ঢেকীয়াজুলিত ভোটাৰ পৰিচয় পত্ৰত বিভ্ৰান্তিঃনিৰ্বাচন আয়োগৰ কাৰ্যত ক্ষুদ্ধ যুৱ-ছাত্ৰ পৰিষদঃশুধৰণিৰ দাবী

ঢেকীয়াজুলিত ভোটাৰ পৰিচয় পত্ৰত বিভ্ৰান্তিঃনিৰ্বাচন আয়োগৰ কাৰ্যত ক্ষুদ্ধ যুৱ-ছাত্ৰ পৰিষদঃশুধৰণিৰ দাবী দৈনন্দিন বাৰ্তাLive,পবিত্ৰ কুমাৰ দাস,ঢেকীয়াজুলি,১৪মাৰ্চঃ ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰোক্ষ পৰিচালনাত নাগৰিকক দিয়া ভোটাৰ পৰিচয় পত্ৰত সংঘটিত নাভূত নাশ্ৰুত কাণ্ডই সকলোকে হতচকিত কৰি তুলিছে৷ভাৰত চৰকাৰৰ স্বতন্ত্ৰ বিভাগ নিৰ্বাচনী বিভাগে কোটি -কোটি টকা ব্যয় সাপেক্ষে ভোটাৰ তালিকাকে ধৰি নাগৰিকৰ ভোটাৰ পৰিচয় পত্ৰ আদি নিখুঁত ভাবে সম্পাদন কৰিছে যদিও ভোটাৰ তালিকা আৰু ভোটাৰ পৰিচয় পত্ৰত ব্যাপক বিভ্ৰান্তি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বৰছলা বিধান সভা সমষ্টিৰ শান্তিপুৰ গাঁৱত অৰ্ধেক সংখ্যক লোকৰ ভোটাৰ পৰিচয় পত্ৰৰ  নম্বৰ ইন্টাৰনেটত চাৰ্চ কৰিলে সেই…

Read More

ঢেকীয়াজুলিত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা

ঢেকীয়াজুলিত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা : পঞ্চায়ত এলেকাত নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত কৰিছে সঘনাই দৈনন্দিন বাৰ্তা Live@বৰছলাৰ পৰা পবিত্ৰ কুমাৰ দাসৰ ৰিপৰ্টঃ ১৩ মাৰ্চঃ ঢেকীয়াজুলি বিধান সভা সমষ্টিত শাসক দল বিজেপিয়ে আগন্তক পঞ্চায়ত নিৰ্বাচনকলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ।বৰ্ত্তমানে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও দলে কিছু আগতীয়াকৈ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰা দেখা গৈছে ।বিশেষকৈ সমষ্টিটোৰ অন্তৰ্গত পানবাৰী জিলা পৰিষদ সমষ্টিত দলীয় নেতা কৰ্মী সকলে জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত গোটেই কেইটা পঞ্চায়ত দখলৰ বাবে ব্যাপক তৎপৰতা চলোৱা দেখা গৈছে ।দলীয় নেতা -কৰ্মী সকলে সঘনাই সভা -সমিতি অনুষ্ঠিত কৰি…

Read More

নাৰীক সন্মান কৰিব নাজানে বিজেপিয়ে বিশ্বনাথত  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা 

 নাৰীক সন্মান কৰিব নাজানে বিজেপিয়ে বিশ্বনাথত  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা  দৈনন্দিন বাৰ্তা লাইভ@   বিশ্বনাথ চাৰিআলি ১৩ ফেব্ৰুৱাৰী  বিজেপি দলে  নাৰীক সন্মান  কৰিব নাজানে দেশক সুৰক্ষা দিয়াত ব্যথ হৈছে  বিজেপি দল এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা । আজি বিশ্বনাথ চাৰিআলিত  বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যলয়ত  বিশ্বনাথ জিলা মহিলা কংগ্ৰেছ কমিটিৰ এখনি   বৰ্ধিত কাৰ্যকৰী সভাত উপস্থিত হৈ এই মন্তব্য কৰি কয় বৰাই  বিজেপিয়ে দেশক বিক্ৰী কৰিবলৈ গৈ আছে এক প্ৰকাৰ ।  কংগ্ৰেছৰ দিনত মূল্য বৃদ্ধি হোৱা নাছিল ৰাইজে কোনো কষ্ট পোৱা নাছিল কিন্তু এতিয়া দৰিদ্ৰ তেজ শুহি শুহি খাইছে…

