অসমৰ শ্রমিকক বৰ্হিৰাজ্যত হত্যা

● তিনি বন্ধুৱে মিলি কৰ্নাটকত হত্যা কৰিলে মতলেৱ আলী নামৰ দৰঙৰ যুৱকজনক ● ১৩ দিনৰ পিছত দুই হত্যাকাৰীক গ্ৰেপ্তাৰ দৰং জিলাৰ ধুলা আৰক্ষী থানা অন্তৰ্গত ওজাগাৱঁৰ মতলেৱ আলী নামৰ ১৭বছৰীয়া শ্রমিকৰূপী কিশোৰ জনে প্রায় ৬ মাহ পুৰ্বে একে গাৱঁৰেই ওৱাইদুল্লাহ . মহিদুল ইছলাম আৰু বিল্লাল হুছেইন গৈছিল কৰ্নাটকৰ বাংগালোৰত অৱস্থিত ডেৰওন্দা নামৰ ঠাইত কফি বাগানত কাম কৰিবলৈ। কেইদিনমান আগতে মতলেৱ আলী আৰু ওৱাইদুল্লাহৰ মাজত কাম কৰাকলৈ তৰ্কযুদ্ধত লিপ্ত হোৱাত মাজনিশা ওৱাইদুল্লাহ নামৰ যুৱক জনে মতলেৱ আলী টোপনি গৈ থকা অৱস্থাত শুই থকা অৱস্থাত হত্যা কৰি ভাৰা ৰুমৰ কাষতে পুতি থয়…

Read More

বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ ছাঁ

বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ ছাঁ —————————- দৈনন্দিন বাৰ্তা live@ বিহালী ১৫ মাৰ্চ বিহালী একালৰ সংযুক্ত মুক্তি বাহিনী, অসমৰ সংক্ৰিয় সদস্য তথা বিহালী যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কুকিল বৰাৰ আজি গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অবস্থাত ক্ৰমাৎ স্বাস্থ্যৰ অধিক অবনতি হোৱাত ঘৰলৈ ঘূৰাই অনাৰ পথত অকাল মৃত্যুক আকোৱালী লয়। অতি অমায়িক তথা সৰবৰহী যুৱ নেতা কুকিল বৰা যোৱা কিছুদিন ধৰি মেলিনা ৰোগত ভূগি থকাৰ লগতে মধুমেহ ৰোগতো আক্ৰান্ত আছিল। হঠাৎ যোৱা কেইবাদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ অবস্থা ক্ৰমান্বয়ে অবনতি হোৱাত উন্নত চিকিতসাৰ বাবে ১১…

Read More

ঢেকীয়াজুলিৰ ৰাজপথত নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকৰ বিৰুদ্ধে  এনফৰ্চমেন্টৰ অভিযান

ঢেকীয়াজুলিৰ ৰাজপথত নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকৰ বিৰুদ্ধে  এনফৰ্চমেন্টৰ অভিযান জৰিমনা বিহাৰ লগতে জব্দ কৰিলে বহু যান বাহন   দৈনন্দন বাৰ্তাLive@(পবিত্ৰ কুমাৰ দাস) ঢেকীয়াজুলিঃ১৪মাৰ্চঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰত আৰক্ষী আৰু যান বাহন নিয়ন্ত্ৰন শাখা আৰক্ষীৰ নিষ্ক্ৰীয়তাৰ সুযোগতে দীৰ্ঘদিনৰ পৰা নথি-পত্ৰ বিহীন অটো,মেজিক ,উইংগাৰ আদিকে ধৰি যান বাহন চলাচল কৰি অহাৰ লগতে আইন ভংগকাৰী চালকৰ বাবেই চহৰ খনত তীব্ৰ যানজঁটৰ সমস্যা আৰু বিভিন্ন অবৈধ কৰ্ম কাণ্ডও সংঘটিত হৈ আহিছে৷প্ৰশাসনৰ দুৰ্বলতাৰ বাবে নথি -পত্ৰ বিহীন গাড়ীয়ে চহৰ খনত টিঘিল- ঘিলাই আছিল৷নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকক…

