জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা

 জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা   দৈনন্দিন বাৰ্তা Live@,( জোন বৰা  )জামুগুৰিহাট , ২৩ ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ মাধৱ গাঁও নিবাসী কবি সাহিত্যিক প্ৰবন্ধকাৰ তথা এগৰাকী উদীয়মান লেখক হিমাংশু ৰনজন ভূঞাঁৰ চতুৰ্থ সংখ্যক গ্ৰন্থ ” সাম্প্ৰতিক সময়ঃ প্ৰাসংগিক চিন্তা ” শীৰ্ষক এখন মনোগ্ৰাহী গ্ৰন্থ অাজি জামুগুৰিহাটৰ অভিযাত্ৰী কলাকেন্দ্ৰত অানুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । বিগত কেইবা বছৰ ধৰি অসমৰ বিভিন্ন দৈনিক অাৰু সপ্তাহিক বাতৰি কাকতত প্ৰকাশ পোৱা কিছু সংখ্যক প্ৰবন্ধ একত্ৰিত কৰি এখনি পূৰ্নাঙ্গ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হোৱা এই গৰাকী উদীয়মান  লেখকে অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা বিশেষ বৰঙনিৰ শলাগ লয়…

Read More

 নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন 

 নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন   DAINANDIN BARTA LIVE@ HOWRAGHAT  : আপুনি বিদ্যুতৰ সমস্যাত ভূগিছে নেকি  ?  সন্ধিয়া হ’লেই বিদ্যুতৰ অভাৱত আন্ধাৰে আৱৰি ধৰে নেকি আপোনাৰ ঘৰখন  ?  নতুবা উৎকট গৰমত বিজুলী পাংখাৰ সুবিধাৰ পৰা বঞ্চিত হয় নেকি আপুনি  ?  তেন্তে মুঠেই চিন্তা নকৰিব  !    নিমখ মিহলোৱা পানীৰ পৰা উৎপাদন বিদ্যুৎ ৷ জ্বলাব পাৰিব লাইট ৷ ঘূৰাব পাৰিব ফেন  ৷ কাৰ্বি আংলঙত শিশু বিজ্ঞানীৰ চমক ৷  হয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়ন সময়তো ৰাজ্যত বিদ্যুতৰ সমস্যাই সৰ্বসাধাৰণ ৰাইজক জ্বলা কলা খুৱাই থকাৰ সময়তে ঘৰতে বহি অতি কম খৰচত বিদ্যুৎ উৎপাদনৰ…

Read More

সাহিত্য সভাত বিজ্ঞানৰ  চমক দিবলৈ সাজু টিংখাঙৰ জিতু প্ৰসাদ গগৈ

টিংখাং – ৩০ জানুৱাৰী  তিনিচুকীয়াৰ বৰডুমচাত আজিৰে পৰা অনুষ্ঠিত হোৱা সাহিত্য সভাৰ ৭৪ সংখ্যক অধিবেশনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। সমান্তৰালভাৱে সাহিত্য সভাৰ অধিবেশনত বিজ্ঞানৰ চমক দিবলৈ প্ৰস্তুত হৈছে টিংখাঙৰ জীতু প্ৰসাদ গগৈ নামৰ এজন বিজ্ঞান শিক্ষক। টিংখাঙৰ ঘাঁহি গাঁৱৰ গভীৰ সৃষ্টিশিল মনৰ জীতু প্ৰসাদ গগৈয়ে সাহিত্য সভাৰ তৰফৰ পৰা বৰডুমচা অধিবেশনত বিজ্ঞানৰ বিশেষ প্ৰদৰ্শনীৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। যাৰ বাবে বিগত প্ৰায় এপষেক ধৰি বিজ্ঞানৰ বিভিন্ন আকৰ্ষণীয় আৰ্হি প্ৰস্তুত কৰি তোলিছে   শিক্ষকজনে। বিশেষকৈ ছাত্ৰ -ছাত্ৰী সকলৰ মাজক বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ মহান উদ্দেশ্যেৰে মনোৰঞ্জন ধৰ্মী ১২ বিধ বিজ্ঞানৰ…