Read More

মহাত্মা গান্ধী,জৱাহৰলাল নেহেৰু তথা কংগ্ৰেছ সম্পৰ্কত ৰূপম গোস্বামীৰ তীৰ্য্যক আৰু অশোভনীয় মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ

মহাত্মা গান্ধী,জৱাহৰলাল নেহেৰু তথা কংগ্ৰেছ সম্পৰ্কত ৰূপম গোস্বামীৰ তীৰ্য্যক আৰু অশোভনীয় মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ দৈনন্দিন বাৰ্তা LIVE @বিশ্বনাথ চাৰিআলি,৩১ জানুৱাৰীঃ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ সম্পৰ্কে কৰা মন্তব্যক চৰম অশোভনীয় আৰু সাম্প্ৰদায়িক আখ্যা দি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে৷ আনকি এই সংক্ৰান্তত আজি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই বিহালী আৰক্ষী থানাত ৰূপম গোস্বামীৰ বিৰুদ্ধে এক এজাহাৰো দাখিল কৰে। বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কয় যে – ভাৰতবর্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ।  এইখন দেশত কোনে কি উপাধি লৈছে…

Read More

এনএছ ইউ ৱাইৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

এনএছ ইউ ৱাইৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন —————————————— দৈনন্দিন বাৰ্তা Live@ছাদিকুজ জামান মোৰাঝাৰ ২৮ জানুৱাৰী  ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন চমুকৈ এন এছ ইউ আইৰ হোজাই জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা  বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় ।  উক্ত বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে হোজাই জিলা এন এছ ইউ আইৰ সভাপতি মেহবুব আহমেদ বৰভূঞাই ।সভাত উপস্থিত থাকে অসম ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক হোজাই জিলা এন এছ ইউ আইৰ তত্বাৱধায়ক ইফতিকাৰ হুছেইন । সভাত সদস্য অন্তৰভূক্তি শুভাৰম্ভ কৰা হয় । লগতে হোজাই জিলাৰ অন্তৰ্গত যমুনামুখৰ প্ৰাণকেন্দ্ৰস্বৰূপ যমুনামুখ মহাবিদ্যালয়ৰ ছাত্ৰ…

Read More

ৰূপহীত ২৯ জানুৱাৰী পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে

ৰূপহীত ২৯ জানুৱাৰী পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ৰূপহীহাটৰ পৰা কংগ্ৰেছ মুক্ত কৰাৰ সংকল্প কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ দৈনন্দিন বাৰ্তা Live@ জহিৰুল ইছলাম-ৰূপহীহাট-২৭ জানুৱাৰীঃ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত ৰূপহী ভকতগাৱত অহা ২৯ জানুৱাৰীত বিজেপি দলৰ এক বিশাল সভাৰ আযোজন কৰিছে ৷আগন্তক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি এই বিশাল সভাৰ আযোজন কৰিছে বুলি জানিব পৰা গৈছে ৷উক্ত সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব ৷সভাখন সাফল্যমণ্ডিত কৰিবলৈ কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া,সাধাৰন সম্পাদক বিৰাজ কুমাৰ নন্দি,সম্পাদক প্ৰাণজিৎত…

Read More

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া প্ৰধানমন্ত্ৰীৰ অাখ্যা– ৰিপুন বৰাৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া প্ৰধানমন্ত্ৰীৰ অাখ্যা— ৰিপুন বৰাৰ চতিয়াত কংগ্ৰেছৰ বিশাল জনসভাত কেইবা শতাধিক বিজেপি , অগপ , চি পি অাই (এম ) এ অাই এ ইউ ডি এফৰ সদস্যৰ যোগদান দৈনন্দিন বাৰ্তা Live,@, জামুগুৰিহাট , ২৫ জানুৱাৰী :    “কংগ্ৰেছ দ’ল দুখীয়া দৰিদ্ৰৰ দ’ল । কংগ্ৰেছ দ’লে গনতন্ত্ৰক বিশ্বাস কৰে , কংগ্ৰেছৰ ১২০ বছৰীয়া ইতিহাস অাছে । ইয়াৰ বিপৰীতে বিজেপি দ’ল হৈছে ধনীক শ্ৰেনীৰ পুঁঁজি পতিৰ দ’ল । দুখীয়াৰ ধন কাঢ়ি পুঁজিপতিৰ ভৰাল টনকিয়াল কৰে এই দ’লে । বিজেপি দলত গনতন্ত্ৰ নাই । এই দ’লে কেৱল মিছা কথাৰে…