Read More

মাতৃৰ কোলা শূন্য কৰি গ’লগৈ স্নিগ্ধৰাগ , চতিয়াত শোকৰ বন্যা

মাতৃৰ কোলা শূন্য কৰি গ’লগৈ স্নিগ্ধৰাগ চতিয়াত শোকৰ বন্যা   দৈনন্দিন বাৰ্তা Live,চতিয়া:- স্নিগ্ধৰাগ- এক মিঠা অনুভৱ,সংগ্ৰামৰ এক জ্বলন্ত শিখা,দুৰন্ত সৈনিক,এবছৰীয়া এটি দেৱ শিশু৷ যাৰ জন্ম যেন সংগ্ৰামৰ বাবেহে হৈছিল৷ চতিয়াৰ খনাগুৰিৰ মধুস্মিত শইকীয়া আৰু হিমাশু ভূঞাৰ এবছৰীয়া সন্তান স্নিগ্ধৰাগ ৷জন্মৰ প্ৰায় কেইমাহ মান পাচতে নেমোনিয়া ৰোগত আক্ৰান্ত হৈছিল দেৱ শিশুটি৷চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি ঘূৰি অৱশেষত গুৱাহাটীৰ মাজ মজিয়াত অৱস্হিত অত্যাধুনিক কাৰিকৰি কৌশলপূৰ্ণ “প্ৰতীক্ষা” হস্পিটালত ভৰ্তি কৰা হৈছিল৷ কিন্তু ৰোগে জটিলতা ৰূপ ধাৰণ কৰাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল দিল্লীৰ গংগাৰাম হস্পিটাললৈ৷ যোৱা ৩ চেপ্তেম্বৰত অসম চৰকাৰ আৰু অসম আৰক্ষীৰ…

Read More

জিলা প্ৰশাসনৰ মৰমত প্ৰান পাই উঠে  সঞ্জীৱনী নাৰ্ছীংহোমে  আৰ টি আইনক বুঢ়া আঙুলি  ৰাজহুৱা স্বাৰ্থজনিত গোচৰ তৰাৰ সিদ্বান্ত অসমীয়া যুৱ মঞ্চৰ 

জিলা প্ৰশাসনৰ মৰমত প্ৰান পাই উঠে  সঞ্জীৱনী নাৰ্ছীংহোমে  আৰ টি আইনক বুঢ়া আঙুলি  ৰাজহুৱা স্বাৰ্থজনিত গোচৰ তৰাৰ সিদ্বান্ত অসমীয়া যুৱ মঞ্চৰ  দৈনন্দিন বাৰ্তা Live@ দেৰগাঁও ২০ফেব্ৰুৱাৰী : গোলাঘাট ,যোৰহাট জিলা প্ৰশাসন আৰু চিকিৎসা বিভাগৰ একাংশ দূৰ্নীতি গ্ৰস্থ বিষয়া কৰ্মচাৰিৰ বাবে অবৈধ ভাৱে চিকিৎসা সেৱা আগবঢ়োৱা সঞ্জীৱনী নাৰ্ছীংহোমে প্ৰান পাই উঠে – এই অভিযোগ অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ । চিকিৎসাৰ নামত ৰুগীক হাৰাশাস্তি আৰু মানসিক অত্যাচাৰ চলোৱা যোৰহাটস্থিত সঞ্জীৱনী নাৰ্ছীং হোমৰ বিৰূদ্বে অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট জিলা উপায়ূক্ত ক অলপতে এখন স্মাৰক পত্ৰ প্ৰদান কৰে গোলাঘাট…

Read More

চাবুৱাত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীৰ পৰা ১,১৪,১২০ টকা সংগ্ৰহ কৰিলে প্ৰধান শিক্ষকে

চাবুৱাত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীৰ পৰা ১,১৪,১২০ টকা সংগ্ৰহ কৰিলে প্ৰধান শিক্ষকে  প্ৰশাসনক ৭ দিনৰ চৰম সময়সীমা ছাত্ৰ মুক্তিৰ  দৈনন্দিন বাৰ্তাLive@ , চাবুৱা ১৫ ফেব্ৰুৱাৰী :  শিক্ষা বিভাগৰ উন্নয়ণৰ কথা কৈ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছে যদিও ডিব্ৰুগড় জিলাৰ চাবুৱাত ৮ ফেব্ৰুৱাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযান চলাই পোহৰলৈ আনিছিল শিক্ষকৰ অনিয়ম । চাবুৱাত চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আনিছিল সংগঠনটোৱে। গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰূপন কৰি শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ চেষ্টা কৰিছিল শিক্ষা বিভাগে। ইয়াৰ পৰিবৰ্তে শিক্ষা বিভাগৰ একাংশ…

