তামুলপুৰত নগা অস্ত্ৰ ব্যৱসায়ী আটক 

Spread the love

Sharing is caring!

তামুলপুৰত নগা অস্ত্ৰ ব্যৱসায়ী আটক 

দৈনন্দিন বাৰ্তা Live@(উৎপল ডেকা)তামুলপুৰঃ১৮ মাৰ্চঃ
বাক্সা জিলাৰ তামুলপুৰৰ চিকনিবাৰীত সেনা – আৰক্ষীৰ অভিযানত আজি এজন নগা অস্ত্ৰ ব্যৱসায়ী আটক  কৰিবলৈ সক্ষম হয় । অভিযান কালত আটক হোৱা নগা অস্ত্ৰ ব্যৱসায়ী জনৰ নাম পেইৰাই হাওঁ। ঘৰ নাগালেণ্ডৰ হেমিঙলাও আৰক্ষী চকীৰ অন্তৰ্গত পেৰেন জিলাৰ নাগাওঁলাওঁ গাওঁৰ বুলি জানিব পৰা গৈছে। সেনা আৰক্ষীৰ অভিযানত তেওঁৰ পৰা  এটা 7.65 পিষ্টল জব্দ কৰা হয় ৷

বৰ্তমান তেওঁৰ পৰা অধিক তথ্যৰ লাভ কৰাৰ বাবে তামুলপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷ পিষ্টলটো ভাৰত-ভূটান সীমান্তৰ কোনো ঠাইত বিক্ৰী কৰাৰ বাবে আনিছিল বুলি আৰক্ষীৰ জেৰাত নগা অস্ত্ৰ ব্যৱসায়ী গৰাকীয়ে সদৰি কৰে ৷

Related posts

Leave a Comment