হাটশিঙিমাৰীত পোষণ অভিযানৰ শুভাৰম্ভ জিলা উপায়ুক্তৰ

দৈনন্দিন বাৰ্তা live, হাটশিঙিমাৰী, ১৫ ছেপ্তেম্বৰঃ- হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত  আজি দুপৰীয়া ১২ বজাত জিলা উপায়ুক্ত আতিকা চুলতানাই পোষণ অভিযানৰ শুভাৰম্ভ কৰে। উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে দণ্ডাধীশ এ কে ইলিয়াছ আহমেদ, ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া জৌতি প্ৰশাদ শৰ্মা, বি টি অ জাহাংগীৰ আলম,এছ এ আব্দুল মমিন সৰকাৰ, অধ্যক্ষ আঃ কায়ম শেখ, প্ৰকল্পত কৰ্মৰত মুখ্য সেৱীকা আৰু অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সকল। উল্লেখ যে সমাজ কল্যাণ বিভাগৰ নিৰ্দেশ অনুযায়ী হাতে হাত ৰাখি শপত গ্ৰহণ কৰে আৰু ৰাইজক সজাগ কৰিবলৈ বেনাৰ পোষ্টাৰ হাতত লৈ পুষ্টিকৰ আহাৰ খাব লাগে, ৰাস্তা ঘাটত শৌচ…

Read More

বিপজ্জনক হৈ পৰিছে মোহনবাৰী-নগাঘূলি পথ

● কানসাৰ নাই গড়কাপ্তানী বিভাগৰ দৈনন্দিন বাৰ্তা লাইভ@লাহোৱাল,১৫ ছেপ্টেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত মোহনবাৰী-নগাঘূলী সংযোগী গড়কাপ্তানী পথটোৰ শোচনীয় অৱস্থাই ৰাইজক দীৰ্ঘদিন ধৰি অতীষ্ঠ কৰি আহিছে । বিশেষকৈ এজাক বৰষুণ দিলেই বিধ্বস্ত হৈ পৰা এই পথছোৱা যাতায়তৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে । প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বাটচোৱা বিভাগটোৱে মেৰামতি কৰাতো দূৰৰ কথা, পথৰ মাজত জমা হৈ থকা পানী ওলাই যাবৰ বাবে নলা কাটি দিবলৈকো নাই কোনো বিভাগীয় কৰ্মী। উল্লেখ্য যে, এই সুদীৰ্ঘ পথছোৱা আজি প্ৰায় ৭ বছৰৰ আগতেই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ গ্রীফ নামৰ সংস্থাটোৱে সম্পূর্ণ ৰূপত…

Read More

চামতাত কৃতি শিক্ষক-সমাজকৰ্মী অপূৰ্ব কুমাৰ বৰ্মনৰ মাহিলি তিথি পালন

নলবাৰী,১৫ ছেপ্তেম্বৰঃ নলবাৰী জিলাৰ চামতা চুবুৰীত ১৯৪০ চনত জন্ম গ্ৰহন কৰি শিক্ষকতা বৃওিক জীৱনৰ ব্ৰত হিচাপে লৈ নিজৰ পৰিয়ালৰ লগতে বিদ্যালয় অাৰু সমাজ পৰিচালনা কৰা এজন সু সমাজকৰ্মী,কৃতি শিক্ষক হিচাপে ক্ষ্যাতি লাভ কৰা অপূৰ্ব কুমাৰ বৰ্মনৰ যোৱা ১৬ অাগষ্টত মৃত্যু হয় । সেয়হে অাজি নিজ বাস গৃহ চামতাত নিজ পৰিয়াল অাৰু গুন মুগ্দ্ধ সকলৰ উপস্হিতিত তেখেতৰ মৃত্যুৰ এমহীয়া তিথি পালন কৰা হয় লগতে প্ৰয়াত অপূৰ্ব কুমাৰ বৰ্মনক পুনৰ এৱাৰ সকলোবে স্মৰন কৰে ।