Read More

পুত্ৰ হত্যাকাৰীৰ দলে আকৌ পিতৃ আনোৱাৰ হুছেইনক হত্যাৰ ভাবুকি 

পুত্ৰ হত্যাকাৰীৰ দলে আকৌ পিতৃ আনোৱাৰ হুছেইনক হত্যাৰ ভাবুকি  মন্দিয়াৰ শিশু হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ ২৪ ঘণ্টা সময় প্ৰশাসনক বান্ধি দিলে আমছুয়ে অন্যথা  ৰাইজক লৈ  জিলা ব্যাপী গণতান্ত্ৰিক আন্দোলন হুংকাৰ   দৈনন্দিন বাৰ্তা LIVE @শ্বাহানুৰ আলী আহমেদ,মন্দিয়া ১৫ ফেব্ৰুৱাৰী :- বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ শিতুলী গাঁৱৰ পঞ্চম শ্ৰেণীৰ শিশু ছাত্ৰ আবিদুল ইছলাম(১১)ক যোৱা  ১১ ফেব্ৰুৱাৰীৰ নিশা নৰৰূপী দস্যু এদলে হত্যা কৰাৰ ঘটনাক লৈ আজি আমছুয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে হত্যা কাৰীৰ দলটোৱে আকৌ পিতৃ আনোৱাৰ হুছেইনক হত্যাৰ ভাবুকি প্ৰদান কৰি আছে বুলি জনায় । ঘটনা সংকান্ত্ৰত আমছুৰ সত্ৰকনৰা…

Read More

সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ক্ষুব্ধ ৰাইজে লগালে তলা ( দিনৰ ১২ বজাালৈ উপস্থিত নহল এজনো কৰ্মচাৰী )

সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ক্ষুব্ধ ৰাইজে লগালে তলা ( দিনৰ ১২ বজাালৈ উপস্থিত নহল এজনো কৰ্মচাৰী ) দৈনন্দিন বাৰ্তাlive@ অভয়াপুৰী, ১৪ ফেব্ৰুৱাৰী: এই নতুন চৰকাৰখনে পৰিৱৰ্তনৰ নামত যিমানেই নীতি-নিৰ্দেশনা প্ৰদান নকৰোক  কিয় ৰাজ্য চৰকাৰৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰে এই নিৰ্দেশনাক । কিছুদিন পূৰ্ৱে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুয়ে আন আন জিলাসমুহৰ লগতে বঙাইগাঁওৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ সময়ত বিষয়া কৰ্মচাৰীসকলোক কাৰ্য্যালয়ৰ বাসভৱনত থাকিবলৈ নিৰ্দেশ দিছিল যদিও এই নিৰ্দেশনাক অংগুষ্ঠ দেখুৱালে বিষয়া- কৰ্মচাৰীসকলে । জানিবলৈ পোৱা মতে , সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ কৰ্মৰোত বিষয়া-কৰ্মচাৰীসকল দীৰ্ঘদিন ধৰি…

Read More

ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য,  বৃহৎ পৰিমানৰ কফ্ ছিৰাপৰ লগতে এজনক আটক

ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য,  বৃহৎ পৰিমানৰ কফ্ ছিৰাপৰ লগতে এজনক আটক দৈনন্দিন বাৰ্তা Live@ প্ৰতিবেদক,ধৰ্মশালা, ১৩ ফেব্ৰৱাৰীঃ    আজি ধুবুৰী আৰক্ষীয়ে গোপন সুত্ৰৰ পমখেদি চহৰ খনৰ পৰা ব়হৎ পৰিমানৰ কফ্ ছিৰাফ জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ প্ৰাপ্ত খবৰ মতে আজি বিয়লি ৩ বজাত ধুবুৰী আৰক্ষীয়ে গোপন সূত্ৰে খবৰ এজন ড্ৰাগছ ব্যৱসায়ীক হাতে-নাতে ধৰা পেলায় ৷ জানিব পৰা মতে ব্যৱসায়ী জন ধুবুৰীৰ ১৪ নং ৱাৰ্ডৰ আই জি ৰোডৰ স্বৰ্গীয় জিয়াউদ্দিন সেখৰ পুত্ৰ মনোৱাৰ হুছাইন (৪১) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ পিছত ড্ৰাগছ বিক্ৰেতা জনৰ পৰা আৰক্ষীয়ে…