Read More

মুকলি সভাৰে সামৰণি পৰিল হাওৰাঘাটত বিচু ডিমা উৎসৱ উন্মোচন কৰা হ’ল স্মৃতিগ্ৰন্থ ৰাংবাৰছা

মুকলি সভাৰে সামৰণি পৰিল হাওৰাঘাটত বিচু ডিমা উৎসৱ উন্মোচন কৰা হ’ল স্মৃতিগ্ৰন্থ ৰাংবাৰছা হাওৰাঘাট ৩০ জানুৱাৰীঃ তিনিদিনীয়া বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে হাওৰাঘাটৰ পশ্চিম গজালিপাৰত চলি থকা দ্বিতীয় বাৰ্ষিক বিচু ডিমা উৎসৱ কালি মুকলি সভাৰে সফল সামৰণি পৰে। হাওৰাঘাট বিচু ডিমা হচমৰ সভাপতি ড০ মদন দাউলাগাজাওৰ পৌৰহিত্যত অনুষ্ঠিত এই মুকলি সভাত বিশিষ্ট চিকিৎসক ডাঃ  নিগমানন্দ মাইথাৰ, ডিমাচা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গোপাল থাউচেন, হাওৰাঘাট ভিডিচিৰ অধ্যক্ষ যীশু কেম্প্ৰাই প্ৰমূখ্যে বহুকেইজন ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ মাজতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ী হাওৰাঘাটৰ যুৱক হামজানন লাংথাছা আৰু হাওৰাঘাটৰ জিয়ৰী…

Read More

লেটেকুজান চাহ বাগিচাৰ খেলপথাৰত সৰুপথাৰ সমষ্টিৰ চি. এম কাপৰ শুভাৰম্ভণি অনুষ্ঠান

লেটেকুজান চাহ বাগিচাৰ খেলপথাৰত সৰুপথাৰ সমষ্টিৰ চি. এম কাপৰ শুভাৰম্ভণি অনুষ্ঠান দৈনন্দিন বাৰ্তা Live@, মুৰফুলনি,২৮ জানুৱাৰী : গোলাঘাট জিলাৰ লেটেকুজান চাহ বাগিচাৰ খেলপথাৰত চাহ জনজাতি উন্নয়ন পৰিষদৰ উদ্যোগত আজি চি. এম কাপ ফুটবল খেলৰ সৰুপথাৰ সমষ্টিৰ শুভাৰম্ভনি অনুস্থান হয় ।আজি লেটেকুজান আৰু অভয়জান চাহ বাগিচাৰ মাজত খেল অনুষ্ঠিত হয় । আজি ৬০ মিনিট খেলুৱা খেল খনত লেটেকুজান ১ গলত জয়ী হয় ।কালিৰে পৰা প্ৰতিদিনে দুখনকৈ খেল অনুষ্ঠিত হব । সাত দিন এই খেল খেলুৱা হব । সৰ্বমুঠ ১৪ খন খেল অনুষ্ঠিত হব ।আজি প্ৰায় এক হাজাৰতকৈও অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত…

Read More

ধেমাজি গ্ৰন্থ উৎসৱত সাংবাদিক-লেখক ৰয়েল পেগুৰ “বৰ্ষাৰণ্য পবাঃ শতিকা গৰকা দুলুঙৰ জীৱ- বৈচিত্ৰ্য” নামৰ পঞ্চমখন গ্ৰন্থ উন্মোচন

ধেমাজি গ্ৰন্থ উৎসৱত সাংবাদিক-লেখক ৰয়েল পেগুৰ “বৰ্ষাৰণ্য পবাঃ শতিকা গৰকা দুলুঙৰ জীৱ- বৈচিত্ৰ্য” নামৰ পঞ্চমখন গ্ৰন্থ উন্মোচন দৈনন্দিন বাৰ্তা Live@ চিচিবৰগাঁও, ২৭ জানুৱাৰী: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰকাশিত “বৰ্ষাৰণ্য পবাঃ শতিকা গৰকা দুলুঙৰ জীৱ- বৈচিত্ৰ” নামৰ সাংবাদিক-লেখক ৰয়েল পেগুৰ পঞ্চমখন গ্ৰন্থ কালি ধেমাজি গ্ৰন্থ উৎসৱত উন্মোচন কৰা হয়। জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত উন্মোচন কৰে নিবেদিতা বড়া সন্দিকৈয়ে। এই উন্মোচনী সভাত উন্মোচকগৰাকীয়ে বক্তব্য ৰাখি লেখক ৰয়েল পেগুক প্ৰশংসা কৰাৰ উপৰিও তেওঁ লিখনি সদায় গতি লাভ কৰক বুলি মতপোষণ কৰে। লগতে পৰিবেশ ভাৰসাম্য…