Read More

৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ 

দৈনন্দিন বাৰ্তা লাইভ@ ধনশিৰি , ১৫ চেপ্তেম্বৰ :- যোৱা ১৫ চেপ্তেম্বৰত ধনশিৰি মহকুমাৰ মহকুমাধিপতি বিপুল দাসৰ উপস্হিতিত  আৰু নিৰ্বাচনী বিষয়া সোনাশ্ৰী বক্ষ্ৰই ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ৰাইজৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয় ৷ ভাৰতীয় নিৰ্বাচনী আয়োগে ২০১৯ চনৰ ১ জানুৱাৰী ভিক্তি হিচাপে লৈ প্ৰস্তুত কৰা এই খচৰা তালিকাখনিত নাম সন্নিবিষ্ট কৰিবলৈ থাকি যোৱা , নাম অন্তভুক্ত হোৱা ভোটাৰৰ সৰ্ম্পকে কোনো আপত্তি থাকিলে তেতিয়া ফৰ্ম নং ৬ , ৬ ক ,৭,৮, আৰু ৮ক প্ৰযোয্য অনুসৰি অহা ৩১ অক্টোবৰৰ  ভিতৰত  নিৰ্বাচক পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়ত…

Read More

হাটশিঙিমাৰীত কৃষকক বিজ বিতৰণ জিলা প্ৰশাসনৰ

দৈনন্দিন বাৰ্তাLIVE@ হাটশিঙিমাৰী দঃশালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় হাটশিঙিমাৰীত আজি দিনৰ ১ বজাত খেতিয়ক সকলোৰ মাজত আনুষ্ঠানিক ভাৱে মাটি মাহৰ বিজ বিতৰণ কৰে জিলা উপায়ুক্ত আতিকা চুলতানাই। জিলা কৃষি বিভাগৰ সৌজন্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধিনত মাটিমাহ বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত আতিকা চুলতানা , দঃশালমাৰাৰ চক্ৰ বিষয়া এ কে ইলিয়াছুৰ আহমেদ , ভাৰপ্ৰাপ্ত কৃষি বিষয়া ডঃমোজাম্মেল হক, কৃষি বিভাগৰ কৰ্মৰত বিষয়া কৰ্মচাৰী আৰু শতাধিক কৃষক ৰাইজৰ উপস্থিতিত মাটিমাহ বিজ বিতৰণ কৰা হয়।

Read More

মঙ্গলদৈত বিজেপি চৰকাৰৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছৰ বিশাল ধৰ্ণা কাৰ্যসূচী

উপযুক্তৰ জৰিয়তে ৰাষ্টপতিলৈ স্মাৰক পত্ৰ  দৈনন্দিন বাৰ্তাLIVE@ মঙ্গলদৈ,১৫ চেপ্তেম্বৰঃৰাজ্যৰ চাৰিওফালে কংগ্ৰেছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰাৰ সময়তে মঙ্গলদৈতো বিজেপি চৰকাৰৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছে  ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে।কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহন কৰা ধৰ্ণা কাৰ্যসূচীত মোদী চৰকাৰ হায় হায় , ৰাফেল চুক্তিৰ তথ্য লাগে, মূল্য বৃদ্ধি হ্ৰাস কৰক, কলা ধনৰ হিছাপ দিয়ক, বিজেপি গ’ বেক, ৰাহুল গান্ধী জিন্দাবাদ , কংগ্ৰেছ জিন্দাবাদ  ইত্যাদি ধ্বনিৰে মঙ্গলদৈ চহৰৰ আকাশ বতাহ কপাই তোলে। দৰং জিলা কংগ্ৰেছ কমিটীৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰে  দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলি,দৰং জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ওৱাহিদা…

Read More

কয়াকুছিত ৰঙালী বিহু উদযাপনৰ ব্যাপক আয়োজন-  পাঁচ দিনীয়া বিহু বিষয়ক প্ৰশিক্ষণ শিবিৰ-

কয়াকুছিত ৰঙালী বিহু উদযাপনৰ ব্যাপক আয়োজন-  পাঁচ দিনীয়া বিহু বিষয়ক প্ৰশিক্ষণ শিবিৰ-

Read More

দলংঘাট উন্নয়ন খণ্ডত অৰাজকতা, গ‍াঁওসভাৰ অনুমোদন অবিহনে চলিছে বজাৰগৃহ নিৰ্মাণৰ কাম, ঠিকাদাৰৰ ৰূপত খোদ কাকমাৰি গাঁও পঞ্চায়তৰ সচিব

