কামৰূপৰ বংশৰত এনৰেগা আঁচনিৰ দোহাই দি ৰামবৈ পাহাৰত অবৈধ খনন

  DainandinBartaLIVE@ পঙ্কজ নাথ, চাংসাৰী, ২০ জানুৱাৰী :সমগ্ৰ কামৰূপ জিলাতে পাহাৰৰ ৰঙামাটিৰ খনন আৰু পৰিবহনত নিষেধাজ্ঞা থকাৰ সময়তে শুৱালকুছিৰ বংশৰত শুৱালকুছি খণ্ড উন্নয়ন বিষয়া বিপ্লৱ দেউৰী বৰুৱা আৰু শুৱালকুছি আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সচিব মকিব আলিৰ পৃষ্ঠপোসকতাত এটি দুষ্ট চক্ৰই ৰামবৈ পাহাৰত ৰঙামাটিৰ অবৈধ খনন চলাই যোৱাৰ অভিযোগ সন্মিলীত খবৰ পোৱা গৈছে । প্ৰাপ্ত খবৰ অনুযায়ী এই দুষ্ট চক্ৰটোৱে এনৰেগা আচনিৰ অধীনত দুই এক স্থানত মাটি পেলোৱাৰ অজুহাতেৰে স্থানীয় একাংশ ৰাইজকো মেনেজ কৰি নিশাৰ ভাগত দহৰ পৰা পোন্ধৰখন টেক্টৰেৰে শুৱালকুছি বংশৰৰ বিভিন্ন স্থানত বিক্ৰী কৰাৰ বাবে অবৈধভাৱে খনন চলাই গৈছে বংশৰৰ…

Read More

ৰাজ্যিক ভিত্তিত আয়োজিত চিত্ৰাংকণ-কুইজ প্ৰতিযোগিতাৰ ফলাফল ঘোষনা

 ৰাজ্যিক ভিত্তিত আয়োজিত চিত্ৰাংকণ-কুইজ প্ৰতিযোগিতাৰ ফলাফল ঘোষন দৈনন্দিন বাৰ্তা Live@নব কুমাৰ ডেকা, ওদালগুৰি,১৯জানুৱাৰী: ষষ্ঠ ভৈৰৱকুণ্ড মহোৎসৱৰ সৈতে যোৱা ১৮ জানুৱাৰীত সদৌ অসম ভিত্তিত আয়োজিত চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰা হৈছে । ফলাফল অনুসৰি ক শাখাৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰথম স্হান  এচ ই আৰ এচ পাব্লিক স্কুলৰ (ৰঙিয়া) ছাত্ৰ তনুজ সমাদ্দাৰ, দ্বিতীয়-ওদালগুৰিৰ মহৰ্ষি বিদ্যালয়ৰ ছাত্ৰী কে.মমিতা সিংহ আৰু  তৃতীয় ওদালগুৰি মহৰ্ষি বিদ্যালয়ৰ ছাত্ৰী মান্টি বিশ্বাসে লাভ কৰে। খ শাখাত প্ৰথম টংলা কলেজৰ ছাত্ৰ কংকণ ডেকা,দ্বিতীয় তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জ্যোতিস্মান শৰ্মা আৰু তৃতীয় ওদালগুৰি কলেজৰ ছাত্ৰ শিবিচা খুংগুৰ…

Read More

জামুগুৰিহাটৰ শতবৰ্ষ গৰকা মহিলাৰ জন্মদিন পালন;

জামুগুৰিহাটৰ শতবৰ্ষ গৰকা মহিলাৰ জন্মদিন পালন; চৰন চুই অাশীষ ললে বহু জনে দৈনন্দিন বাৰ্তাLive ,(জোন বৰা) জামুগুৰিহাট , ৯ জানুৱাৰী : অাইৰ সমান হ’ব কোন নৈ সমান বৱ কোন । শতবৰ্ষীয় সৰবৰহী মহিলা এই গৰকী যি গৰাকী মহিলাই ১৯৭২ চনতে স্বামীক হেৰুৱাই বিধবা জীৱন অতিবাহিত কৰি পুত্ৰ কন্যাৰ স্নেহত অাপ্লুত হৈ সাধাৰণ জীৱন কটায় বহুতো ঘাট প্ৰতিঘাতৰ মাজৰে পুত্ৰক শিক্ষক ৰুপত গঢ়ি তুলিবলৈ সক্ষম হৈছিল । জামুগুৰিহাটৰ মহান ব্যক্তি শলগুৰি ভেটখোৱাচুক গাৱৰ জীয়াৰি গোসাঁই চুক গাৱঁৰ বোৱাৰী এই মহান বৰ্ষীয়ান মহিলা গৰাকীয়ে অাজি শতবৰ্ষত ভৰি দিয়াত তেখেতৰ নিজা বাসভৱনত ওপজা…