Read More

ৰঙাপৰা সমষ্টিত অগপৰ পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক সভা সম্পন্ন 

ৰঙাপৰা সমষ্টিত অগপৰ পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক সভা সম্পন্ন    :: বালিপৰা ::25 জানুৱাৰী :: ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন দিনকদিনে চমু চাপি অহাৰ লগে লগে  শোণিতপুৰতো ৰাজনৈতিক দলসমূহে প্ৰাক-নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত পিছপৰি থকা নাই শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলো ।  ৰঙাপৰা সমষ্টি অগপৰ ব্যৱস্থাপনাত কালি  বালিপৰাৰ সমীপৰ বৈঠাভঙ্গাৰ নৱজ্যোতি সংঘৰ খেলপথাৰত দিনৰ ১১:০০ বজাত সমষ্টিৰ সভাপতি জোনটি নৰহৰ সভাপতিত্বত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক দলীয় সভাত সমিতিৰ উপ-সভাপতি সুনীল দেই । সভাত উপস্থিত অগপৰ জ্যেষ্ঠ নেতা তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, অগপৰ সংখ্যালঘূ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ…

Read More

পঞ্চায়তত শিক্ষাগত অৰ্হতা-অংকত আউল লগা বহু প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে পত্নী-কন্যাক সাজু কৰিবলৈ উঠি-পৰি লাগিছে- সন্তুষ্টি প্ৰকাশ ৰূপহীহাটৰ ৰাইজৰ

পঞ্চায়তত শিক্ষাগত অৰ্হতা-অংকত আউল লগা বহু প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে পত্নী-কন্যাক সাজু কৰিবলৈ উঠি-পৰি লাগিছে- সন্তুষ্টি প্ৰকাশ ৰূপহীহাটৰ ৰাইজৰ দৈনন্দিন বাৰ্তাLive@, ৰূপহীহাট, ২৯ ডিচেম্বৰ- বিগত কেইবা মাহৰ পৰা পঞ্চায়তত নিৰ্বাচন খেলিবলৈ পূৰ্ণোদ্যমে প্ৰচাৰ কাৰ্য চলাই থকা বিভিন্ন দলৰ অৰ্ধশিক্ষিত লোকসকলৰ ৰাজনৈতিক ক্ষমতা আদায়ৰ অংকত শেষতীয়াকৈ আউল লগোৱা দেখা গল যোৱা কালি ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তই । ইমান দিনে ক্ষমতাৰ সোৱাদ লবলৈ নিজকে প্ৰস্তুত কৰি তোলা নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অশিক্ষিত প্ৰাৰ্থীত্ব প্ৰত্যাশী সকল দুখিত হৈ পৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে সচেতন মহলে । উল্লেখ্য…

Read More

বদৰউদ্দিন আজমল সংখ্যালঘু জাতিৰ নায়ক নহয় খলনায়ক হে – নুৰুল হুদা   

বদৰউদ্দিন আজমল সংখ্যালঘু জাতিৰ নায়ক নহয় খলনায়ক হে – নুৰুল হুদা    দৈনন্দিন বাৰ্তাLive@ (ছাইদুল ইছলাম) , ধিং , ১৯ ডিচেম্বৰ :- এ আই ইউ ডি এফৰ মুৰব্বী   বদৰউদ্দিন আজমল অসমৰ  সংখ্যালঘু জাতিৰ নায়ক নহয় খলনায়ক হে – আজি এনেদৰে মন্তব্য কৰে ৰূপহী হাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই । ৮৩ নং ধিং বিধানসভা সমষ্টিৰ ৭ নং জিলাপৰিষদৰ অন্তৰ্গত বৰবেটি গাঁও পঞ্চায়তত নগাঁও জিলা পৰিষদৰ দ্বাৰা চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত নিৰ্মীত বজাৰ গৃহৰ উন্মুচনী সভাত স্থানীয় মুৰব্বী নিজাম উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত নুৰুল হুদাই আৰু কয় যে বদৰ উদ্দিন আজমলে নিজা…