Read More

সুলভ মূল্যৰ চাউল কলা বজাৰত বিক্ৰীৰ অভিযোগ জিলা উপায়ুক্তক ঃ সুখচৰ সমবায় সমিতিৰ এজেণ্টৰ ঃ

  সুলভ মূল্যৰ চাউল কলা বজাৰত বিক্ৰীৰ অভিযোগ জিলা উপায়ুক্তক ঃ সুখচৰ সমবায় সমিতিৰ এজেণ্টৰ ঃ দৈনন্দিন বাৰ্তাLive@ দঃশালমাৰা  ৬ ফেব্ৰুৱাৰী ঃ নবগঠিত দঃশালমাৰা হাটশিঙিমাৰী জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত থকা সুখচৰ সমবায় সমিতিৰ এজেণ্ট আব্দুল কাদেৰৰ বিৰুদ্ধে সুলভ মূল্যৰ চাউল আত্মসাৎ কৰাত জিলা উপায়ুক্ত অভিযোগ দিয়াত অঞ্চলটোত ব্যাপক প্ৰতিঞয়া সৃষ্টি হৈছে ।প্ৰাপ্ত অভিযোগ মতে ২০১৭ চনৰ এপ্ৰিল মাহত সুখচৰ সমবায় সমিতিৰ পৰা ৩ টকা কিলোৰ ছাউ আৰু নীলা কে কেৰাচিন তেল হিতাধিকাৰীৰ নামত আৱণ্ট হয়, আৰু আৱণ্টিত চৰকাৰী চাউল, নীলা কেৰাচিন তেল সুলভ মূল্যৰ দোকানী আব্দুল কাদেৰ…

Read More

গৰিয়া কাৱৈমাৰী বালক মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাগিয়াল বস্তৰ সেৱন কৰাৰ অভিযোগ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ

গৰিয়া কাৱৈমাৰী বালক মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাগিয়াল বস্তৰ সেৱন কৰাৰ অভিযোগ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ : শৈক্ষিক পৰিৱেশ বিনষ্ট : শিক্ষা বিভাগৰ  নগ্ন প্ৰতিছবি উন্মোচিত : দৈনন্দিন বাৰ্তা Live@দিলদাৰ হুছেইন, টুকটুকী ; 6 ফেব্ৰুৱাৰী: যি সময়ত বিনাবেতনে শিক্ষকতা কৰি ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষকে  ছাত্ৰ – ছাত্ৰীৰ  জীৱন – জ্ঞান  বিলাই  আহিছে,  আনকি  ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে  শিক্ষাৰ মানদণ্ড  অধিক গতিশীল  আৰু  ত্বৰাম্বিত কৰি তোলাৰ   লক্ষ্য ৰে বিভাগটো  স্বচ্ছ, নিকা  আৰু সংস্কাৰমুখী  কৰাৰ  উদ্দেশ্য  আগত ৰাখি  বৰ্তমান সময়ত গুনোৎসৱৰ দৰে কাৰ্যসূচী হাতত লৈ শিক্ষাৰ আমুল পৰিবৰ্তন অনাৰ যিমানেই চেষ্টা নকৰক কিয়…

Read More

হোজাই জিলা সমবায় সমিতি সমূহৰ বাৰ্ষিক সাধাৰণ সভা৷

হোজাই জিলা সমবায় সমিতি সমূহৰ বাৰ্ষিক সাধাৰণ সভা৷ *************************** দৈনন্দিন বাৰ্তাLive@ছাদিকুজ জামান মোৰাঝাৰ,মোৰাঝাৰ ৬ ফেব্ৰুৱাৰী হোজাই জিলাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কে এক জাননী যোগে জানিবলৈ দিছে যে ২০০৭ চনৰ অসমৰ সমবায় সমিতিৰ আইন অনুসৰি বিত্তীয় বৰ্ষ শেষ হোৱাৰ পৰা ৬ মাহৰ ভিতৰত প্ৰতিখন পঞ্জীয়ন ভুক্ত সমবায় সমিতিৰ বাৰ্ষিক সভা অনুষ্টিত নকৰিলে আইন অনুসৰি তেনে সমবায় সমিতিৰ সংশ্লিষ্ট সঞ্চালকমণ্ডলী স্বয়ংক্ৰীয় ভাৱে ভংগ হৈ যাব৷এনেদৰে বংগ হোৱা বা বা কৰ্তৃপক্ষই ভংগ কৰি দিয়া সমবায় সমিতিৰ সঞ্চালকমণ্ডলীৰ সদস্যই উপ বিধি অনুসৰি পুনৰ নিৰ্বাচনৰ অযোগ্যতা অৰ্জন কৰিব পাৰে৷আগন্তুক ২০১৮-২০১৯ বছৰত যিবিলাক সমবায় সমিতিৰ সঞ্চালকমণ্ডলীৰ…