দলংঘাট উন্নয়ন খণ্ডত অৰাজকতা, গ‍াঁওসভাৰ অনুমোদন অবিহনে চলিছে বজাৰগৃহ নিৰ্মাণৰ কাম, ঠিকাদাৰৰ ৰূপত খোদ কাকমাৰি গাঁও পঞ্চায়তৰ সচিব দৈনন্দিন বাৰ্তাLive@ বটদ্ৰৱা, ১৮ মাৰ্চ- প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আবন্টনত পঞ্চায়ত তথা গ্ৰামোন্নয়ন কৰ্তৃপক্ষই উৎকোচ লোৱাৰ সান্দহ খোৱা বালি তল যোৱাৰ পিছত এতিয়া চতুৰ্দশ বিত্তীয় আয়োগৰ অচিলা লৈ লুণ্ঠন চলোৱাৰ হোতা হৈ পৰিছে খোদ পঞ্চায়ত সচিব। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট উন্নয়ন খণ্ডৰ কাকমাৰি গাঁও পঞ্চায়তত সংঘটিত এই আজৱ কাণ্ডক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা কাকমাৰী পঞ্চায়ত এলেকাত এক বজাৰগৃহ নিৰ্মাণৰ কাম এতিয়া পূৰ্ণগতিত চলিছে।…

Read More

নদুৱাৰ শিক্ষা খণ্ডত শিক্ষক প্ৰশিক্ষণৰ নামত ধন আত্মসাৎৰ অভিযোগ

নদুৱাৰ শিক্ষা খণ্ডত শিক্ষক প্ৰশিক্ষণৰ নামত ধন আত্মসাৎৰ অভিযোগ   দৈনন্দিন বাৰ্তা Live@(হেমাংগ হাজৰিকা )চতিয়া: – যোৱা ১৪মাৰ্চৰ পৰা নদুৱাৰ শিক্ষাকেন্দ্ৰৰ অন্তৰ্গত নিন্ম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ এক প্ৰশিক্ষণ চলি আছে৷ নদুৱাৰ সমল কেন্দ্ৰৰ জড়িয়তে পৃথকে পৃথকে চতিয়া নৰ্মাল অভ্যাসন বিদ্যালয় আৰু নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত চলি থকা এই আঠদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অৱন্টিত ধনৰ ব্যাপক অনিয়ম হোৱা বুলি প্ৰশিক্ষনত অংশগ্ৰহণ কাৰি একাংশ শিক্ষকে গুৰুত্বৰ অভিযোগ উঠিছে৷ শিক্ষখণ্ডটোৰ অন্তৰ্গত বিদ্যালয় সমূহৰ তিনি শতাধিক শিক্ষকে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে৷ দিনজোৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত শিক্ষক সকলক দুপৰীয়া আহাৰৰ…

Read More

মোৰাঝাৰত জমিয়ত নেতাৰ বিয়োগত শোক

মোৰাঝাৰত জমিয়ত নেতাৰ বিয়োগত শোক মোৰাঝাৰ আঞ্চলিক জমিয়তৰ সভাপতি মৌলানা শ্বফিকুল হকৰ বিয়োগ আজি পূৱা ৮ বজাত নিজ বাসভৱনত মৃত্যু হয় তেওঁ আনৱাৰুল উলুম শিৱপুৰত মাদ্ৰাছা আৰু নীলবাগানত হাফিজিয়া মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক আছিল মোৰাঝাৰৰ নাগৰিক আৰু দল সংগঠনৰ শোক প্ৰকাশ

Read More

বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ ছাঁ

বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ ছাঁ —————————- দৈনন্দিন বাৰ্তা live@ বিহালী ১৫ মাৰ্চ বিহালী একালৰ সংযুক্ত মুক্তি বাহিনী, অসমৰ সংক্ৰিয় সদস্য তথা বিহালী যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কুকিল বৰাৰ আজি গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অবস্থাত ক্ৰমাৎ স্বাস্থ্যৰ অধিক অবনতি হোৱাত ঘৰলৈ ঘূৰাই অনাৰ পথত অকাল মৃত্যুক আকোৱালী লয়। অতি অমায়িক তথা সৰবৰহী যুৱ নেতা কুকিল বৰা যোৱা কিছুদিন ধৰি মেলিনা ৰোগত ভূগি থকাৰ লগতে মধুমেহ ৰোগতো আক্ৰান্ত আছিল। হঠাৎ যোৱা কেইবাদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ অবস্থা ক্ৰমান্বয়ে অবনতি হোৱাত উন্নত চিকিতসাৰ বাবে ১১…

