বটদ্ৰৱাৰ কদমনিত উত্তপ্ত পৰিস্থিতি : দুই ভাতৃৰ  প্ৰহাৰত  আহত এজন

বটদ্ৰৱাৰ কদমনিত উত্তপ্ত পৰিস্থিতি: দুই ভাতৃৰ  প্ৰহাৰত  আহত এজন : দৈনন্দিন বাৰ্তা Live@(দিলদাৰ হুছেইন,) , টুকটুকী;6 জানুৱাৰী: নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত কদমনি বজাৰত  এক মাৰপিট ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত বাতৰি মতে,  আজি  পুৱা  9:30 বজাত  কদমনি বজাৰত  ৰামপুৰ সত্ৰ নিবাসী তথা  কদমনি ছিনিয়ৰ মাদ্ৰাছাৰ কাৰ্যালয় সহায়ক  ক্ৰমে জয়নাল আৱদিন আৰু  মোক্তাৰ হুছেইন নামৰ দুই  ভাতৃদ্বয়ৰ  লগত  কদমনি গাঁৱৰ গুলজাৰ হুছেইনৰ লগত প্ৰথমে  কথাত  কটা কটি হয়  যদিও  এটা  সময়তে  দুই  ভাতৃদ্বয়ে  ৰড আৰু লাঠীৰে প্ৰহাৰ কৰাত  গুৰুত্ব ভাবে  আহত হয় গুলজাৰ হুছেইন নামৰ  যুৱক জন। …

Read More

বৰপথাৰত দুৰ্ঘটনা:কথমপি প্ৰান ৰক্ষা পৰিল চালকৰ:–

বৰপথাৰত দুৰ্ঘটনা:কথমপি প্ৰান ৰক্ষা পৰিল চালকৰ:– দৈনন্দিন বাৰ্তাLive@, শিমলীতোলা, ৬ জানুৱাৰী:এই নৱবৰ্ষৰ এটা সপ্তাহ পাৰ নহওঁতেই ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে অধিকমাত্ৰাত সংঘটিত হৈ আছে পথ দুৰ্ঘটনা।একেদৰে আজি দুপৰীয়া গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা।আৰু এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰপথাৰ অঞ্চলত তিব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।জানিব পৰা মতে AS 01 DN0619 নম্বৰৰ এল্টো গাড়ী আৰু বিপৰীত দিশৰ পৰা অহা বাইক এখনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।আনহাতে এই দুৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও বাইক আৰোহী জন গুৰুতৰ ভাবে আহত হয়।

Read More

মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ হল ৫ বছৰীয়া কন্যা শিশু৷।

 মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ হল ৫ বছৰীয়া কন্যা শিশু চতিয়া আৰক্ষীৰ তৎপৰতা দৈনন্দিন বাৰ্তাLive@ চতিয়া ৫ ছেপ্তেম্বৰ :কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে যোৱা ১১ নবেম্বৰত চতিয়াৰ তেজালপত্তি ৰ পৰা মানৱ সৰবৰাহকাৰী চক্ৰ এটাই এগৰাকী মাতৃ সহ ৫ বছৰীয়া কন্যাক অৰুণাচললৈ নি বিক্ৰী কৰা কন্যা গৰাকীক আজি বিশেষ তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হল চতিয়া আৰক্ষী। ঘটনাৰ বিৱৰণি মতে, উক্ত দিনা চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত তেজালপত্তিৰ বেজন্তী কুৰ্মী নামৰ মহিলা গৰাকীক অৰুণাচলৰ নাহৰলগনত কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে লৈ গৈছিল মানৱসৰবৰাহকাৰীৰ চক্ৰৰ এজেণ্ট মেহেৰ আলীয়ে। সেয়ে মাতৃৰ লগত গৈছিল ৫ বছৰীয়া কন্যা প্ৰিয়ংকা…

