ৰাজ্যিক ভিত্তিত আয়োজিত চিত্ৰাংকণ-কুইজ প্ৰতিযোগিতাৰ ফলাফল ঘোষনা

 ৰাজ্যিক ভিত্তিত আয়োজিত চিত্ৰাংকণ-কুইজ প্ৰতিযোগিতাৰ ফলাফল ঘোষন দৈনন্দিন বাৰ্তা Live@নব কুমাৰ ডেকা, ওদালগুৰি,১৯জানুৱাৰী: ষষ্ঠ ভৈৰৱকুণ্ড মহোৎসৱৰ সৈতে যোৱা ১৮ জানুৱাৰীত সদৌ অসম ভিত্তিত আয়োজিত চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰা হৈছে । ফলাফল অনুসৰি ক শাখাৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰথম স্হান  এচ ই আৰ এচ পাব্লিক স্কুলৰ (ৰঙিয়া) ছাত্ৰ তনুজ সমাদ্দাৰ, দ্বিতীয়-ওদালগুৰিৰ মহৰ্ষি বিদ্যালয়ৰ ছাত্ৰী কে.মমিতা সিংহ আৰু  তৃতীয় ওদালগুৰি মহৰ্ষি বিদ্যালয়ৰ ছাত্ৰী মান্টি বিশ্বাসে লাভ কৰে। খ শাখাত প্ৰথম টংলা কলেজৰ ছাত্ৰ কংকণ ডেকা,দ্বিতীয় তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জ্যোতিস্মান শৰ্মা আৰু তৃতীয় ওদালগুৰি কলেজৰ ছাত্ৰ শিবিচা খুংগুৰ…

Read More

নগাঁৱত  মহিলা আত্মসহায়ক গোটক ই ৰিক্সা বিতৰণ

নগাঁৱত  মহিলা আত্মসহায়ক গোটক ই ৰিক্সা বিতৰণ নগাঁও,৬জানুৱাৰী: মহিলা সকলক স্বাবলম্বী আৰু অৰ্থনৈতিক ভাবে সবল কৰাৰ প্ৰচেষ্টাৰে অসম ৰাজ্যিক  গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত  কালি নগাৱত ৬ টা মহিলা আত্মসহায়ক গোটক বিতৰণ কৰা হয় ই ৰিক্সা।কালি  নগাঁও চহৰৰ কাষৰীয়া শেনছোৱা স্হিত  খাগৰিজান উন্নয়ন খন্ডত  অনুষ্ঠিত  এখন সভাত ই ৰিক্সা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলা উপায়ুক্ত চমচেৰ সিঙে।উক্ত অনুষ্ঠানত জিলা প্ৰকল্প পৰিচালক চন্দন তালুকদাৰ ,খাগৰিজান উন্নয়ন খন্ডৰ খন্ড  উন্নয়ন বিষয়া প্ৰমুখ্যে উন্নয়ন খন্ডৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

Read More

বাৰঘৰীয়া নবোদয় যুৱক  সংঘৰ সৌজন্যত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত জিকিৰ প্ৰতিযোগিতাৰ আয়োজন

বাৰঘৰীয়া নবোদয় যুৱক  সংঘৰ সৌজন্যত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত জিকিৰ প্ৰতিযোগিতাৰ আয়োজন দৈনন্দিন বাৰ্তা Live@ দেৰগাঁৱ ৪জানুৱাৰী: শদিয়াৰ পৰা ধুবুৰীলৈ যিজন জিকিৰ সম্ৰাটে অসমীয়া সমাজৰ মাজত সুৱদী সুৰীয়া জিকিৰে শংকৰ আজানৰ দেশত ঐক্য, সম্প্ৰতিৰ দৌল সাজিছিল, সেইজন জিকিৰ যাদুকৰ প্ৰয়াত ৰেকিবুদ্দিন আহমেদৰ গৃহ জিলা গোলাঘাটৰ, বাতিপৰীয়া বাৰঘৰীয়া গাঁওত নবোদয় যুৱক  সংঘৰ সৌজন্যত অহা ইংৰাজী ৭ জানুৱাৰী তাৰিখে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত এলানি জিকিৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিৰ প্ৰচাৰ সম্পাদক মফজুল হক আৰু সভাপতি ইক্ৰাম হুছেইনে, ইফালে জিকিৰ প্ৰতিযোগিতাৰ সংগতি ৰাখি স্থানীয়…