Read More

বিশিষ্ট উপন্যাসিকা মণিকুন্তলা ভট্টাচাৰ্যলৈ “চম্পাৱতী বঁটা”:

:বিশিষ্ট উপন্যাসিকা মণিকুন্তলা ভট্টাচাৰ্যলৈ “চম্পাৱতী বঁটা”: দৈনন্দিন বাৰ্তা Live@ চামগুৰি, ২৭ জানুৱাৰী:—- অসমৰ আগশাৰীৰ সাহিত্য আলোচনী “গৰিয়সী” ত “জলপ্ৰপাত” নামৰ উপন্যাসৰ জৰিয়তে চাপানালা অঞ্চলটিক উজ্বলাই তোলা সাম্প্ৰতিক সময়ৰ পৰিচিত জনপ্ৰিয় লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবছৰ “চম্পাৱতী বঁটা” প্ৰদান কৰিব বুলি আজি বিদ্যালয়খনৰ অধ্যক্ষা পাৰুল গায়নে এক প্ৰেছ বিবৃতি যোগে জনাইছে। উক্ত বঁটাত স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ আৰু বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আগবঢ়োৱা সংগৃহীত এটকীয়া ধনৰাশি হ’ব বঁটাৰ মাননি আৰু সন্মান। অহা পাঁছ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ’ব লগা এক গাম্ভীৰ্যপূৰ্ণ সভাত “চম্পাৱতী বঁটা” প্ৰদান কৰিব বুলি…

Read More

গণতন্ত্ৰ দিৱস উপলক্ষে বন বিভাগৰ বিনামূলীয়া গছপুলি বিতৰণ

পঙ্কজ নাথ, চাংসাৰি ২৫ জানুৱাৰীঃ  সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হ’ব দেশৰ ৬৯ তম গণৰাজ্য দিৱস। গণতন্ত্ৰ দিৱসত দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন কাৰ্য্যসূচী লোৱাৰ সময়তে এইবেলি বন আৰু পৰিৱেশ বিভাগ, অসমৰ অধীনস্থ কামৰূপৰ বন বিভাগৰ কৰ্তৃপক্ষৰ জৰিয়তে এই দিৱসত এক বিশেষ পদক্ষেপ হাতত লৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে । ৰঙিয়াস্হিত উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ কাৰ্যালয় আৰু আমিনগাঁ‌ৱস্হিত চিলা বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত এই বিশেষ দিনটোত বিনামূলীয়াকৈ ৰাইজক গছপুলি বিতৰণ কৰা হব বুলি চিলা বনাঞ্চলিক বিষয়া ৰবীন কুমাৰ বৈশ্যই সাংবাদিকক জানিবলৈ দিছে । যিহেতু বৰ্তমান সময়ছোৱাত ক্ৰমান্বয়ে গছ-গছনিৰ সংখ্যা…

Read More

গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত ৰাজ্যবাসীলৈ সুখবৰ…

গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত ৰাজ্যবাসীলৈ সুখবৰ….. দেশৰ ৮৫ জনলৈ পদ্মশ্ৰী সন্মান: ক্রিকেট তাৰকা মহেন্দ্ৰ সিং ধোনি লৈ পদ্মভূষণ সন্মান পি জি বৰুৱা, অৰূপ কুমাৰ দত্ত, জয়শ্রী গোস্বামী মহন্ত লৈ পদ্মশ্ৰী সন্মান

