Home সম্পাদকীয় মাজুলীৰ ৰাস

মাজুলীৰ ৰাস

58
0

 

“শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন।

ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।”

-লেখকঃ সঞ্জয় ৰবিদাস-

‘মাজুলী’ নামটো শুনিয়েই বিশ্বৰ প্ৰায় সকলো মানুহৰে মনত এক অজানা শিহৰণ, কৌতুহল জাগি উঠে, মাজুলী ভ্ৰমণৰ হেঁপাহ জাগে। তেনে এক হেঁপাহৰ নাম মাজুলী, য’লৈ যাবলৈ সকলোৰে আকাংক্ষা, হাবিয়াস। পৃথিৱীৰ বৃহত্তম নদীদ্বীপৰ অভিধাই হয়তো মাজুলীক এই আকৰ্ষণ দিছে। নদীদ্বীপ হোৱাৰ বাবে প্ৰাকৃতিক সৌন্দৰ্যৰ দিশতো কোনো গুণে কম নহয় মাজুলী। শৰৎ ঋতুত মাজুলীৰ পৰিৱেশ বিনন্দীয়া হৈ পৰে। মাজুলীবাসী ৰাইজৰ মৰম চেনেহ, আদৰ-সাদৰ,অতিথি আপ্যায়ন– এই সকলোবোৰে মাজুলীৰ দৰ্শনাৰ্থীক মোহিত কৰে।

মাজুলী লুইতৰ চেনেহী জী, সত্ৰভূমি। বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ, মহাপুৰুষীয়া সত্ৰীয়া-সংস্কৃতিৰ পীঠস্থান। এনে ভক্তিভৰা মনোৰম, পুণ্যভূমি মাজুলীত সৃষ্টিকৰ্তা  শ্ৰীকৃষ্ণৰ জীৱন কাহিনীৰে ভৰা পৱিত্ৰ ৰাসোৎসৱ অসমৰ ৰাইজৰ লগতে দেশী- বিদেশী পৰ্যটকৰ বাবে ঘাই আকৰ্ষণ। গোটেই পৃথিৱীতে মাজুলীৰ ৰাসৰ সমাদৰ আছে। ৰাসৰ সফল  মঞ্চায়ন, কলা-কুশলী, শিল্পীসকলৰ নৃত্য-গীত, সুমধুৰ অভিনয়, সংলাপ প্ৰক্ষেপন, মুখা শিল্পৰ ব্যৱহাৰ, আকৰ্ষণীয় দৃশ্য সত্ৰ। আদিয়ে যুগে যুগে মাজুলীৰ ৰাসক পূৰ্ণতা আৰু স্বীকৃতি দি আহিছে। অসমত অতীজৰে পৰা ৰাস পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। এই ৰাসোৎসৱ মাজুলীৰ দক্ষিণপাট সত্ৰত  পোনপ্ৰথমে ৰ76চ্ শকৰ পৰা  উদ্যাপন হৈ আহিছে। দক্ষিণপাট সত্ৰৰ পিছতহে গড়মূৰ, আউনীআটী,  বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসৰ প্ৰসাৰ ঘটে।