Read More

নগাঁৱত  মহিলা আত্মসহায়ক গোটক ই ৰিক্সা বিতৰণ

নগাঁৱত  মহিলা আত্মসহায়ক গোটক ই ৰিক্সা বিতৰণ নগাঁও,৬জানুৱাৰী: মহিলা সকলক স্বাবলম্বী আৰু অৰ্থনৈতিক ভাবে সবল কৰাৰ প্ৰচেষ্টাৰে অসম ৰাজ্যিক  গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত  কালি নগাৱত ৬ টা মহিলা আত্মসহায়ক গোটক বিতৰণ কৰা হয় ই ৰিক্সা।কালি  নগাঁও চহৰৰ কাষৰীয়া শেনছোৱা স্হিত  খাগৰিজান উন্নয়ন খন্ডত  অনুষ্ঠিত  এখন সভাত ই ৰিক্সা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলা উপায়ুক্ত চমচেৰ সিঙে।উক্ত অনুষ্ঠানত জিলা প্ৰকল্প পৰিচালক চন্দন তালুকদাৰ ,খাগৰিজান উন্নয়ন খন্ডৰ খন্ড  উন্নয়ন বিষয়া প্ৰমুখ্যে উন্নয়ন খন্ডৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

Read More

নগাঁৱত চোৰাং চিকনী চুপাৰী ভৰ্তি টাটা মোবাইল জব্দ

নগাঁৱত চোৰাং চিকনী চুপাৰী ভৰ্তি টাটা মোবাইল জব্দ  নগাঁও, ৬ জানুৱাৰী: নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাই চোৰাং চিকনী চুপাৰীসহ এখন টাটা মোবাইল গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও জিলাৰ ৰূপহীৰ পৰা গাড়ীভৰ্তি চোৰাং চিকনী চুপাৰী খিনি   বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ বাবে আনি থকা অৱস্থাত AS02 BC 2975 নম্বৰৰ গাড়ীসহ চুপাৰীখিনি আৰক্ষীয়ে জব্দ কৰে। উল্লেখ্য, দীৰ্ঘদিন ধৰি চোৰাং বাবে ৰূপহীৰ পৰা চিকনী চুপাৰী বহি:ৰাজ্যলৈ সৰবৰাহ হৈ আহিছে। এক বিশেষ সুত্ৰই জনোৱা মতে, বিক্ৰীকৰ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি…

Read More

কেঞ্চাৰ ৰোগীক চেক প্ৰদান

কেঞ্চাৰ ৰোগীক চেক প্ৰদান দৈনন্দিন বাৰ্তাLive(যতীন বৰা)নগাবাট,৬জানুৱাৰী :-গোলাঘাট  জিলাৰ গোলাঘাট সমষ্টিৰ অন্তৰ্গত গমাৰিশুৰি উন্নয়ন খণ্ডত এলেকাৰ ৩নং তৰানি গাঁৱৰ নিবাসী ডম্বৰু বৰা পত্নী গোলাপী বৰা কেঞ্চাৰ ৰোগীত আক্ৰান্ত হৈ থকা ত তেওঁৰ সু-চিকিৎসা বাবে মূখ্য মন্ত্ৰী ৰ সাহাৰ্য্য পুঁজিৰ পৰা ২০,০০০টকা এখন চেক যোগে সাহাৰ্য্য আগ বঢ়াই অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাচ উপসভানেত্ৰী নিমিষা সন্দিকৈ য়ে ৫/১/২০১৮তাৰিখে ৰোগী গৰাকীক নিজেই ঘৰলৈ গৈ ৰাইজৰ আগত স্থানীয় বিজেপি প্ৰভাৰী গবেন গগৈ হাতে উক্ত চেক খনি ৰোগী গোলাপী বৰাক প্ৰদান কৰে ।