Read More

ধেমাজি গ্ৰন্থ উৎসৱত নিবিড় অনুৰাগ মানসৰ ‘তেজত গজা দুপৰীয়াটো’ উন্মোচন

ধেমাজি গ্ৰন্থ উৎসৱত নিবিড় অনুৰাগ মানসৰ ‘তেজত গজা দুপৰীয়াটো’ উন্মোচন দৈনন্দিন বাৰ্তা Live@, চিচিবৰগাঁও, 25 জানুৱাৰীঃ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত যোৱা 19 জানুৱাৰীৰ পৰা দহদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা উত্তৰ অসমৰ সৰ্ববৃহৎ গ্ৰন্থ উৎসৱ হিচাপে পৰিচিত ধেমাজি গ্ৰন্থ উৎসৱত আজি সন্ধিয়া নক্সা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত অসমৰ উদীয়মান কবি নিবিড় অনুৰাগ মানসৰ কাব্য সংকলন “তেজত গজা দুপৰীয়াটো” উন্মোচন কৰা হয়। গিৰীন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত কাব্য সংকলনখনি উন্মোচন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপ- সভাপতি তথা ধেমাজি গ্ৰন্থ উৎসৱৰ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে ভাষণ…

Read More

মোৰাঝাৰত প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰা এগৰাকী মেধাবী ছাত্ৰীয়ে মেট্ৰিক দিব 

মোৰাঝাৰত প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰা এগৰাকী মেধাবী ছাত্ৰীয়ে মেট্ৰিক দিব ছাদিকুজ জামান@মোৰাঝাৰ  ২৮ ডিচেম্বৰ  এইবাৰ ভৰিৰে লিখি মেট্ৰিকত অৱতীৰ্ণ হব এগৰাকী ছাত্ৰী ।জেবিন কৌচৰ নামৰ ছাত্ৰী গৰাকীয়ে এইবাৰ মেট্ৰিক ফেইনেল দিব? মোৰাঝাৰ জ্ঞান জোতি একাডেমীৰ ছাত্ৰী তথা চাবাজপুৰৰ বাসিন্দা আব্দুল জব্বাৰৰ কন্যা জেবিন । স্থানীয়  সাংবাদিকে বিচাৰি উলি য়াইছে এই গৰাকী বহল মনৰ ছাত্ৰীক।তাই আন ছাত্ৰ ছাত্ৰীৰ দৰে ডাঙৰ মানুহ হোৱাৰ মন।তাই হব বিচাৰে শিক্ষক ।এতিয়া পঢ়া শুনাৰ ওপৰিও কবিতা আবৃতি ,ছবি অংকন,গান পৰিবেশ কৰিব জানে।প্ৰতিবন্ধি হেঙাৰ নহয়,দৰিদ্ৰতাই কিছু হেঙাৰ হৈছে তাইৰ।দশম শ্ৰেণী পাওতে তাইৰ অভিভাৱক স্বৰূপে সহায় কৰিছে একাডেমীৰ…

Read More

প্ৰকৃতি প্ৰেমৰ চুড়ান্ত নিৰ্দশন, দেৰগাওঁৰ কবিৰাজী চিকিৎসক তৰুণ হাজৰিকা 

প্ৰকৃতি প্ৰেমৰ চুড়ান্ত নিৰ্দশন, দেৰগাওঁৰ কবিৰাজী চিকিৎসক তৰুণ হাজৰিকা  দৈনন্দিন বাৰ্তা Live@দেৰগাওঁ ৯ ডিচেম্বৰ : দেৰগাওঁৰ দিচৈ তিনি আলিৰ কবিৰাজী চিকিৎসক তৰুণ হাজৰিকা ,সম্পূৰ্ণ নিজস্ব কবিৰাজী চিকিৎসাৰে আধুনিক চিকিৎসা বিজ্ঞানক হতবাক কৰি,সমগ্ৰ অসমতে চৰ্চিত হয় পৰিছে ,তেওঁৰ আছে অদম্য প্ৰকৃতি প্ৰেম, চিকিৎসাৰ উপাৰ্জিত ধন তেওঁ ব্যয় কৰিছে এজাক বন্যপ্ৰাণীৰ বাবে।বছৰ বছৰ ধৰি দেৰগাওঁৰ নেঘেৰিটিংঙৰ শিৱদলত প্ৰত্যেক পূৱাই পাচঁ সহস্ৰাধিক বান্দৰক কল,বুট যোগান ধৰাৰ লগতে,কালী মন্দিৰৰ চৌপাশত খাদ্যৰ বাবে হাহাকাৰ কৰি ফুৰা কাউৰী, ভাটৌ আদি চৰাইবোৰক যোগান ধৰি আহিছে বুনিয়া,ভূজিয়া, খাদ্যৰ অভাৱত সংহাৰ সৃষ্টি কৰা দেওঁপাহাৰৰ বনৰীয়া হাতীজাককো খাদ্যৰ আগবঢ়োৱাৰ লগতে,…