Read More

পঞ্চায়ত নথি লব নালাগে বুলি এফিটএভিড দিলে চুপ্ৰিম কৰ্টে পঞ্চায়ত নথি গ্ৰহণ নকৰিলে হয় ।- ৰূপহীত বিজেপি নেত্ৰীৰ বিতৰ্কিত মন্তব্য

পঞ্চায়ত নথি লব নালাগে বুলি এফিটএভিড দিলে চুপ্ৰিম কৰ্টে পঞ্চায়ত নথি গ্ৰহণ নকৰিলে হয় ।- ৰূপহীত বিজেপি নেত্ৰীৰ বিতৰ্কিত মন্তব্য … উচ্চতম ন্যায়ালয় বিজেপিৰ কথা মতে চলে নেকি ? প্ৰতিক্ৰিয়া   দৈনন্দিন বাৰ্তাLive@(জহিৰুল ইছলাম)ৰূপহীহাট, ১৯ ডিচেম্বৰ–  যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ ফালৰ পৰা এনেকুৱা এফি়টএভিড দিলে হয় যে পঞ্চায়তৰ পথি গ্ৰহণ কৰিব নোৱাৰে তেতিয়া নিশ্চয় নকৰিলে হয়। যোৱা কালি গধুলি ছাইদৰীয়া পঞ্চায়তত অনুষ্ঠিত এখন দলীয় সভাত এই বিতৰ্কিত মন্তব্য কৰে নবিজেপি নেত্ৰী ছালমা জেছমিনে । ছালমাৰ এই বিতৰ্কিত মন্তব্যৰ পাছতে প্ৰশ্ন উঠিছে যে মহামান্য উচ্চতম ন্যায়ালয় বিজেপিৰ কথা মতে চলে নেকি…

Read More

বিহালীত  মন্ত্ৰী ৰঞ্জিত দত্ত আধাৰশিলা  স্থাপন

বিহালীত  মন্ত্ৰী ৰঞ্জিত দত্ত আধাৰশিলা         দৈনন্দিন বাৰ্তাLive@ বিহালী ১৮ ডিচেম্বৰ -:  আজি বিহালী সমষ্টি বিধায়ক তথা  কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টি অন্তৰ্গত বিহালী বিহমাৰী গাওঁ পঞ্চায়ত বন গাঁৱত এটা ৰংঘ মঞ্চৰ আধাৰশিলা কৰা লগতে   বৰালীমৰা গাওঁ পঞ্চায়ত চতুৰ্থ বিত্তীয় আয়োগ ২০১৫- ০১৬ বৰ্ষৰ আমাৰ গাওঁ আমাৰ  আচঁনি অধিনৰ এটি পথ  আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপন কাৰ্যসূচীত বিহালী মণ্ডল সমিতি সভাপতি পল বৰা বিহালী উন্নয়ন  খণ্ড  অভিযন্তা কুশল বৰা , প্ৰদীপ বৰুৱা কে  ধৰি শতাধিক ৰাইজ উপস্থিত থাকে ।

Read More

পঞ্চায়ত ৰ্নিবাচনৰ দিন কাষ চাপি অহাৰ সময়তে  সমষ্টিত বিধায়িকা ৰ’জলীনা তিৰ্কী

পঞ্চায়ত ৰ্নিবাচনৰ দিন কাষ চাপি অহাৰ সময়তে  সমষ্টিত বিধায়িকা ৰ’জলীনা তিৰ্কী বহুকেইটা আচনিৰ আধাৰশিলা স্হাপন  দৈনন্দিন বাৰ্তাLive@ধনশিৰি ,১৮ ডিচেম্বৰ :- পঞ্চায়ত নিৰ্বাচনৰ দিন  কাষ চাপি অহাৰ সময়তে  সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰজলীনা তিৰ্কীয়ে  অসম -নগালেণ্ড সীমান্ত অঞ্চলৰ চুঙাজান নাওঁঘাট  চাৰিআলিত  প্ৰধানমন্ত্ৰী স্বচ্চ- ভাৰত অভিযান (গ্ৰামীন )২০১৭-১৮ বৰ্ষৰ অধিনত নিৰ্মিত হোৱা এটি সূলভ মূল্যৰ ৰাজহুৱা শৌচাগাৰৰ শুভ উদ্ধোধন কৰে ৷ ইয়াৰ ওপৰিও গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমূহত বহুকেইটা চি চি ব্লকৰ  পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ  গৃহৰো উদ্বোধন কৰে ৷ বিশেষকৈ অসম নাগালেণ্ড সীমামুৰীয়া চুঙাজান মাজগাঁও, চুঙাজান এম,…