Read More

ডিপলোঙা নৈৰ পানীয়ে বছৰ‌‌ি বছৰি মাধমাৰ শোধাইছে বেজৰহোলাৰ কৃষকক

ডিপলোঙা নৈৰ পানীয়ে বছৰ‌‌ি বছৰি মাধমাৰ শোধাইছে বেজৰহোলাৰ কৃষকক পুহৰ পথাৰত সেউজীয়া ৰচিছে দৰিদ্ৰ কৃষকে দৈনন্দিন বাৰ্তাLive@,চতিয়া ৩ জানুৱাৰী : – ঘৰলৈ সোণগুটি চপাই কৃষক ৰাইজ এতিয়া জীৰণি লোৱাৰ সময়। কিন্তু এই সময়তে কৃষি পথাৰত ব্যস্ত হৈ সেউজীয়া সপোন ৰচিছে অবিভক্ত শোণিতপুৰ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত বেজৰহোলা অঞ্চলৰ বহু সংখ্যক দৰিদ্ৰ কৃষকে। যাৰ বাবে এতিয়া দীৰ্ঘদিন বিৰতিৰ পিছত পুনৰ গৰু চৰা বাকৰিৰ পৰা কৃষিভূমিত পৰিনত হল বেজৰহোলাৰ কেইবাশহেক্টৰ কৃষিভূমি। উল্লেখযোগ্য যে, এই বৃহৎ পৰিমাণৰ ভূমিত পূৰ্বতে কৃষি কাৰ্য্য কৰা হৈছিল আৰু ইয়াত উৎপাদিত ধানেই আছিল বহু দৰিদ্ৰ কৃষকৰ উপাৰ্জনৰ…

Read More

:পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি:

:পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি: দৈনন্দিন বাৰ্তাLive@নয়ন মনি বৰা,পুৰণিগুদাম,৩জানুৱাৰী: নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ নৃত্যানুষ্ঠান “অংগাভিনয়”ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে অহা চাৰি জানুৱাৰীত “নৃত্যৰ এনিশা” অনুষ্ঠান আয়োজনৰ প্ৰস্ততি চলিছে৷পুৰণিগুদাম ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত সন্ধ্যা সাত বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নৃত্যানুষ্ঠানত শিশু নাটক “মূৰ্খ ৰজাৰ বিচাৰ” আৰু “যোগাসন”ৰ অনুষ্ঠানো পৰিবেশন কৰা হ’ব৷ অংগাভিনয়ৰ প্ৰশিক্ষক বিনোদ ভূঞা আৰু বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাত নৃত্যানুষ্ঠান, ৰবীন শইকীয়াৰ পৰিচালনাত নাটক “মূৰ্খ ৰজাৰ বিচাৰ” আৰু যুক্তা বৰাৰ পৰিচালনাত “যোগাসন” পৰিবেশন হ’ব বুলি অংগাভিনয়ৰ সঞ্চালক পল্লৱ কলিতাই জানিবলৈ দিছে৷

Read More

ডিমৌত ভেলাঘৰৰ ৰূপত সাজু ৪০ ফুট দীঘল,২০ ফুট ওখ এশিঙীয়া গঁড়

ডিমৌত ভেলাঘৰৰ ৰূপত সাজু ৪০ ফুট দীঘল,২০ ফুট ওখ এশিঙীয়া গঁড় দৈনন্দিন বাৰ্তা Live@(ডিমৌৰ পৰা গৌতম হীৰা )৩ জানুৱাৰী:-কাজিৰঙাত নহয়,এইবাৰ ডিমৌৰ ধাননি পথাৰত ওলাইছে এশিঙীয়া গঁড় । এইবাৰ অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহুত চোৰাং চিকাৰীক ফাঁচি দিব এখন গাঁৱৰ গাওঁবাসীয়ে । ভোগালীলৈ মাজত মাঁথো কেইটামান দিন বাকী । তাৰবাবে এতিয়া চৌদিশে দেখিবলৈ পোৱা গৈছে যুদ্ধকালীন তৎপৰতা । শিৱসাগৰ জিলাৰ ডিমৌ নিতাইপুখুৰীৰ সমীপৰ পদুমণি গাঁৱৰ গাওঁবাসীৰ মাজত চলিছে ভোগালীৰ অনন্য প্ৰস্তুতি । বিগত বৰ্ষত তিনিখলপীয়া ভেলাঘৰ আৰু লিফ্ট সজাই অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰা পদুমণি গাঁৱৰ গাওঁবাসীয়ে এইবাৰ ভোগালীত গাঁৱৰ বাঁহ, কাঠ…

Read More

নৱবৰ্ষৰ পহিলা দিনা বটদ্রৱা থানত দৰ্শনাৰ্থীৰ ভিৰ:

নৱবৰ্ষৰ পহিলা দিনা বটদ্রৱা থানত দৰ্শনাৰ্থীৰ ভিৰ:  বটদ্রৱা, ১ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোৰ পুৱাতে অসমীয়া জাতিৰ জনক জগতগুৰু শ্রীমন্ত শঙ্কৰদেৱৰ পবিত্র জন্মস্থান বটদ্রৱা থানত সহস্রধিক লোকৰ সমাগম ঘটি উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। পুৱাৰে পৰা অগনন দৰ্শনাৰ্থী, তীৰ্থযাত্রী, ভক্তপ্রাণ ৰাইজৰ আগমন ঘটিল ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা। নতুন প্রজন্মৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতী আৰু নৱদম্পতি সকলোৱে জাতীয় সাজ পৰিধান কৰি নতুন সংকল্প বুকুত বান্ধি আশীষ ললে বটদ্রৱা থানৰ কীৰ্তনঘৰ, পদশিলা আৰু দৌল মন্দিৰত। আগন্তুক বছৰটোত পৰিয়ালৰ সুখ-সমৃদ্ধি লগতে অসমৰবাসীৰ শান্তি-সম্প্রীতিৰ কামনাৰে থানত সেৱা-নৈৱেদ্য আগবঢ়ই সহস্রাধিকে লোকে। পুৰাৰ পৰা বিয়লিলৈকে বটদ্রৱা থানৰ কীৰ্তনঘৰ, হতীপুখুৰী…

Read More

নৱবৰ্ষক আদৰণি : ওদালগুৰিত উদিত বেলিৰ বহু ভাষিক কবি সন্মিলন

ওদালগুৰিত উদিত বেলিৰ বহু ভাষিক কবি সন্মিলন: সাতটা ভাষাৰ কবিতাৰে জীপাল কৰি আদৰণি নৱবৰ্ষক  ওদালগুৰি: (নব কুমাৰ ডেকা) ১,জানুৱাৰী: ইংৰাজী নৱবৰ্ষক কবিতাৰ শব্দৰে আদৰণি আৰু ২০১৭বৰ্ষক বিদায়ৰ উদ্দেশ্যে আজি ওদালগুৰি জিলা কবি সমাজৰ উদ্যোগত” উদিত বেলি’ৰ বহু ভাষিক কবি সন্মিলনখনি ওদাৰগুৰিৰ খাংখালাবাৰী নিবাসী জিলা নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কৃতী শিক্ষক বিষ্ণু শৰ্মা নেওপানেৰ বাস ভৱনত সফলতাৰে অনুষ্ঠিত হৈ যায়।  নৱবৰ্ষৰ প্ৰথম দিনটোতে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভাৰম্ভি কৰি জ্যেষ্ঠ নাগৰিক তথা অবসৰপ্ৰাপ্ত শিক্ষক গোৱৰ্ধন প্ৰসাদ চৌহানে কয়- কবিতাৰ জৰিয়তে মানুহৰ মনৰ চিন্তা প্ৰকাশ পায়। ভাষাই হৈছে কবিতাৰ বাহন।…

Read More

‘হেজাৰ কবিৰ সপোন’   উন্মোচন…

প্ৰেছ বাৰ্তা – ইংৰাজী ৩০-১২-২০১৭ তাৰিখে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত অনুস্থিত হোৱা গ্ৰন্থমেলাত দ্বিভাষিক কাব্য সংকলন  ‘হেজাৰ কবিৰ সপোন’   উন্মোচন কৰা হয়। কস্তৰী প্ৰকাশনৰ স্বতাধিকাৰী শ্ৰী খনীন মেধিয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে ‘হেজাৰ কবিৰ সপোন’ উন্মোচনৰ বাবে নিমন্ত্ৰণ চিৰপৰিচিত কবি ৰবীন্দ্ৰ বৰা ডাঙৰীয়া, জ্যেষ্ঠ কবি আনিছ উজ জামান ডাঙৰীয়া আৰু কৌস্তুভমণি শইকীয়া ডাঙৰীয়া। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক কবি পাঠক তথা সুধীবৃন্দৰ সন্মুখত ৰবীন্দ্ৰ বৰা ডাঙৰীয়াই ‘হেজাৰ কবিৰ সপোন’ উন্মোচন কৰে।  মুখ্য সম্পাদক ড° লখিমী গগৈ, সম্পাদকদ্বয় ক্ৰমে শ্ৰী মৃণাল কুমাৰ…

Read More

অসম জাতীয় বিদ্যালয় নুনমাটি আজিৰ পৰা সমগ্ৰ জাতীয় বিদ্যালয়ত ৰুপালী জয়ন্তী বৰ্ষ

অসম জাতীয় বিদ্যালয় নুনমাটি আজিৰ পৰা সমগ্ৰ জাতীয় বিদ্যালয়ত ৰুপালী জয়ন্তী বৰ্ষ উদযাপন আজিৰ পৰা আৰম্ভ হৈছে ।সেয়ে সমগ্ৰ  অসমৰ জাতীয় বিদ্যালয়ৰ লগতে লাহৰীঘাটৰ ধূপগুৰি জাতীয় বিদ্যালয়তো বিভিন্ন কাৰ্যসূচী পালন কৰা হয়।পতাকা উত্তোলন , আলোচনা চক্র ,কুইজ  , পদযাত্ৰা  আদি ।বিদ্যালয়ৰ  অধ্যক্ষ মুজামিল হক,  সচিৱ ৰফিকুল  ইছলাম আৰু সকলো শিক্ষক শিক্ষয়িএ ছাএ ছাত্ৰীয়ে অংশগ্ৰহন কৰে ।

Read More