অসম – নগালেণ্ড সীমান্তৰ চূঙাজান আৰু গেলাবিলত আছুৰ পথ অৱৰোধ 

Spread the love

Sharing is caring!

অসম – নগালেণ্ড সীমান্তৰ চূঙাজান আৰু গেলাবিলত আছুৰ পথ অৱৰোধ 

  • সীমান্তত নিয়োজিত চি আৰ পি এফে নগাৰ পক্ষ লোৱাৰ কথা স্বিকাৰ কৰিলে আৰক্ষী অধীক্ষক মানবেন্দ্ৰ ৰয়ে 
  • প্ৰতিবাদকাৰীৰ ভয়ত পলাল চি আৰ পি এফৰ গাড়ী  
দৈনন্দিন বাৰ্তাLive@ ধনশিৰি,সৰুপথাৰ পৰা হেমন্ত তামুলী  , ৪ জানুৱাৰী :- অসম চৰকাৰে অসম – নগালেণ্ডৰ সীমা  সমস্যাটো সমাধানৰ ক্ষেত্ৰত আজিকোপটি কোনো ব্যৱস্হা গ্ৰহন নকৰাৰ ফলত বছৰ – বছৰ  ধৰি সীমান্তবাসীয়ে নগা দুৰ্বৃত্তৰ পৰা বিভিন্ন ধৰনে হাৰাশাস্তিৰ সন্মূখীন হৈ আহিছে ৷ নগাই বন্দুকৰ ভয় দেখূৱাই অসমৰ মাটি নিজৰ দখললৈ নিবলৈ চেষ্টা চলোৱাৰ ওপৰিও সীমান্তবাসী অসমীয়াৰ পৰা বিভিন্ন সময়ত ধন দাবী লগতে খেতি ছপোৱাৰ সময়ত  ধান আৰু  গাহৰি – গৰু , ছাগলী , হাঁহ – কুকুৰা , মাছ আদি গুন্দামী কৰি  লৈ যায় ৷ এই ক্ষেত্ৰত সীমান্তবাসীয়ে কিন্তু সীমান্তত নিয়োজিত হৈ  থকা নিৰপেক্ষ বাহিনীৰ  চি আৰ পি এফৰ  পৰা কোনো সুউত্তৰ পোৱা নাই ৷ চি আৰ পি এফে সদায় নগাৰ পক্ষ লয় বুলি অভিযোগ উঠি আহিছে সময়ে সময়ে ই প্ৰমানিত হৈ আহিছে ৷ নগাই  চি আৰ পি এফক সীমান্তবাসীৰ পৰা অবৈধভাবে সংগ্ৰহ কৰা ধনৰ এটা অংশ দিয়ে বুলি সীমান্তবাসীয়ে অভিযোগ কৰিছে ৷ দীৰ্ঘদিন ধৰি নগাৰ অতপালি সহ্য কৰিব নোৱাৰি কোনো – কোনো সময়ত সীমান্তবাসীয়ে নগাৰ বিৰুদ্ধে যুক্তি তৰ্কত লিপ্ত হয় যদিও নগাই বন্দুকৰ ভয় দেখূৱাৰ ফলত পিচহুহুকি আহিব লগা হয় ৷ যোৱা কিছুদিন ধৰি সীমান্তৰ ৰংপূৰ গাৱৰ জীৱন বৰাৰ খেতি মাটিক লৈ এল বি হট্ গাৱৰ নগাই বন্দুকৰ ভয় দেখূৱাই দখল কৰাৰ চেষ্টা চলাই আছিল কিন্তু জীৱন বৰাই নগাৰ ভাবুকিক গুৰুত্ব নিদি নিজৰ খেতি ডৰাত বিভিন্ন ধৰনৰ খেতি কৰি আছিল মাজে সময়ে নগাই বৰাক খেতিডৰা এৰি দিবলৈ কৈ আছিল আৰু তেনেকৈ যোৱা ৩ জানুৱাৰীৰ দিনা পূৱা জীৱন বৰাই তেখেতৰ চাহ খেতিৰ লগতে বীলাহী খেতিত কাম কৰি থকা শ্ৰমিকক নগাই খেদি পঠায় ফলত জীৱন বৰাই নগাক বাধা দিয়ে তেতিয়া নগাই যুক্তি তৰ্ক কৰি গুলিয়াই মাৰিম বুলি ভাবুকি দি গুচি যায় ৷ সন্ধিয়া নগাই জীৱন বৰাৰ ঘৰটো জ্বলাই দিয়ে ৷ নগাৰ এনে দুস্কাৰ্য্যৰ বিৰুদ্ধে আছুৱে যোৱা ৪ জানুৱাৰীৰ পূৱাৰে পৰা  চূঙাজান বজাৰ চাৰিআলি আৰু গেলাবীল দলংৰ ওপৰত পথ অৱৰোধ কাৰ্য্যসুচী হাতত লয় ৷ আছুৰ পথ অৱৰোধৰ ফলত