Read More

প্ৰাৰ্থিত্বৰ বাবে কংগ্ৰেছত হেতাওপৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী বিচাৰি হাহাকাৰ

তিতাবৰত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজপ্ৰাৰ্থিত্বৰ বাবে কংগ্ৰেছত হেতাওপৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী বিচাৰি হাহাকাৰ নিৰ্দলীয়ৰূপত অৱতীৰ্ণ হ’বলৈ শিক্ষিত যুৱকৰ প্ৰস্তুতি দৈনন্দিন বাৰ্তাৰ সেৱা,(প্ৰসেনজিৎ ৰাজখোৱা) তিতাবৰ, 16 ডিচেম্বৰ : আগন্তুক পঞ্চায়ত নিৰ্বাচনত তিতাবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত 20 খন গাঁও পঞ্চায়তত সভাপতি, আঞ্চলিক সদস্যৰ পদৰ বাবে কংগ্ৰেছ দলত বহুসংখ্যকে প্ৰাৰ্থিত্ব বিচাৰি হেতাওপৰা কৰাৰ বিপৰীতে বহুসংখ্যক পঞ্চায়তত বিজেপিৰ বুথৰ সভাপতি প্ৰমুখ্যে স্থানীয় নেতৃত্বই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে প্ৰাৰ্থী বিচাৰি ঘৰে ঘৰে গৈও সৈমান কৰিব পৰা নাই। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰত পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছ কৰ্মীসকলৰ মাজত প্ৰান্তে প্ৰান্তে বুথ-মণ্ডল…

Read More

ধুবুৰী জিলাত আগন্তক পঞ্চায়ত নিৰ্বাচনৰ সংৰক্ষিত আসনৰ তালিকা চূড়ান্ত 

ধুবুৰী জিলাত আগন্তক পঞ্চায়ত নিৰ্বাচনৰ সংৰক্ষিত আসনৰ তালিকা চূড়ান্ত  দৈনন্দিন বাৰ্তাLive@(ছফিকুল ইছলাম)ধৰ্মশালা, ১২ ডিচেম্বৰঃ  আগন্তক পঞ্চায়ত নিৰ্বাচনৰ বাবে ধুবুৰী জিলাৰ সংৰক্ষিত আসন সমূহৰ তালিকা চূড়ান্ত কৰা হৈছে ৷ সেই অনুসৰি ২৯টা জিলা পৰিষদ সমষ্টিৰ  ভিতৰত  ১৫ টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত থাকিব ৷ সেই সমূহ হৈছে, ১নং কাকৰিপাৰা, ২নং কালাপানি, ৩নং ফেকামাৰী, ৪নং  সুখচৰ, ৭নং চালাকুড়া, ৮নং বাহিৰ শালমাৰা, ৯নং আইৰকাটা, ১১নং মতিৰচৰ, ১২নং আদাবাৰী, ১৪নং উত্তৰ গেৰামাৰী, ১৫নং আলমঞ্জ, ২১নং আগমণি, ২৩নং পানবাৰী, ২৪নং বৰকান্দা  আৰু  ২৭নং আনন্দ নগৰ  বাঙালীপাৰা ৷ এই সম্পৰ্কে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ…

Read More

ৰূপহীহাটত এইউডিএফত খহনীয়া 

ৰূপহীহাটত এইউডিএফত খহনীয়া  দৈনন্দিন বাৰ্তা Live@(জহিৰুল ইছলাম)-ৰূপহীহাট-১২ ডিচেম্বৰঃ আগন্তক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত এইউডিএফ দলত আৰম্ভ হৈছে খহনীয়া ৷ৰূপহীহাটত এইউডিএফ দলৰ শীৰ্ষ নেতাৰ প্ৰতি অসন্তুুষ্টি লাভ কৰি  দল ত্যাগৰ জোৱাৰ উঠিছে ৷ৰূপহীহাটৰ এইউডিএফ দলৰ নেতা হাৰুন ৰশ্বিদে বহু দলীয় সতীৰ্থ নেতা-কৰ্মীক লৈ দল ত্যাগ কৰি আনুষ্ঠানিক বাবে কংগ্ৰেছ দলত যোগদান কৰিছে ৷যোগদান কৰাসকলক বিধায়ক নুৰুল হুদাই ফোলাম গামোছাৰে আদৰি লৈছে ৷

