মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ হল ৫ বছৰীয়া কন্যা শিশু৷।

Spread the love

Sharing is caring!

 মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ হল ৫ বছৰীয়া কন্যা শিশু

  • চতিয়া আৰক্ষীৰ তৎপৰতা

দৈনন্দিন বাৰ্তাLive@ চতিয়া ৫ ছেপ্তেম্বৰ :কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে যোৱা ১১ নবেম্বৰত চতিয়াৰ তেজালপত্তি ৰ পৰা মানৱ সৰবৰাহকাৰী চক্ৰ এটাই এগৰাকী মাতৃ সহ ৫ বছৰীয়া কন্যাক অৰুণাচললৈ নি বিক্ৰী কৰা কন্যা গৰাকীক আজি বিশেষ তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হল চতিয়া আৰক্ষী। ঘটনাৰ বিৱৰণি মতে, উক্ত দিনা চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত তেজালপত্তিৰ বেজন্তী কুৰ্মী নামৰ মহিলা গৰাকীক অৰুণাচলৰ নাহৰলগনত কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে লৈ গৈছিল মানৱসৰবৰাহকাৰীৰ চক্ৰৰ এজেণ্ট মেহেৰ আলীয়ে। সেয়ে মাতৃৰ লগত গৈছিল ৫ বছৰীয়া কন্যা প্ৰিয়ংকা কুৰ্মী ।মাতৃৰ ভাষ্যমতে অৰুণাচললৈ নি মেহেৰে মাতৃক কাম কৰা শ্ৰমিক হিচাপে এটা কামত নিয়োগ কৰি দিনটোৰ বাবে কন্যা প্ৰিয়ংকাক চোৱা চিতাৰ দায়িত্ব লয়। সেই মৰ্মে মাতৃ বেজন্তী কামলৈ গৈ সন্ধ্যা উভতি আহি কন্যাক নেদেখি মেহেৰক সোধাত মেহেৰে তই কাম কৰি থাক তোৰ ছোৱালীক ৬০ হাজাৰ টকাত বিক্ৰী কৰা হৈছে আৰু হূলস্থুল কৰিলে তোকো মাৰি পেলাম বুলি ভাবুকি দি শাৰীৰিক ভাৱে প্ৰহাৰো কৰে বেজন্তীক।অৱেশ্যে আন্ধাৰৰ সুযোগ লৈ বেজন্তী পলাই আহি ১৩ নবেম্বৰত চতিয়াৰ আৰক্ষীক ঘটনাৰ সবিশেষ অৱগত কৰাত উক্ত দিনৰ পৰাই নিখোজ প্ৰিয়ংকাৰ সন্ধানত অভিযান চলাই আজি পুৱতি নিশা অৰ্ৰুণাচলৰ বান্দৰদেৱা  পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰিয়ংকাক।অৱশ্যে চতিয়া আৰক্ষীয়ে ইটখোলা আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ মষ্ট ৱাণ্টেড মানৱ সৰবৰাহকাৰী চক্ৰৰ এজেণ্ট মেহেৰ আলীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে।আৰক্ষী সূত্ৰে জনোৱা মতে বান্দৰদেৱাৰ ৰেইকিছব নামৰ ব্যক্তি জনৰ ঘৰৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰিয়ংকাক। আনহাতে এই মানৱ সৰবৰাহকাৰী চক্ৰটোৰ আৰু কেইবাজনো লোকক আটক কৰা হব অচিৰেই।

Related posts

Leave a Comment