Home সম্পাদকীয় পঞ্চায়ত নিৰ্বাচনত কোনটো দলৰ দ্বাৰা পুনৰ প্ৰতাৰিত হ’ব

পঞ্চায়ত নিৰ্বাচনত কোনটো দলৰ দ্বাৰা পুনৰ প্ৰতাৰিত হ’ব

20
0

অৰুণ বৰুৱা

পঞ্চায়ত হৈছে গণতন্ত্ৰৰ  ভেটি স্বৰূপ। পঞ্চায়ত বা স্বায়ত্ত শাসন নোহোৱাকৈ গণতন্ত্ৰ কেতিয়াও শক্তিশালী হ’ব নোৱাৰে। বৰ্তমান অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন  সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে। পঞ্চায়ত নিৰ্বাচন কাষ চপাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত প্ৰকাশ্যে ৰণশিঙা  বাজিছে। চাৰিওফালে যেন ৰাজনৈতিক শীতল যুদ্ধৰ আখৰা চলিছে। ঘনে ঘনে দলীয় গোপন বৈঠকত হিচাপ-নিকাচ চলিছে নিৰ্বাচনী অংকৰ। প্ৰত্যেক দলেই প্ৰস্তুত কৰিছে নিজা নিজা ৰণকৌশল। নিৰ্বাচনী ইস্তাহাৰ আৰু সভা-সমিতিসমূহত প্ৰতিশ্ৰুতিৰ ঢল নামিছে। জনসাধাৰণৰ সন্মুখত আগবঢ়োৱা হৈছে  নতুন নতুন আশ্বাস আৰু বিশ্বাসৰ সপোন। ৰাইজক আশ্বস্ত কৰিবৰ বাবে প্ৰচাৰ অভিযানৰ মাজেৰে  এটাই আনটো দলৰ দুৰ্বলতা আৰু অসমৰ্থতাক জনসাধাৰণৰ আগত উদঙাই দি নিজক যোগ্য বুলি পতিয়ন নিওৱাৰ যুঁজত দিন-ৰাতি একাকাৰ কৰিছে।