Read More

গৰৈমাৰীত জিলা পৰিষদ ভিত্তিত অগপ’ৰ দলীয় কৰ্মশালাঃ

গৰৈমাৰীত জিলা পৰিষদ ভিত্তিত অগপ’ৰ দলীয় কৰ্মশালাঃ দৈনন্দিন বাৰ্তাৰ Live, সোণতলীৰ পৰা ৰেজাউল কবিৰ, ৫ ডিচেম্বৰঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰীত আজি অগপ দলৰ জিলা পৰিষদ ভিত্তিত এখনি দলীয় কৰ্মশালা অনুষ্ঠিত হয় ৷ হাহঁচৰী বজাৰ গৃহত অনুষ্ঠিত হোৱা অগপৰ দলীয় কৰ্মশালা অনুষ্ঠানত সভাপতিত্ব কৰে টুক্ৰাপাৰা গাঁও পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে ৷ দলীয় কৰ্মশালাত মুখ্য অতিথি হিচাপে অগপ দলৰ কেন্দ্ৰীয় সম্পাদক তথা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতাই উপস্থিত থাকে ৷ উল্লেখ্য যে আগন্তক পঞ্চায়ত নিৰ্বাচনত গৰৈমাৰী উন্নয়ন খণ্ডৰ ক্ৰমে টুক্ৰাপাৰা, জোৰশিমুলী হাতীশলা আৰু-ভলুকাৱাড়ী গাও পঞ্চায়ত অগপৰ…

Read More

খুমটাইত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধী 

সমগ্ৰ ৰাজ্যৰ লগতে, খুমটাইত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধী  দৈনন্দিন বাৰ্তাLive@ দেৰগাওঁ ৫ ডিচেম্বৰ : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই ওচৰ  চাপিছে সিমানেই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থত নিৰ্বাচন কেন্দ্ৰীয় তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত । ব্যতিক্ৰমী  নহয় ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অগপ, সকলো যেন এতিয়া ব্যস্ত নিজৰ ৰাজনৈতিক অংকত, কোনে কিমান সংখ্যক পঞ্চায়ত দখল কৰি শেষ হাহিঁ মাৰিবলৈ সক্ষম হব তাকলৈ ৰাজনৈতিক মহলত সঘনে চলিছে জলপনা-কল্পনা । সমগ্ৰ ৰাজ্যৰ লগতে ৯৬ নং খুমটাই সমষ্টিৰ  পঞ্চায়ত নিৰ্বাচনৰ যুজঁখন আকৰ্ষণীয় হোৱাৰ পূৰ্ণ সম্ভাৱনা বিৰাজ কৰিছে । বৰ্তমান…

Read More

*মৰঙি মণ্ডলৰ বুথ কাৰ্যকৰ্তা সভাত শতাধিকৰ বিজেপিত যোগদান*

*মৰঙি মণ্ডলৰ বুথ কাৰ্যকৰ্তা সভাত শতাধিকৰ বিজেপিত যোগদান* দৈনন্দিন বাৰ্তা Live@,মুৰফুলনি,৪ডিচেম্বৰ :* গোলাঘাট জিলাৰ মৰঙি উন্নয়ন খণ্ডৰ পংকা পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টীৰ মৰঙি মণ্ডলৰ এখনি বুথ কাৰ্যকৰ্তাৰ সভা অনুষ্ঠিত হয় । ভাৰতীয় জনতা পাৰ্টী মৰঙি মণ্ডলৰ সভাপতি ৰমেশ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আজি শতাধিক লোকে বিজেপিত যোগদান কৰে বুলি জানিব পৰা গৈছে । সভাত বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সদস্যদ্বয় মৃদুল দত্ত আৰু প্ৰভাত শৰ্মা, জিলা সম্পাদক তপন বৰুৱা, জিলা মহিলা মৰ্চাৰ উপ-সভানেত্রী জুনু গগৈ, সম্পাদিকা পূৰবী শৰ্মা, মৰঙি মণ্ডল মহিলা মৰ্চাৰ সভানেত্রী মিনাক্ষী বৰদলৈ, মৰঙি মণ্ডলৰ উপ-সভাপতি দিপক…

Read More