Read More

*অসম উচ্চতৰ মাধ্যমিক মুক্ত শিক্ষাৰ নামত মুকলি ব্যাৱসায়ত নামিছে ইদ্ৰিছ মে’মৰিয়েলৰ অধ্যক্ষই*ব্যাপক প্ৰতিক্ৰিয়া*

অসম উচ্চতৰ মাধ্যমিক মুক্ত শিক্ষাৰ নামত মুকলি ব্যাৱসায়ত নামিছে ইদ্ৰিছ মে’মৰিয়েলৰ অধ্যক্ষই* ব্যাপক প্ৰতিক্ৰিয়া দৈনন্দিন বাৰ্তাLive@(জহিৰুল ইছলাম)-ৰূপহীহাট-৫ ফেব্ৰুৱাৰীঃঅসম উচ্চৰত মাধ্যমিক শিক্ষা সংসদৰ অধীনত মুক্ত শিক্ষাৰ নামত নগাঁও জিলাৰ ২০৮ নম্বৰ ইদ্ৰিছ মে’মৰিয়েল জুনিয়ৰ গাৰ্লছ কলেজ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ৰিয়াজুল ইছলামে মুকলিকৈ ব্যাৱসায়ত নামাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷প্ৰাপ্ত অভিযোগ মতে ইদ্ৰিছ মে’মৰিয়েলৰ অধ্যক্ষ ৰিয়াজুল ইছলামে ২০১৭ বৰ্ষৰ ‘এ’ব্লকৰ বাবে প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰীৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নিৰ্ধাৰন কৰি দিয়া মাছুলৰ পৰা প্ৰায় দুগুন মাছুল বৃদ্বি কৰি ৬৫০০ টকাকৈ লৈ ছাত্ৰ-ছাত্ৰীক মানি ৰিছিভ প্ৰধান কৰিছিল ৷কিন্তু অধ্যক্ষ জনে…

Read More

নাজিৰাত পাণ মছলা , গুটখাৰ অবাধ প্ৰচলন

নাজিৰাত পাণ মছলা , গুটখাৰ অবাধ প্ৰচলন       দৈনন্দিন বাৰ্তা LIVE@পংকজ মহন্ত,মেছাগড়ৰ প্ৰতিবেদক ২ ফেব্ৰুৱাৰী ঃ নাজিৰা মহকুমাৰ নগৰ আৰু গ্ৰাম্যাঞ্চলত মহকুমা প্ৰশাসন আৰু আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই সৰহ সংখ্যক পাণ তামোলৰ ব্যৱসায়ীয়ে পাণ তামোলৰ ব্যৱসায় কৰাৰ নামত নিষিদ্ধ গুটখা জাতীয় সামগ্ৰীৰ বেহা সৃষ্টি কৰাৰ লগতে পাণ মছলাৰো ক’লা বজাৰৰ সৃষ্টি কৰিছে । গুটখাজাতীয় সামগ্ৰীৰ বন্ধ কৰাৰ বিষয়ত বিভিন্ন সময়ত স্থানীয় দল-সংগঠন সমূহে মাত মাতি অহাৰ দেখা পোৱা যায় যদিও বৰ্তমান নিৰৱ ভূমিকাত দেখা গৈছে । তদুপৰি এই নিষিদ্ধ সামগ্ৰীসমূহৰ প্ৰচলন বন্ধ কৰাৰ বাবে মহকুমা প্ৰশাসনৰ ভূমিকা ৰহস্যজনক। শৈক্ষিক…