Read More

বিশ্বনাথত অৰুণাচলী সুৰা ৰমৰমীয়া বেহা 

বিশ্বনাথত অৰুণাচলী সুৰা ৰমৰমীয়া বেহা  ৰাইজে জব্দ কৰিলে এক ট্ৰাক অৰুণাচলী সুৰা আবকাৰী ৰহস্য জনক ভুমিকা দৈনন্দিন বাৰ্তা live@বিশ্বনাথ চাৰিআলি ,১৫ মাৰ্চ: এতিয়া বিশ্বনাথত সহজতে পোৱা যায় অৰুণাচলী বিলাসী সুৰা । কাৰণ ট্ৰাকে ট্ৰাকে প্ৰতি দিনেই বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চললৈ অৰুণাচলী সুৰা আমদানি আছে কিন্তু এই সম্পূৰ্ণ বিষয় গহপুৰ আপকাৰী আৰু বিশ্বনাথৰ আপকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে কোনো অৰুণাচলী সুৰা সোমোৱা তথা আমদানি ক্ষেত্ৰত পদক্ষেপ নোলোৱা এক গুৰুত্ব অভিযোগ । ইফালে এই অৰুণাচলী সুৰা ট্ৰাক বিশ্বনাথ চাৰিআলি তথা গহপুৰ লৈ প্ৰবেশ কৰা বিনিময়ত অৰুণাচলী সুৰা ব্যৱাসী পৰা গহপুৰ আপকাৰী পৰিদৰ্শন…

Read More

ইটাখোলা চিজুছা সংযোগী পথ শীৰ্ঘে মেৰামতিৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ইটাখোলাত অাছু – অাটছাৰ পথ অৱৰোধ

ইটাখোলা চিজুছা সংযোগী পথ শীৰ্ঘে মেৰামতিৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ইটাখোলাত অাছু – অাটছাৰ পথ অৱৰোধ দৈনন্দিন বাৰ্তাLive, জামুগুৰিহাট , ১৫ মাৰ্চ : দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজিৰ্ন পথছোৱা মেৰামতিৰ দাবীত অাজি ইটাখোলা শাখা ছাত্ৰ সন্থা আৰু নদুৱাৰ অাঞ্চলিক চাহ জন জাতি ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত উলিওৱা এটি প্ৰতিবাদী সমদল । উত্তৰ পুৱ পৰিষদৰ অধীনত ( এন ই চি ) এই ২০ কি:মি: দৈৰ্ঘ্যৰ পথছোৱা সুদীৰ্ঘ ৩২ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বৃহত্তৰ অঞ্চল ইটাখোলা , আহুবাৰী ,খেৰবাৰী , হাটিঙা , বালিজুৰি , হাতীপট্ৰিকে ধৰি প্ৰায় ১৫ খনৰো অধিক…

Read More

মদৰ বিৰুদ্ধে গোলাঘাটত আটছাৰ হুংকাৰ 

মদৰ বিৰুদ্ধে গোলাঘাটত আটছাৰ হুংকাৰ  দৈনন্দিন বাৰ্তা live@  দেৰগাঁও ১৪ মাৰ্চ: আজি গোলাঘাট উপায়ুক্তৰ কাৰ্য্যলয়ৰ সন্মূখত দৈয়াং চাহ বাগিছাৰ শ্ৰমিকৰ মৃত্যুৰ উচ্চ পৰ্য্যায়ৰ তদন্ত, আৰু বগীঢলা চাহ বাগিছাৰ সমস্যা আদি ভালেকেইটা গুৰুত্বপূৰ্ণ দাবীৰ লগতে জিলাখনৰ  বাগিছা আৰু দাতিকাষৰীয়া অঞ্চলত থকা বৈধ অবৈধ সকলো মদৰ দোকান দহ দিনৰ ভিতৰত উচ্চেদৰ দাবীত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ন কৰে ৷কাৰ্য্যসূচী ত উপস্থিত থাকি মদ মুক্ত অসম দাবী সমিতিৰ কেন্দ্ৰীয় সভাপতি প্ৰবীন দাসে বাগিছা সমূহত সুৰা নিষিদ্ধ নোহোৱা পৰ্য্যন্ত আটছাৰ লগত একেলগে সংগ্ৰাম চলাই যোৱাৰ পোষকতা কৰে ৷ আটছাৰ গোলাঘাট জিলাৰ সভাপতি জগদীশ বৰাইক আৰু…