Read More

কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ আদৰ্শ দেখুৱালে দেৰগাওঁৰ পাৰবিন শ্বেহনাজে

কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ আদৰ্শ দেখুৱালে দেৰগাওঁৰ পাৰবিন শ্বেহনাজে দৈনন্দিন বাৰ্তাLIVE@ দেৰগাওঁ ৬ ডিচেম্বৰ : ১৫ বিঘা কৃষিভূমিত সেউজ বিপ্লৱেৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে গোলাঘাট জিলাৰ সচেতন দেৰগাওঁ নাহৰণিৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী পাৰৱিন শ্বেহনাজে । ” Human Resource Development ” বিষয়ত পুণে বিশ্ববিদ্যালয়ৰ পৰা MBA ডিগ্ৰী লোৱা পাৰৱিন সেউজ বিপ্লৱক প্ৰতিফলিত কৰা কৃষি  কৰ্মত   জড়িত হৈ পৰিছিল কেইবছৰমান পূৰ্বে । স্থানীয় বহু নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰা পাৰবিন শ্বেহনাজে মোটা অংকৰ  দৰমহাৰ চাকৰি ত্যাগ কৰি  পৈতৃক সম্পত্তিৰ ১৫ বিঘা মাটিত কৰিছে উক্ত  সেউজ বিপ্লৱৰ আৰম্ভণি । দেৰগাওঁৰ দীঘলিপামত…

Read More

এটি সুখবৰ …..

এটি সু-খবৰ   অসমবাসীৰ বাবে এটি সুখবৰ ৷ অসমৰ স্বনামধন্য শংকৰী পণ্ডিত, সমাজ সংস্কাৰক, শংকৰদেৱ বটা প্ৰাপক , এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য প্ৰয়াত আচাৰ্য ইলাৰাম দাস বাপঈশ্বৰৰ আত্মজীৱনীৰ ওপৰত ৰচিত এটি লেখা কাশ্মীৰৰ এখন জনপ্ৰীয় আলোচনী “News Kashmir Magazine” ত প্ৰকাশিত হৈছে ৷ লেখাটি  প্ৰেৰণ কৰিছিল বিশিষ্ট সমাজকৰ্মী, চিকিৎসক ডা° অম্লান দাসে ৷  বাপঈশ্বৰৰ মহান ব্যক্তিত্বক ৰাষ্ট্ৰীয় দৰবাৰত প্ৰচাৰ কৰাৰ বাবে উতফুল্লিত হৈছে এক শৰণ ভাগৱতী সমাজকে ধৰি বিভিন্ন দল সংগঠণ ৷ আলোচনীখনিৰ ৱেবচাইটতো দিয়া হৈছে – www.newskashmirmagazine.com      

Read More

প্ৰথমবাৰৰ বাবে গোলাঘাটত উৎপাদিত হৈছে হালধীয়া চাহ

ন ন চাহৰ জুতি লৈ ভালপোৱা সকললৈ সুখবৰ । প্ৰথমবাৰৰ বাবে গোলাঘাটত উৎপাদিত হৈছে হালধীয়া চাহ । চাহ কলিৰ পৰা প্ৰস্তুুত কৰা চাহ বিধ চীনদেশত খুবেই জনপ্ৰিয় । উল্লেখযোগ্য যে ইতিমধ্যে ৰাখী শইকীয়াই হালধীয়া চাহ ৩ কেজি বিক্ৰী কৰিছে । এই চাহ বিধত কেফে’ইন কম থাকে বাবে সাধাৰণ চাহ বুলি ধৰা হয় । উদ্যমী মহিলা ৰাখী শইকীয়াৰ এই উদ্ভাৱনে চাহ উদ্যোগক নতুন মাত্ৰা প্ৰদান কৰিছে । WhatsApp@লেখাঙ্গ ভূঞা

