ঢেকীয়াজুলিৰ আলিচিঙাত পথ দুৰ্ঘটনাত আহত ৫

Spread the love

Sharing is caring!

ঢেকীয়াজুলিৰ আলিচিঙাত পথ দুৰ্ঘটনাত আহত ৫

  • ঘাই পথত বাগৰিল বলে’ৰ পিক আপ আৰু অটো

দৈনন্দিন বাৰ্তা live@(পবিত্ৰ কুমাৰ দাস)ঢেকীয়াজুলি,১৪মাৰ্চঃ
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ নিকটবৰ্তী আলিচিঙাৰ১৫নং ঘাইপথত
আজি বিয়লি ৪মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত শিশু সহ পাচ জন লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত ভৰ্তি হবলগীয়া হয়৷ জানিব পৰা মতে তেজপুৰ অভিমূখি এ এছ১৩-চি ৮০৮৮নম্বৰৰ বলে’ৰ পিক আপ গাড়ী খনে আলিচিঙা সমীপত নিয়ন্ত্ৰন হেৰুৱাই  ৰাজপথত বাগৰি পৰি উক্ত পথৰে গৈ থকা এখন নম্বৰ প্লেট বিহীন অটোক প্ৰচণ্ড খুন্দা মাৰে৷শাক পাছলি কঢ়িয়াই অনা বলে’ৰ পিক খনৰ খুন্দাত অটো খন  পথৰ পৰা বাগৰি পৰে পথাৰত৷ফলত অটো খনত উঠি অহা  শিশু সহ ৫ জন আহত গুৰুত্বৰ ভাবে আহত হয়৷স্থানীয় লোকে আহত কেইজন উদ্ধাৰ কৰি ১০৮এম্বুলেঞ্চকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷আহত সকল ক্ৰমে ডাঙ্গাছ চুৰেং (৪)জাৰু বড়ো(২২)পূৰ্ণিমা বসুমতাৰী (১৭),নুৰউদ্দিন (৬০)৷আহত এজনৰ পৰিচয় বৰ্তমানলৈকে জানিবলৈ সক্ষম হোৱা নাই ৷ আহত চাৰিজনক তেজপুৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰিছে ৷বিধ্বস্ত ১৫ নং ৰাষ্ট্ৰীয় ঘইপথৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়৷

Related posts

Leave a Comment