সাম্প্ৰতিক অসমৰ নিৰ্বাচনী বতাহজাক কোন দিশে বৈছেহ্ল আজিও ভাৰতীয় গণতন্ত্ৰৰ লক্ষ্য আৰু আদৰ্শক সম্পূৰ্ণৰূপে নস্যাৎ কৰি ৰাজনৈতিক ঢৌ বা বতাহত চলে দেশৰ নিৰ্বাচন। এটা সময় আছিল যেতিয়া ভোটাৰে প্ৰাৰ্থীৰ যোগ্যতা আৰু ৰাজনৈতিক দলসমূহৰ নীতি আদৰ্শক সন্মান জনাই ভোটদান কৰিছিলে। তেনে ব্যৱস্থাত সিংহভাগ নহ’লেও অৰ্ধেক যোগ্য প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। কিন্তু সময়ৰ লগে লগে ভাৰতীয় গণতন্ত্ৰৰ নিৰ্বাচনী ব্যৱস্থাইও ৰং-ৰূপ সলালে। এতিয়া নিৰ্বাচনত জয় পৰাজয় ঢৌৰ ওপৰতহে নিৰ্ভৰ কৰা হৈছে। কংগ্ৰেছৰ পোন্ধৰবছৰীয়া শাসন কালত তৃণমূল পৰ্যায়ৰ নেতা-পালি নেতাৰ দুৰ্নীতি আকাশলংঘা হৈ পৰাত ৰাইজে বিকল্প বিচাৰিছিলে আৰু ৰাইজক বিকল্পৰ সন্ধান দিছিলে মোদীজিৰ উত্তেজনাপূৰ্ণ ভাষণে। ফলস্বৰূপে নিৰ্বাচনত মোদীৰ মেদিজ চলিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভোটাৰে পৰিৱৰ্তনৰ সপক্ষে ভোটদান কৰিলে। পৰিৱৰ্তন আহিল, কেন্দ্ৰত তিনিটা বছৰ আৰু অসমত এটা বছৰ সম্পূৰ্ণ নৌহোৱাৰ পৰাই পৰিৱৰ্তনে মানুহক আমুৱালে। বিশেষকৈ অসমত পদূমফুল ভালকৈ ফুলিবলৈকে নাপালে জনতাৰ তীব্ৰ সমৰ্থনৰ পৰিনতিৰে ক্ষমতা লাভ কৰি সৰ্বাধিক সীমিত সময়ত জনতাৰ আস্থা হেৰুৱা চৰকাৰ হিচাপে শেহতীয়াকৈ পৰিচিত হৈ উঠিছে বিজেপি চৰকাৰ খন। এটাৰ পাছত আনটোকৈ জনবিৰোধী সিদ্ধান্ত লৈ চৰকাৰখনে প্ৰতিপন্ন কৰি দিলে যে অসম আৰু অসমীয়া জাতীয় অস্তিত্বৰ প্ৰতি চৰকাৰখন শূন্য শতাংশও দায়বদ্ধ নহয়। এই কথা আজিৰ অসমৰ  প্ৰতিজন বিবেকবান ব্যক্তিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে।
বিগত বিধানসভা নিৰ্বাচনত  মোদীৰ মেজিকৰ ভৰসাতে নৰৈ বিজেপিয়ে আঞ্চলিক দল অগপ আৰু বিপিএফৰ মিত্ৰজোতেৰে নিৰ্বাচনৰ মহাৰণ জিকিছিলে। ৰাজনৈতিক আৰু কূটনৈতিক কাৰণত অগপ, বিপিএফ দুয়ো দলে পঞ্চায়ত নিৰ্বাচনত সুকীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। পৰিৱৰ্তমকামী জনতাৰ সিংহভাগৰে চৰকাৰৰ প্ৰতি মোহভংগ হৈ অন্য দিশে চিন্তা আৰম্ভ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ জাতীয় সংগঠনসমূহ খড়গহস্ত হৈ আছে চৰকাৰৰ বিৰুদ্ধে। প্ৰতিবাদেৰে উত্তাল হৈ আছে অসমৰ আকাশ বতাহ। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে কাৰ সমৰ্থনত পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰিব। এই সময়ত সকলোতকৈ ডাঙৰ প্ৰশ্ন এইটোৱে যদিও এটা পৰিস্কাৰ উত্তৰ কাৰো হাততে নাই। কংগ্ৰেছৰ অধিকসংখ্যক নেতা পালি নেতাৰ ভ্ৰষ্টাচাৰ ৰাইজে পাহৰিব পৰাই নাই। অৱশ্যে বিগত চৰকাৰৰ দিনত উন্নয়নমূলক কামৰ তালিকা দীঘলীয়া। অন্যহাতে বিজেপিৰ সৈতে মিত্ৰতা কৰি¸ কিছুমান গুৰুত্বপূৰ্ণ সময়ত অসমৰ জাতীয়তাবাদাৰ পক্ষত তেনেই দুৰ্বল স্থিতি লৈ অগপই অসমৰ জনগণক নিৰাশ কৰিছে। এই খিনিতেই প্ৰশ্ন আহে যিহেতু এতিয়ালৈকে বিজেপিৰ লগত অগপৰ মিত্ৰতা অটুত আছে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে অগপক যদিও ৰাইজে সুযোগ দিয়ে তথাপি বিজেপিৰ বিৰুদ্ধে গৈ অগপই সুকীয়া স্থিতি তৈয়াৰ কৰিব পাৰিবনে· যদি  পঞ্চায়ত নিৰ্বাচনত  সফলতা লভি অগপই বিজেপিৰ আঙুলিতে উঠা বহা কৰি থাকে তেন্তে  বিজেপি বিৰুদ্ধে অগপক সমৰ্থন কৰি ৰাইজৰ কি লাভ হ’ব?