বৰপথাৰ – গেলাবীল ,মেৰাপানী সংযোগী আৰু সৰুপথাৰ – বোকাজান সংযোগী দুয়োটা পথতে অসম আৰু নগালেণ্ডৰ অখংস্য যান – বাহনে ভৰি পৰে ৷ অসম চৰকাৰ হায় হায় , বিজেপি চৰকাৰ গৌ বেক , চি আৰ পি এফৰ দালালি নচলিব , অসমীয়াৰ ঘৰ জ্বলোৱা দোষী  নগাক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক  আদি উত্তাল ধ্বণিৰে অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে আৰু তেনে সময়তে চি আৰ পি এফৰ এখন গাড়ী প্ৰতিবাদ স্হলীত উপস্হিত হয় আৰু এজন চি আৰ পি এফে আগবাঢ়ী প্ৰতিবাদকাৰী সকলক বাট মূকলাই দিবলৈ আঙুলীয়াই কোৱাত প্ৰতিবাদকাৰী সকল উত্তেজিৎ হৈ পৰে আৰু চি আৰ পি এফৰ গাড়ীৰ ফালে আগবাঢ়ী যায় পুলিচৰ বাধাক নেওচি চি আৰ পি এফৰ গাড়ীৰ ফালে প্ৰতিবাদী দলটো যোৱা দেখি চি আৰ পি এফৰ গাড়ীখন বহুদূৰলৈকে পিচহুহুকি পলাই যায় ৷ পিচলৈ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ ৰয় প্ৰতিবাদ স্হলীত উপস্হিত হৈ  প্ৰতিবাদকাৰী সকলক জনায় যে বিয়লী চি আৰ পি এফৰ পানজান কেম্পত নগালেণ্ডৰ আৰক্ষী আৰু নিৰপেক্ষ বাহিনীৰ লগত আলোচনাত বহিব আৰু তাতে  দোষী নগাক অতি সোনকালে কৰায়ত্ব কৰি অসম পুলিচক চমঝাই দিবলৈ আৰু জীৱন বৰাক ক্ষতিপূৰণ দিবলৈ  নগালেণ্ডক হেচাঁ প্ৰয়োগ কৰিব লগতে সীমান্তবাসীক নগাই উপদ্ৰপ নকৰিবলৈ দাবী জনাব আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত চি আৰ পি এফে নগাৰ পক্ষ লয় বুলি স্বীকাৰ কৰি কয় যে যদি চি আৰ পি এফে নিৰপেক্ষ ভুমিকা গ্ৰহন কৰিলে হয় তেতিয়া কিয় ইমান পলমকৈ ঘটনাস্হলীলৈ আহিছিল যিহেতুকে কেম্পৰ পৰা পোন্ধৰ মিনিট সময় লাগে ঘটনাস্হলী পাবলৈ ৷ আৰক্ষী অধীক্ষক গৰাকী প্ৰতিশ্ৰুতি দিয়াৰ ফলত আছুৰ প্ৰতিবাদকাৰীসকলে  দুপৰীয়া প্ৰায় ১২ – ৩০ মান বজাত চূঙাজান আৰু গেলাবিল দুয়ো ঠাইৰ অবৰোধ কাৰ্য্যসূচী উঠাই লয় ৷ আছুৰ প্ৰতিবাদী কাৰ্য্যসূচীত আছুৰ ধনশিৰি মহকুমাৰ সভাপতি  শশ গগৈ , ভাৰপ্ৰাপ্ত সম্পাদক মিন্টু গগৈ , চূঙাজান আছুৰ বিষয়ববীয়া সকলৰ আৰু কেইবাশতাধিক আছুৰ সদস্য আৰু সীমান্তবাসী ৰাইজে অংশগ্ৰহন কৰে ৷ আছুৰ ধনশিৰি সমিতিৰ প্ৰাক্তন সম্পাদক সুভাস শইকীয়াই সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে যে যদিহে অহা ২৪ ঘণ্টাৰ ভিতৰত দোষী নগাক কৰায়ত্ব নকৰে তেতিয়াহ’লে আছুৱে পুনৰ অনিদিষ্টকালিন পথ অৱৰোধ কাৰ্য্যসূচী হাতত লব বুলি জনিবলৈ দিয়ে ৷

Related posts

Leave a Comment