Read More

ঢেকীয়াজুলিৰ আলিচিঙাত পথ দুৰ্ঘটনাত আহত ৫

ঢেকীয়াজুলিৰ আলিচিঙাত পথ দুৰ্ঘটনাত আহত ৫ ঘাই পথত বাগৰিল বলে’ৰ পিক আপ আৰু অটো দৈনন্দিন বাৰ্তা live@(পবিত্ৰ কুমাৰ দাস)ঢেকীয়াজুলি,১৪মাৰ্চঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ নিকটবৰ্তী আলিচিঙাৰ১৫নং ঘাইপথত আজি বিয়লি ৪মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত শিশু সহ পাচ জন লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত ভৰ্তি হবলগীয়া হয়৷ জানিব পৰা মতে তেজপুৰ অভিমূখি এ এছ১৩-চি ৮০৮৮নম্বৰৰ বলে’ৰ পিক আপ গাড়ী খনে আলিচিঙা সমীপত নিয়ন্ত্ৰন হেৰুৱাই  ৰাজপথত বাগৰি পৰি উক্ত পথৰে গৈ থকা এখন নম্বৰ প্লেট বিহীন অটোক প্ৰচণ্ড খুন্দা মাৰে৷শাক পাছলি কঢ়িয়াই অনা বলে’ৰ পিক খনৰ খুন্দাত অটো খন  পথৰ পৰা বাগৰি…

Read More

ঢেকীয়াজুলিৰ ৰাজপথত নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকৰ বিৰুদ্ধে  এনফৰ্চমেন্টৰ অভিযান

ঢেকীয়াজুলিৰ ৰাজপথত নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকৰ বিৰুদ্ধে  এনফৰ্চমেন্টৰ অভিযান জৰিমনা বিহাৰ লগতে জব্দ কৰিলে বহু যান বাহন   দৈনন্দন বাৰ্তাLive@(পবিত্ৰ কুমাৰ দাস) ঢেকীয়াজুলিঃ১৪মাৰ্চঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰত আৰক্ষী আৰু যান বাহন নিয়ন্ত্ৰন শাখা আৰক্ষীৰ নিষ্ক্ৰীয়তাৰ সুযোগতে দীৰ্ঘদিনৰ পৰা নথি-পত্ৰ বিহীন অটো,মেজিক ,উইংগাৰ আদিকে ধৰি যান বাহন চলাচল কৰি অহাৰ লগতে আইন ভংগকাৰী চালকৰ বাবেই চহৰ খনত তীব্ৰ যানজঁটৰ সমস্যা আৰু বিভিন্ন অবৈধ কৰ্ম কাণ্ডও সংঘটিত হৈ আহিছে৷প্ৰশাসনৰ দুৰ্বলতাৰ বাবে নথি -পত্ৰ বিহীন গাড়ীয়ে চহৰ খনত টিঘিল- ঘিলাই আছিল৷নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকক…

Read More

ঢেকীয়াজুলিত ভোটাৰ পৰিচয় পত্ৰত বিভ্ৰান্তিঃনিৰ্বাচন আয়োগৰ কাৰ্যত ক্ষুদ্ধ যুৱ-ছাত্ৰ পৰিষদঃশুধৰণিৰ দাবী

ঢেকীয়াজুলিত ভোটাৰ পৰিচয় পত্ৰত বিভ্ৰান্তিঃনিৰ্বাচন আয়োগৰ কাৰ্যত ক্ষুদ্ধ যুৱ-ছাত্ৰ পৰিষদঃশুধৰণিৰ দাবী দৈনন্দিন বাৰ্তাLive,পবিত্ৰ কুমাৰ দাস,ঢেকীয়াজুলি,১৪মাৰ্চঃ ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰোক্ষ পৰিচালনাত নাগৰিকক দিয়া ভোটাৰ পৰিচয় পত্ৰত সংঘটিত নাভূত নাশ্ৰুত কাণ্ডই সকলোকে হতচকিত কৰি তুলিছে৷ভাৰত চৰকাৰৰ স্বতন্ত্ৰ বিভাগ নিৰ্বাচনী বিভাগে কোটি -কোটি টকা ব্যয় সাপেক্ষে ভোটাৰ তালিকাকে ধৰি নাগৰিকৰ ভোটাৰ পৰিচয় পত্ৰ আদি নিখুঁত ভাবে সম্পাদন কৰিছে যদিও ভোটাৰ তালিকা আৰু ভোটাৰ পৰিচয় পত্ৰত ব্যাপক বিভ্ৰান্তি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বৰছলা বিধান সভা সমষ্টিৰ শান্তিপুৰ গাঁৱত অৰ্ধেক সংখ্যক লোকৰ ভোটাৰ পৰিচয় পত্ৰৰ  নম্বৰ ইন্টাৰনেটত চাৰ্চ কৰিলে সেই…