Read More

ডিমৌত আৰক্ষী থানাৰপৰা অপৰাধীৰ পলায়ন : ধোঁৱাচাঙত  আৰক্ষী বেহুৰ নিৰাপত্তা

ডিমৌত আৰক্ষী থানাৰপৰা অপৰাধীৰ পলায়ন : ধোঁৱাচাঙত  আৰক্ষী বেহুৰ নিৰাপত্তা ডিমৌ,২ জানুৱাৰী:- বৃহস্পতিবাৰে ডিমৌত সংঘটিত হ’ল এক আজৱ ঘটনা । খোদ আৰক্ষী থানাৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলাল কুখ্যাত অপৰাধী । মুঠ ৬ জনকৈ আৰক্ষী বিষয়া আৰু কনিষ্টবলেৰে গিজগিজাই থকা ডিমৌ আৰক্ষী থানাৰ পৰা দিন-দুপৰতে এটা কুখ্যাত অপৰাধীয়ে পলায়ন কৰা ঘটনাই সৰ্বত্তে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিবপৰা অনুসৰি,ডিমৌ আৰক্ষীৰ চূড়ান্ত দায়িত্বহীনতাত থানাৰপৰা পলাই যোৱা অপৰাধীটোৰ নাম ইক্ৰামুল হক ওৰফে বদং । ধৃত অপৰাধীটোৰ ঘৰ ডিমৌৰ সমীপৰ জাপিসজীয়া গাঁৱত । তদুপৰি, বদং ওৰফে কুখ্যাত ইক্ৰামুল একাধিক অপৰাধজনিত ঘটনাৰ সৈতে…

Read More

ছাত্ৰ- ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত জন্মিছে ফৰাজী বস্তী মজলীয়া বিদ্যালয়ত

  👉 ছাত্ৰ- ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত জন্মিছে ফৰাজী বস্তী মজলীয়া বিদ্যালয়ত । 👉বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো নীৰৱ সংশ্লিষ্ট কৰ্তৃপক্ষ । 👉আমাৰ পঢ়িবলৈ মন-আমাক শিক্ষক দিয়ক – শিক্ষা মন্ত্ৰীলৈ এই আহ্বান কণ কণ ছাত্ৰ ছাত্ৰীৰ । ————————– দৈনন্দিন বাৰ্তাLive@ ছাইদুল ইছলাম , ধিং , ২ ফেব্ৰুৱাৰী :প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ লক্ষ্যৰে চৰকাৰে কেতবোৰ অভিলাষী আঁচনি ৰূপায়ণ কৰা বুলি দাবী কৰি অহাৰ সমতে ধিঙৰ কমলসূতি চৰত ইয়াৰ বিপৰীত ছবি খনহে দেখা গৈছে । বহু সংখ্যক বিদ্যালয়ত প্ৰয়োজনীয় আন্ত:গাঁঠনিৰ সামান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত…

Read More

আপুনি ও আগবাঢ়ি আহক 👍 মৃণাল কুমাৰ ডেকা সপোন পুৰণৰ বাবে আপোনাৰ কিছু সহায় প্ৰয়োজন

মৃণাল কুমাৰ ডেকা সপোন পুৰণৰ বাবে আপোনাৰ কিছু সহায় প্ৰয়োজন  আপুনি ও আগবাঢ়ি আহক দৈনন্দিন বাৰ্তা Live@ বিশ্বনাথ চাৰিআলি ১ ফেব্ৰুৱাৰী ; শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ এজন যুৱকে দুৰাৰোগ্য যকৃতৰ ৰোগত আক্ৰান্ত হৈ অাৰ্থিক দুৰৱস্থাৰ বাবে উন্নত চিকিৎসা কৰিব নোৱাৰাত উপায়হীন হৈ পৰিছে । চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰিদুৱাৰ সমীপৰ ননকে বাকোলাৰ যুৱক মৃণাল কুমাৰ ডেকা(২২)ই বিগত তিনিবছৰে দুৰাৰোগ্য যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছে । জানিব পৰা মতে, ২০‍১৫ বৰ্ষতে চফল ডেকাজনৰ গাত এই ৰোগে দেখা দিয়াৰ পিছতে মৃণালৰ জীৱনত নামি আহে অমানিশা । কাৰণ, দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল…

