বটদ্ৰৱাৰ কদমনিত উত্তপ্ত পৰিস্থিতি : দুই ভাতৃৰ  প্ৰহাৰত  আহত এজন

Spread the love

Sharing is caring!

বটদ্ৰৱাৰ কদমনিত উত্তপ্ত পৰিস্থিতি: দুই ভাতৃৰ  প্ৰহাৰত  আহত এজন :

দৈনন্দিন বাৰ্তা Live@(দিলদাৰ হুছেইন,) , টুকটুকী;6 জানুৱাৰী:

নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত কদমনি বজাৰত  এক মাৰপিট ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত বাতৰি মতে,  আজি  পুৱা  9:30 বজাত  কদমনি বজাৰত  ৰামপুৰ সত্ৰ নিবাসী তথা  কদমনি ছিনিয়ৰ মাদ্ৰাছাৰ কাৰ্যালয় সহায়ক  ক্ৰমে জয়নাল আৱদিন আৰু  মোক্তাৰ হুছেইন নামৰ দুই  ভাতৃদ্বয়ৰ  লগত  কদমনি গাঁৱৰ গুলজাৰ হুছেইনৰ লগত প্ৰথমে  কথাত  কটা কটি হয়  যদিও  এটা  সময়তে  দুই  ভাতৃদ্বয়ে  ৰড আৰু লাঠীৰে প্ৰহাৰ কৰাত  গুৰুত্ব ভাবে  আহত হয় গুলজাৰ হুছেইন নামৰ  যুৱক জন।  আৰক্ষী সূত্ৰে জানিব পৰা মতে,  দুয়ো ভাতৃ  পেচাত যদিও  চৰকাৰী কৰ্মচাৰী কিন্তু  এই দুই ভাতৃৰ বিৰুদ্ধে বিভিন্ন  ধৰণৰ  অপাৰধ মুলক কামকাজত লিপ্ত হৈ  উক্ত অঞ্চলত  অশান্তিময় পৰিবেশ সৃষ্টি কৰি   আহা অভিযোগ আছে।যাৰ  বিৰুদ্ধে  নানান গোচৰ  বটদ্ৰৱা থানাত ৰুজু হৈ আছে । উল্লেখযোগ্য যে, শিক্ষানুষ্ঠান দৰে পবিত্ৰ  অনুষ্ঠানৰ লগত জড়িত থকা  এই  দুই  ভাতৃৰ এনে  নিকৃষ্টমুলক কাম কাজত   বহু  বছৰ বছৰ ধৰি উক্ত অঞ্চলৰ  অসহায় মানুহে  অত্যাচাৰ ভুগি  আহিছিল ।  জানিব পৰা মতে, কেৱল মাত্ৰ  নিজৰ  স্বাৰ্থ সিদ্ধি লাভ কৰাৰ বাবে  অপৰাধ জগতৰ লগত জড়িত হৈ থকা দুই  ভাতৃৰ  বিৰুদ্ধে  উক্ত ঘটনাৰ সন্দৰ্ভত  বটদ্ৰৱা থানাত 04/18 নম্বৰত  এটি গোচৰ পঞ্জীয়ন হয়।

Related posts

Leave a Comment