Read More

নলবাৰীৰ সুৰাদীত পথ দুৰ্ঘটনাত থিতাতে নিহত ১ জন

নলবাৰীৰ সুৰাদীত পথ দুৰ্ঘটনাত থিতাতে নিহত ১ জন নলবাৰী,১৪ মাৰ্চঃ নলবাৰীৰ সুৰাদীত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত কালি সন্ধিয়া সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।জানিবপৰা মতে, এখন ৰৈ থকা এক্সেভেটৰত এ এছ ১৪এইছ ২৬৬৭নম্বৰৰ তীব্ৰবেগী গ্লেমাৰ মটৰ চাইকেলখনে খুন্দা মাৰে। ফলত মটৰ চাইকেল আৰোহী ৰোহিজ আলী (২৫)ৰ থিতাতে মৃত্যু হয়। আনজন আৰোহী ৰুবুল আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। নিহত ৰোহিজৰ ঘৰ নলবাৰী চহৰৰ মিলনপুৰত আৰু আহত ৰুবুলৰ ঘৰ নলবাৰীৰ বলাকুছিত বুলি জনা গৈছে।

Read More

আমতল ভেৰগাৱঁত বিহু ঢোল বাদন আৰু নাচনী প্ৰশিক্ষণৰ সামৰণি  #প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ‘স্বাগতম  বহাগ’ অনুষ্ঠান 

আমতল ভেৰগাৱঁত বিহু ঢোল বাদন আৰু নাচনী প্ৰশিক্ষণৰ সামৰণি  #প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ‘স্বাগতম  বহাগ’ অনুষ্ঠান  —————————————- দৈনন্দিন বাৰ্তা live@(পবিত্ৰ কুমাৰ দাস) ঢেকীয়াজুলি ১৩মাৰ্চ :ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত আমতল ভেৰগাৱঁৰ শ্বহীদ বাকৰিত  আমতল ভেৰগাওঁ ৰঙালী উদযাপন সমিতিৰ উদ্যোগত  সপ্তৰ্ষি লোক কলা-কৃষ্টি একাডেমীৰ সহযোগত আয়োজন কৰা বিহু ঢোল বাদন আৰু নাচনীপ্ৰশিক্ষণৰ আজি সামৰণি পৰে ।উল্লেখযোগ্য যে ঢেকীয়াজুলিৰ সপ্তৰ্ষি লোক কলা কৃষ্টি একাডেমীৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে বৃহত্তৰ অঞ্চলটোক সামৰি এই বিহু ঢোল বাদন আৰু বিহু নাচনী প্ৰশিক্ষণ যোৱা ৫ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল । অঞ্চলটোৰ বহু যুৱক -যুৱতীয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণত সপ্তৰ্ষি লোক কলা…

Read More

 জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা

 জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা   দৈনন্দিন বাৰ্তা Live@,( জোন বৰা  )জামুগুৰিহাট , ২৩ ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ মাধৱ গাঁও নিবাসী কবি সাহিত্যিক প্ৰবন্ধকাৰ তথা এগৰাকী উদীয়মান লেখক হিমাংশু ৰনজন ভূঞাঁৰ চতুৰ্থ সংখ্যক গ্ৰন্থ ” সাম্প্ৰতিক সময়ঃ প্ৰাসংগিক চিন্তা ” শীৰ্ষক এখন মনোগ্ৰাহী গ্ৰন্থ অাজি জামুগুৰিহাটৰ অভিযাত্ৰী কলাকেন্দ্ৰত অানুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । বিগত কেইবা বছৰ ধৰি অসমৰ বিভিন্ন দৈনিক অাৰু সপ্তাহিক বাতৰি কাকতত প্ৰকাশ পোৱা কিছু সংখ্যক প্ৰবন্ধ একত্ৰিত কৰি এখনি পূৰ্নাঙ্গ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হোৱা এই গৰাকী উদীয়মান  লেখকে অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা বিশেষ বৰঙনিৰ শলাগ লয়…

Read More