ৰে’ল লাইন স্থাপন কৰিবলৈ ৰে’ল মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২২-২৩ চনত এই প্ৰকল্পটো সম্পূৰ্ণ হ’ব। আনহাতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত এই নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হ’ব।

উল্লেখ্য যে ২০১৫-১৬ চনত ৰঙিয়া-মুৰ্কংচেলেক ব্ৰডগজ লাইন সম্পূৰ্ণ হোৱাৰ পাছত ইয়াত যাত্ৰীৰ ভিৰ হৈছে। ইপিনে বগীবিল ব্ৰডগজ নতুন লাইন শেহতীয়াকৈ অনুমোদন হৈছে। নতুন বঙাইগাঁও-আগিয়াথুৰী হৈ ৰঙিয়ালৈ দ্বৈত লাইনৰ উন্নয়ন গুৰুত্বপূৰ্ণ হৈ পৰিছে।

এই প্ৰস্তাৱিত প্ৰকল্পই উত্তৰ পূবৰ যাত্ৰীৰ ভিৰ সমাধানত সহায় কৰিব। এই প্ৰস্তাৱিত দ্বৈত লাইনে বঙাইগাঁও, বাক্সা, বৰপেটা নলবাৰী আৰু কামৰূপ জিলাক সাঙুৰি ল’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here