বিশ্বনাথত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ

Spread the love

Sharing is caring!

বিশ্বনাথত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ

দৈনন্দিন বাৰ্তাLive@,বিশ্বনাথ চাৰিআলি,৪ জানুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি এন আৰ চি সম্পৰ্কে দিয়া উচটনি মূলক বক্তব্যৰ পাচতে আজি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতি। চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে বিতৰ্কিত মন্তব্যৰ জৰিয়তে অসমৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰি ইয়াৰ জনগণৰ মাজত ভাতৃঘাতী,সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰে সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটোকে বিপথে পৰিচালিত কৰিব বিচৰাৰ অভিযোগ তোলা প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে এনে নিকৃষ্ট ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ তৃণমূল কংগ্ৰেছৰ নেতৃ গৰাকীক সকীয়াই দিয়ে৷ মমতা বেনাৰ্জীৰ এনে উদ্দেশ্যপ্ৰণোদিত আৰু প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই জাতীয় সংগঠনটোৰ দুই শতাধিক সদস্যই আজি  মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰাৰ লগতে বিশ্বনাথ চাৰিআলি নগৰৰ মাজ মজিয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰে। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় যুটীয়া সম্পাদক জিতু শৰ্মা,আঞ্চলিক সমিতিৰ উপদেষ্টা নিহাৰ শইকীয়া,সভাপতি ঈশান প্ৰতিম শইকীয়া,সাধাৰণ সম্পাদক পাৰ্থ দাস,সাংগঠনিক সম্পাদক প্ৰান্তিক বৰা,অজয় গুপ্তা,মৃত্যুঞ্জয় স্যানাল,সাংস্কৃতিক সম্পাদক মানস বৰা,প্ৰচাৰ সম্পাদক কল্পজ্যোতি বৰা,ঋষিৰাজ শইকীয়া,নগৰ সমিতিৰ সভাপতি চুমন শইকীয়াকে ধৰি আঞ্চলিক সমিতিৰ অন্তৰ্গত সকলো শাখা সমিতিৰ বিষয়ববীয়া উপস্থিত থকাৰ লগতে নাছিৰ আহমেদ,অমৰজ্যোতি বৰা,দেৱব্ৰত মেধী,বিশ্বজিৎ দাস,দিগন্ত বৰুৱা,প্ৰিয়াংকু ডেকা আদি বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Related posts

Leave a Comment