Read More

শিৱসাগৰত শীতৰ কাপোৰ লৈ বিদেশৰ অতিথি

শিৱসাগৰত শীতৰ কাপোৰ লৈ বিদেশৰ অতিথি: দৈনন্দিন বাৰ্তাLive@(মুকুল গগৈ), শিৱসাগৰ, 6 জানুৱাৰী: দুৱৰিৰ ওঁঠত নিয়ৰৰ টোপাল। প্ৰখৰ ৰদৰ উগ্ৰতা নাই শীতৰ বতৰত। শীতৰ দিনবোৰ ওমাল কৰে জাৰৰ কাপোৰে। বিদেশী পক্ষীজাকৰ সৈতে সূদুৰ পাহাৰৰ বুকুৰ পৰা নামি আহিছে এজাক অতিথি। লগত লৈ আহিছে শীতৰ দিন আৰু ৰাতিবোৰ ওমাল কৰা জেকেট, চুৱেটাৰ আৰু অন্যান্য বস্ত্ৰৰ সম্ভাৰ। ৰাজ্যৰ অন্যান্য অংশৰ লগতে উজনিৰ তৈল নগৰী শিৱসাগৰতো ভৰি পৰিছে এতিয়া সূদুৰ তীব্বত আৰু নেপালৰ পৰা অহা জাৰৰ কাপোৰৰ ব্যৱসায়ীয়ে। তিনিশ টকাৰ পৰা তিনিহেজাৰ টকা পৰ্যন্ত অনেক বস্ত্ৰৰ সম্ভাৰ লৈ আহিছে এইসকল ব্যৱসায়ীয়ে। ব্যৱসায়ী সকলে জনোৱামতে…

Read More

জন্মস্থানতেই ধোঁৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰুধী অভিযান 

জন্মস্থানতেই ধোঁৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰুধী অভিযান  চাবুৱা ডি. ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে  তদন্ত কৰাৰ সাহস নাই জিলা প্ৰশাসনৰ  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ হুংকাৰ  দৈনন্দিন বাৰ্তা Live@ চাবুৱা , ৬ জানুৱাৰী  : চাবুৱা ডি . ডি আৰ মহাবিদ্যালয়ৰ দুৰ্নীতিকাৰী অধ্যক্ষৰ বিৰুদ্ধে জিলা প্ৰশাসনে  তদন্ত কৰাৰ সাহস নাই বুলি আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । আজি সংগঠনটোৱে এক প্ৰেছ বিবৃতিত কয় যে বৃহত্তৰ চাবুৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চাবুৱা ডি. ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ নেতৃত্বত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি…

Read More

মদ-জুৱাৰ পৰা মুক্তি দিয়াৰ দাবী @ৰাজ পথলৈ ওলাই আহিল চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী

মদ-জুৱাৰ পৰা মুক্তি দিয়াৰ দাবী   ৰাজ পথলৈ ওলাই আহিল চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী দৈনন্দিন বাৰ্তাLive@ চাবুৱা, ৬ জানুৱাৰী :  অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত শুকুৰবাৰে মাদক দ্ৰব্য সেৱন বন্ধ কৰা, জুৱা নিষিদ্ধ কৰি ল’ৰা-ছোৱালী বিদ্যালয়লৈ যোৱাৰ আহ্বানেৰে ডিকমৰ হেজেলবেংক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ৰবি বাৰলা, চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন কেউট, আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কিচুন মুণ্ডা, অবিভক্ত জিলা শাখা আটছাৰ সভাপতি লক্ষিৰাম ৰাজগড়, উপ-সভাপতি বিজয় কৈৰী, ডিব্ৰুগড় জিলা চাহ জনগোষ্ঠী জাতীয়…

Read More

কালাপানী মধ্য ইংৰাজী বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভ

কালাপানী মধ্য ইংৰাজী বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভ হাটশিঙিমাৰী, ৬ জানুৱাৰী ২০১৮ ঃ নবগঠিত দঃশালমাৰা হাটশিঙিমাৰী জিলাৰ মানকাচাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কালাপানী মধ্য ইংৰাজী বিদ্যালয় আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভী কৰে ইভালুৱেটৰ আব্দুল কাশেম চৌধুৰী। উক্ত স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে পুৱা পেৰেড আদিৰ লগতে ৰাষ্ট্ৰীয় সংগীত পাঠ কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰি গুণোৎসৱৰ পৰীক্ষাত বহে। উক্ত স্কুলত গুণোৎসৱৰ শুভাৰম্ভী সময়ত উপস্থিত থাকে স্কুল পৰিচালনা সমিতিৰ সভাপতি, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি সাহিনুৰ প্ৰধানী, ।সদৌ অসম কৰ্মচাৰীৰ পৰিষদৰ উপসভাপতি সাহিনুৰপধানী জনায় যে অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ…

Read More