চৰকাৰখনৰ জাতি বিৰোধি সিদ্ধান্তসমূহ নাগৰিকমত্ব সংশোধনী বিধেয়কেই হওক, হিন্দুবাংলাীদেশী সমস্যাই হওক প্ৰতিটো অসম বিৰোধি সিদ্ধান্ততে বিবেকবান মানুহখিনিয়ে প্ৰতিবাদ কৰিছে অথবা চৰকাৰৰ বিৰুদ্ধে থিয় দিছে। কিন্তু প্ৰশ্ন হয় সেই বিবেকবান মানুুহৰ সংখ্যা কিমান·অসমৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মানুহ সেইখিনি যাৰ ৰাজনৈতিক জ্ঞান একেবাৰে শূন্য। যিসকলে না দেশ-জাতিৰ কথা বুজি পায়  না দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰি উদ্বিগ্ন হয়। তেওঁলোকৰ জীৱন বৃত্ত সম্পূৰ্ণ পৰিয়ালকেন্দ্ৰিক। দৰিদ্ৰ সীমাৰেখাৰ আশে-পাশে বাস কৰা অসমৰ সিংহভাগ  ভোটাৰে কেৱল চিনি পায় সুলভ মূল্যৰ চাউল, চৰকাৰী ঘৰ এটা আৰু বিভিন্ন অনুদানত নিজৰ নামৰ অন্তৰ্ভুক্তি। এইবোৰ সা-সুবিধা যি চৰকাৰেই দিয়ে তাকেই চকুমুদি ভোটদান কৰে। লাগিলে সেই চৰকাৰ যিমানেই দেশ বা জাতিৰ বাবে ক্ষতিকাৰক নহওক কিয়। সামগ্ৰিক প্ৰেক্ষাপটৰ প্ৰতিবাদে সেইসকল ভোটাৰক অলপো প্ৰভাৱিত কৰিব নোৱাৰে। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত  দীঘলীয়া পৰিকল্পনাৰে বিজেপি চৰকাৰে অত্যন্ত কৌশলপূৰ্ণভাৱে এইপাত অস্ত্ৰৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ গোপন অভিসন্ধি কৰিছে। ইন্দিৰা আৱাস যোজনা আৰু বিভিন্ন ‘জ্যোতি’ আঁচনিত  পঞ্চায়তসমূহত অভিলেষ সংখ্যক মানুহৰ নাম অন্তৰ্ভুক্ত কৰিছে। প্ৰত্যেক গাঁৱৰে ৬০ পৰা ৭০ শতাংশ মানুহৰ নাম অন্তৰ্ভুক্ত কৰি প্ৰত্যেকৰ ঘৰৰ জোখমাখেৰে অথবা বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে চৰকাৰ পক্ষত ভোটদানৰ ৰণকৌশল আৰম্ভ কৰিছে। যিমান জাতীয় সংগঠনেই চিঞৰি নাথাকক কিয় পঞ্চায়ত নিৰ্বাচনৰ পাছতেই নিজৰ ঘৰ এটা পোৱাৰ আশাত নাইবা বিভিন্ন আঁচনিৰ অধীনত অন্যান্য সা-সুবিধা পোৱাৰ আশাত বন্দি হৈ চৰকাৰৰ পক্ষত ভোটদান কৰিবলৈ সাঁজু হৈ আছে। তেওঁলোকক এটা কথা বৰ কৌশলেৰে বুজাই দিয়া হৈছে যে যিটো দলৰ চৰকাৰ থাকে পঞ্চায়তত সেই দলৰ প্ৰতিনিধি গৰাকীক জিকাব পাৰিলেহে সুবিধাসমূহ লাভ কৰাত সহজ হয়। অন্যথাই তেওঁলোক সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই অধিক। দৰিদ্ৰ জনগণৰ আৱশ্যকতা চৰকাৰে পূৰণ কৰিব বিচৰাটো নিতান্তই ভাল কথা কিন্তু সহজ সৰল ভোটাৰক প্ৰলোভিত কৰি ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থক পূৰণ কৰিব বিচৰা প্ৰতিখন চৰকাৰেই ভাৰতীয় গণতন্ত্ৰক দুৰ্বল কৰি আহিছে। ইয়াৰ পৰিৱৰ্তে যদি চৰকাৰে কেন্দ্ৰৰ হাতৰ পুতলা নহৈ অসমৰ স্বাৰ্থত জনসাধাৰণৰ পক্ষত থিয় হোৱা হ’লে যি পৰিৱৰ্তনৰ ঢৌৰ বোকোচাত উঠি বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিলে সেই ঢৌতে ভৱিষ্যতে বহুবাৰলৈকে  চৰকাৰ ধৰি ৰাখিব পাৰিলেহেঁতেন।

ফোনঃ ৯৯৫৪৯-৬০৫৪৩ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here