ৰাসোৎসৱত হিন্দুসকলৰ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। মাজুলীত সত্ৰৰ নামঘৰসমূহত ৰাস মঞ্চায়ন কৰা হয়। ইয়াৰোপৰি কৃষ্টিপ্ৰাণ ৰাইজৰ সহযোগত ঠায়ে ঠায়ে স্থায়ী-অস্থায়ী মঞ্চ, েপ্ৰক্ষাগৃহত ৰাস প্ৰদৰ্শন কৰা হয়। শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’ই মঞ্চাভিনয়ৰ প্ৰথম নিদৰ্শন। এনে ব্যৱস্থাৰ আৰ্হিতে ৰাসকো মঞ্চৰ জৰিয়তে অধিক আকৰ্ষণীয় ৰূপত প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে। দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰি মঞ্চত ৰাসলীলাক অভিনয়ৰ ৰূপ দি জীৱন্ত কৰি তোলা হয়। এই আধুনিক কলা কৌশলৰ ওপৰত গুৰুত্ব দি প্ৰয়াত গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ৰাসলীলাক মঞ্চৰাসলৈ পৰিৱৰ্তন কৰে। অৱশ্যে এতিয়াও কিছু সত্ৰই প্ৰাচীন পৰম্পৰা ৰক্ষা কৰি পূৰ্বৰ ৰাস প্ৰদৰ্শনৰ মূলস্থলী নামঘৰতেই প্ৰদৰ্শন কৰি আহিছে। ৰাস মূলতঃ হৈছে শ্ৰীকৃষ্ণৰ জীৱনক অভিনয় আৰু সংলাপৰ দ্বাৰা জীপাল কৰা এক ধৰ্মীয় উৎসৱ। ধৰ্মীয়  উৎসৱ হ’লেও ৰাসৰ লগত শ্ৰীকৃষ্ণৰ জীৱন লীলা প্ৰদৰ্শন,অভিনয় আৰু দৰ্শকৰ মনোৰঞ্জনৰ  দিশটোও জড়িত হৈ থাকে।মাজুলীত কিছু সত্ৰত ৰাস এদিনীয়াকৈ আৰু আন কিছুমান সত্ৰত তিনিদিনীয়াকৈ পালন কৰে। এদিনীয়াকৈ যিবোৰ সত্ৰত পালন কৰে সেইবোৰ সত্ৰত ৰাস উপলক্ষে দিহানাম, গায়ন-বায়ন, নটুৱা চালি, ওজাপালি আদি অনুষ্ঠান পাতে। দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ ৰাসোৎসৱ পালন কৰা হয়। ৰাসোৎসৱৰ তিনিদিনক এক বিশেষ নামেৰে জনা যায়। প্ৰথমদিনা অধিবাস, ¿দ্বতীয়দিনা ৰাস আৰু তৃতীয়দিনা ইন্দ্ৰাভিষেক। ৰাস পূৰ্ণিমাৰ দিনা পুৱাৰ পৰা ৰাস পূজা আৰম্ভ হয়। সম্পূৰ্ণ দিনজুৰি নাম-প্ৰসংগৰ উপৰি গায়ন-বায়ন, নাম-কীৰ্তন, নটুৱা নাচ আদি চলি থাকে। ৰাতিলৈ ৰাসলীলা প্ৰদৰ্শন হয়। উদাসীন পন্থাৰ পৰম্পৰাৰে প্ৰচলিত সত্ৰসমূহত আৰু সত্ৰীয়া পাৰিপাৰ্শকতাৰ মাজত প্ৰদৰ্শিত ৰাসলীলাত পুৰুষ অভিনেতাসকলেই পুৰুষ আৰু নাৰী উভয় চৰিত্ৰতে বৰ্তমানো অভিনয় কৰি আছে।

অসমৰ বহু ঠাইতে ৰাস উৎসৱ উদ্যাপন কৰা হয় যদিও মাজুলীৰ ৰাসৰ অনন্য এক আকৰ্ষণ আছে। সেয়ে ৰাসৰ সময়ত নদীদ্বীপটোত দেশী-বিদেশী পৰ্যটকৰ ভিৰ দেখা যায়। আনহাতে মাজুলীবাসীৰ বাবে হৈছে ইয়েই প্ৰধান আড়ম্বৰপূৰ্ণ ধৰ্মীয় উৎসৱ। মাজুলীৰ ৰাস উৎসৱে কেৱল শ্ৰীকৃষ্ণৰ ৰাসলীলাৰে আখৰা-প্ৰদৰ্শন নকৰে। ইয়াৰ সৈতে বহু বিষয়ৰো বিকাশ ঘটে। মূলতঃ গ্ৰাম্যাঞ্চলৰ অভিনয়, নৃত্যৰ প্ৰতি আগ্ৰহী শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতী আৰু ডাãৰসকলৰ প্ৰতিভাৰ বিকাশৰ লগতে ই প্ৰচাৰ কৰে। ইয়াৰ লগতে আছে মুখাৰ লগত জড়িত মুখাশিল্পী,সংগীতৰ সৈতে জডিÿত কণ্ঠশিল্পী, নৃত্য, অভিনয় শিল্পীসকলৰ প্ৰতিভা বিকাশ কৰোৱাৰ লক্ষ্য। লক্ষ্মী পূৰ্ণিমাৰ পৰা ৰাস পূৰ্ণিমালৈকে প্ৰায় এমাহ ৰাসৰ সৈতে কেৱল অভিনেতা, অভিনেত্ৰী আৰু আন কলা-কুশলীসকলেই জড়িত নাথাকে। সেই সাংস্কৃতিক পৰিৱেশৰ দ্বাৰা সমগ্ৰ মাজুলীয়েই প্ৰভাৱান্বিত হয়। ধান চপোৱাৰ আগে আগে শৰতৰ বিতোপন ৰাতিত হোৱা এই উৎসৱে আধ্যাত্মিকৰ সৈতে মানুহক নান্দনিক আনন্দও দিয়ে।

ফোনঃ ৯১০১৮-৬২৯৭৯

LEAVE A REPLY

Please enter your comment!
Please enter your name here