Read More

মৰাণত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

মৰাণত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য ————————————————————– দৈনন্দিন বাৰ্তাLive@ কৰুণা ফুকন,মৰাণ;১ ফেব্ৰুৱাৰী: মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণৰ পানীতোলাত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি কৰিছে । এখন হাবিত এজোপা গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰা মৃতদেহটো মৰাণ পানীতোলাৰ নিবাসী অতুল শইকীয়া(৪৫)বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজ তথা পৰিয়ালৰলোকে।মৰাণ থানাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। লোকজনক যোৱা নিশা পৰা নিৰুদ্দেৰ্শ হৈ আছিল। পৰিয়ালৰ লগত পাৰিৰ্বাৰিক কন্দল লাগি ঘৰৰ পৰা ওলাই যোৱা লোকজনে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।প্ৰয়াত লোকজনে মৃত্যু সময়ত পত্নী, এক পুত্ৰ-বোৱাৰী আৰু দুই নাতিয়েকক  ইহসংসাৰত এৰি…

Read More

শিঙৰীত ধৰ্ষিতা মুকবধিৰ কিশোৰীৰ বাসগৃহত দুই ছাত্ৰ সংগঠনৰ প্ৰতিনিধিঃ তীব্ৰ নিন্দা দোষীক কঠোৰ শাস্তিৰ দাবীঃ

শিঙৰীত ধৰ্ষিতা মুকবধিৰ কিশোৰীৰ বাসগৃহত দুই ছাত্ৰ সংগঠনৰ প্ৰতিনিধিঃ তীব্ৰ নিন্দা দোষীক কঠোৰ শাস্তিৰ দাবীঃ ____________________________________________________________________ দৈনন্দিন বাৰ্তাLive@পবিত্ৰ কুমাৰ দাস,ঢেকীয়াজুলিঃ১ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ শিঙৰী আৰক্ষী চকীৰ অন্তৰ্গত কালিস্থান নিকটবৰ্তী ঘোঁৰামৰাত দুজন লম্পট যুৱকৰ কামনাৰ বলি হোৱা মুকবধিৰ কিশোৰী গৰাকীৰ বাসগৃহত কালি উপস্থিত হ’ল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল এটাই৷উল্লেখ্য যে,কেইদিন মান পূৰ্বে শিঙৰীৰ কালিস্থান নিকটবৰ্তী ঘোঁৰামৰা গাঁৱত এগৰাকী মুকবধিৰ কিশোৰীয়ে গাঁও খনত হোৱা এটা পৰিয়ালৰ বিয়াৰ অনুষ্ঠানৰ পৰা নিজৰ ঘৰলৈ ওভতি অহাৰ বাটতে আগভেটি ধৰি দুটা লম্পটে ধৰ্ষণ কৰিছিল মুকবধিৰ কিশোৰী গৰাকীক৷ঘটনা সন্দৰ্ভত শিঙৰী আৰক্ষী…

Read More

পাটসাঁকো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন

পাটসাঁকো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন দৈনন্দিন বাৰ্তাLive@বকতাৰ পৰা প্ৰাঞ্জল বৰুৱা‌ৰ এক প্ৰতিবেদন ,বকতা,১ ফ্ৰেব্ৰুৱাৰী :- নৱগঠিত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সীমান্তবৰ্তী অঞ্চলত অৱস্থিত চাৰিটাকৈ বৃহৎ মৌজা বকতা, খালৈঘোগুৰা, শিলাকুটি আৰু মাহমৰা‌ৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান পাটসাঁকো মহাবিদ্যালয়। যোৱা ১ ফ্ৰেব্ৰুৱাৰী তাৰিখে মহাবিদ্যালয়‌খনিৰ ২০১৮-১৯ বৰ্ষৰ ছাত্র একতা সভাখনি গঠন কৰা হয়। নতুনকৈ গঠন হোৱা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল হল, সৰলা মহন (অধ্যক্ষ), সভাপতি; মুনিল কোঁৱৰ, উপ সভাপতি; ভূপেন ফুকন, সাধাৰণ সম্পাদক; সংগীতা নাথ, সহকাৰী সাধাৰণ সম্পাদক; কল্যাণ মহন, গুৰু ক্ৰীড়া সম্পাদক; দীপশিখা মহন, লঘু ক্ৰীড়া সম্পাদক; পাপৰি সন্দিকৈ, সাহিত্য সম্পাদক; কনকলতা…

Read More