Home অসম চিচিবৰগাঁও জিলা পৰিষদত অগপৰ প্ৰচাৰত ত্ৰস্তমান বিজেপি-কংগ্ৰেছ

চিচিবৰগাঁও জিলা পৰিষদত অগপৰ প্ৰচাৰত ত্ৰস্তমান বিজেপি-কংগ্ৰেছ

30
0

DB Live  ধেমাজি, ৪ ডিচেম্বৰঃ গাঁৱে গাঁৱে ৰাজনৈতিক ধুমুহা আৰু কোলাহল সৃষ্টি কৰি অসমৰ মুঠ ১৬ খন জিলাত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰে। আন জিলাসমূহৰ দৰে ধেমাজি জিলাতো নিজ নিজ দলীয় শক্তি প্ৰদৰ্শনৰ অৰ্থে শাসকীয় বিজেপিক বিৰোধী কংগ্ৰেছ তথা মিত্ৰজোঁট অসম গণ পৰিষদে সমাৱেশ, বাইক ৰেলীৰে চমক সৃষ্টি কৰাৰ প্ৰয়াস চলায়। বাদ পৰি নৰ’ল ৪ নং চিচিবৰগাঁও জিলা ঠগ খাই বিবেকবান হৈছে পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ।

য’ত ইতিমধ্যে মূল বিৰোধী বিজেপি আৰু কংগ্ৰেছক পিছ পেলাই স্বকীয় মহিমা তথা ভদ্ৰতাৰে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অৱসৰপ্ৰাপ্ত শিক্ষক ৪ নং চিচিবৰগাঁও জিলা পৰিষদৰ অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী লোকেশ্বৰ চুতীয়াই। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ কূটিল ৰাজনীতি আৰু জোনাই সমষ্টিৰ বিধায়ক  ভূৱন পেগুৰ ভিতৰি চিপৰাং মৰা কাৰ্যক বিবেকবান ভোটাৰে ইতিমধ্যে পোহৰলৈ আনিছে। কলুষিত ৰাজনীতিৰে গাঁৱৰ সহজ-সৰল মানুহক আভুৱা ভৰাৰ লগতে জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰা প্ৰদান-ভূৱনে নিজ নিজ জাতিকো লাঙে-পাতে ঠগিবলৈ এৰা নাই।

একমাত্ৰ নিজৰ গাদী সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত দল, জাতি সকলো জলাঞ্জলি দি নিকৃষ্ট ৰাজনীতিৰ পৰিচয় দি আহিছে। ফলশ্ৰুতিত সম্প্ৰতি ছ’চিয়েল মিডিয়াই ব্যাপক সচেনতা সৃষ্টি কৰাৰ লগতে ঠগ খাই খাই অধিক সচেতন হৈ পৰা গাঁৱৰ বোৱনী-ৰোৱনী, কৃষক বনুৱা সকলোৱে এইবাৰ পৰিৱৰ্তন বিচাৰিছে পঞ্চায়তে পঞ্চায়তে। যাৰ ফলত প্ৰাৰ্থী কোন দলৰ তাতকৈ অধিক প্ৰাৰ্থীসকলৰ গুণ, সমাজলৈ অৱদান, বিশ্বাসযোগ্যতা ইত্যাদি বিষয়ক অধিক গুৰুত্ব দিছে। যাৰ ফলত ৪ নং চিচিবৰগাঁও জিলা পৰিষদৰ এজিপিৰ প্ৰাৰ্থী একালৰ শিক্ষাগুৰু লোকেশ্বৰ চুতীয়াৰ সপক্ষে পৰিষদৰ অন্তৰ্গত ৬ খন গাঁও পঞ্চায়তৰ আটাইবোৰ বিবেকবান ভোটাৰে ওলাই আহিছে।

ফলশ্ৰুতিত পৰিষদৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী বাবুল চুতীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰশান্ত চেতীয়া ত্ৰাহি মধুসূদন সোঁৱৰিছে। পৰ্যায় এনে পাইছেগৈ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত প্ৰদান-ভূৱনৰ আশীষধন্য  তথা বিজেপি প্ৰাৰ্থী বাবুলক ধনে-জনে সহায় কৰি অহা ঠিকাদাৰ-ব্যৱসায়ীও লগ এৰিছে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰশান্ত চেতীয়াই কংগ্ৰেছত যোগ দিয়াৰ পূৰ্বে জাতীয় সংগঠকৰূপে জিলাখনত বহু কু-কীৰ্তি ৰচনা কৰি থৈছে।

এতিয়া ভোট ভিক্ষা কৰিবলৈ যাওঁতে তেওঁ পাবলৈ ধৰিছে পূৰ্বৰ দম্ভালি তথা গুণ্ডামিৰ প্ৰতিফল। তেনে প্ৰেক্ষাপটত অঞ্চলটোৰ জনপ্ৰিয় শিক্ষক লোকেশ্বৰ চুতীয়াই দল-সংগঠন নিৰ্বিশেষে সকলো শ্ৰেণী লোকৰ পৰা আদৰ আৰু পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here