Read More

ইন্ধন অবিহনে যন্ত্ৰচালিত নাৱৰ আৰ্হি উদ্ভাৱন কৰি দৃষ্টি আকৰ্ষণ কৰিলে চৰাঞ্চলৰ দুই ছাত্ৰ‌ই ….

ইন্ধন অবিহনে যন্ত্ৰচালিত নাৱৰ আৰ্হি উদ্ভাৱন কৰি দৃষ্টি আকৰ্ষণ কৰিলে চৰাঞ্চলৰ দুই ছাত্ৰ‌ই  জুৰীয়াত বিজ্ঞান সমাৰোহৰ সামৰণি দৈনন্দিন বাৰ্তা LIVE,নগাঁও, ২৭ নৱেম্বৰ :: ইন্ধন অবিহনে সৌৰ শক্তি অথবা বেটেৰীৰ জৰিয়তে এক যন্ত্ৰচালিত নাৱৰ আৰ্হি উদ্ভাৱন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে চৰাঞ্চলৰ দুই ছাত্র‌ই। আজি নগাঁও জিলাৰ জাৰামাৰী চৰ দেৱকান্ত বৰুৱা হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জুৰীয়া খণ্ডৰ উদ্যোগত আৰু ৰাজ্যিক যুৱ বঁটাপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান মানৱ বিকাশ চ’ছাইটীৰ সহযোগত অনুষ্ঠিত বিজ্ঞান সমাৰোহ উপলক্ষে বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগীতাত অংশ লৈ এইদৰে এক আৰ্হি উপস্থাপন কৰি স্থানীয় কান্দূলিমাৰী উচ্চ মাধ্যমিকৰ দুই ছাত্ৰ আদিলুৰ ৰহমান…

Read More

মৰিগাও জিলাত পোন প্ৰথমবাৰৰ বাবে মৰিতলী গাৱত দেখা পোৱা গৈছে বিশেষ খেতি…

এই খেতি মৰিগাও জিলাত পোন প্ৰথমবাৰৰ বাবে মৰিতলী গাৱত দেখা পোৱা গৈছে । ইয়াৰ পৰা সূতা তৈয়াৰ কৰা হয় ।কোনোবাই জৈন,  আকৌ কোনোৱে সূতা বুলিও কৈ আছে । আচলতে  আমিও শুদ্ধ নাম নাজানো । খাইৰুল ইছলাম, ভূৰাগাৱ, মৰিগাও( অসম) ।

Read More

নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং খালচাৰ :- দহ বছৰত দুই লাখ বাৰহেজাৰ কিলোমিটাৰ পথ অতিক্ৰম

নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং খালচাৰ দহ বছৰত দুই লাখ বাৰহেজাৰ কিলোমিটাৰ পথ অতিক্ৰম    দৈনন্দিন বাৰ্তাLIVE@(ছফিকুল ইছলাম)ধৰ্মশালা প্ৰতিবেদক, ধৰ্মশালা,২৭ নবেম্বৰঃ নিশাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে এজন শিক্ষকে শিক্ষকতা এৰাৰ লগতে শান্তিৰ বাবে নিজৰ ঘৰ পৰিয়াল এৰি ৯ বছৰ  ১০মাহ ধৰি গোটেই ভাৰতবৰ্ষৰ,২ লাখ ১২ হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি আহি ধুবুৰী গুৰুদ্বাৰত উপস্থিত হৈছে ৷ গুৰুদ্বাৰত ২৪ নবেম্বৰৰ পৰা ২৬ নবেম্বৰলৈ চলা গুৰু টেগ বাহাদুৰৰ শ্বহীদী দিৱসত অংশ লব পাই নিজকে সুখী অনুভব কৰি তেও কয় যে ইমান দূৰ চাইকেল চলাই…

Read More