Read More

বিশ্বনাথত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ

বিশ্বনাথত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ দৈনন্দিন বাৰ্তাLive@,বিশ্বনাথ চাৰিআলি,৪ জানুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি এন আৰ চি সম্পৰ্কে দিয়া উচটনি মূলক বক্তব্যৰ পাচতে আজি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতি। চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে বিতৰ্কিত মন্তব্যৰ জৰিয়তে অসমৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰি ইয়াৰ জনগণৰ মাজত ভাতৃঘাতী,সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰে সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটোকে বিপথে পৰিচালিত কৰিব বিচৰাৰ অভিযোগ তোলা প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে এনে নিকৃষ্ট ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ তৃণমূল কংগ্ৰেছৰ নেতৃ গৰাকীক সকীয়াই দিয়ে৷ মমতা বেনাৰ্জীৰ এনে উদ্দেশ্যপ্ৰণোদিত আৰু প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ…

Read More

অসম – নগালেণ্ড সীমান্তৰ চূঙাজান আৰু গেলাবিলত আছুৰ পথ অৱৰোধ 

অসম – নগালেণ্ড সীমান্তৰ চূঙাজান আৰু গেলাবিলত আছুৰ পথ অৱৰোধ  সীমান্তত নিয়োজিত চি আৰ পি এফে নগাৰ পক্ষ লোৱাৰ কথা স্বিকাৰ কৰিলে আৰক্ষী অধীক্ষক মানবেন্দ্ৰ ৰয়ে  প্ৰতিবাদকাৰীৰ ভয়ত পলাল চি আৰ পি এফৰ গাড়ী   দৈনন্দিন বাৰ্তাLive@ ধনশিৰি,সৰুপথাৰ পৰা হেমন্ত তামুলী  , ৪ জানুৱাৰী :- অসম চৰকাৰে অসম – নগালেণ্ডৰ সীমা  সমস্যাটো সমাধানৰ ক্ষেত্ৰত আজিকোপটি কোনো ব্যৱস্হা গ্ৰহন নকৰাৰ ফলত বছৰ – বছৰ  ধৰি সীমান্তবাসীয়ে নগা দুৰ্বৃত্তৰ পৰা বিভিন্ন ধৰনে হাৰাশাস্তিৰ সন্মূখীন হৈ আহিছে ৷ নগাই বন্দুকৰ ভয় দেখূৱাই অসমৰ মাটি নিজৰ দখললৈ নিবলৈ চেষ্টা চলোৱাৰ ওপৰিও সীমান্তবাসী অসমীয়াৰ পৰা…

Read More

দাৰ ঘাপত আঘাতপ্ৰাপ্ত বন কৰ্মী মমি বসুমতাৰী

দাৰ ঘাপত আঘাতপ্ৰাপ্ত বন কৰ্মী মমি বসুমতাৰীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ;  অভিযুক্ত উৎপল পলাতক দৈনন্দিন বাৰ্তা,live@ বিশ্বনাথ চাৰিআলি; পৰা শ্ৰীমন্ত দাস ৪ জানুৱাৰী; বিশ্বনাথৰ পূব শোণিতপুৰ বন সংমণ্ডলৰ কৰ্মচাৰী মমী বসুমতাৰীক চোকা অস্ত্ৰৰে ঘপিয়াই স্বামী উৎপল বৰাই পলায়ন কৰা পত্নীক কাটি পলায়ণ স্বামী উৎপল বৰাৰ l ইতিমধ্যে মমীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ হৈছে বুলি জানিব পৰা গৈছে । পূৱ শোণিতপুৰ বন বিভাগৰ চৌহদৰ আবাসস্থলীত বাস কৰিছিল দম্পতিয়ে। কাৰ্যলয়ৰ পৰা মাতি আনি চৰকাৰী আবাসত আক্ৰমণ কৰে স্বামীয়ে। পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হল এই ঘটনাবুলি জানিব পৰা গৈছে ৷ স্বামী…

Read More

মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনা থিতাতে নিহত  ২১ বছৰীয়া যুৱক

মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনা থিতাতে নিহত  ২১ বছৰীয়া যুৱক মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনাত থিতাতে নিহত  ২১ বছৰীয়া যুৱক। ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰিব বিচৰাৰ সময়তে মহানগৰ অভিমুখী নৈশ বাছ এখনে তীব্ৰ জোৰে খুন্দা মাৰে যুৱক জনক। বহু দূৰ মহতীয়াই নিয়াৰ পাছত পলায়ন কৰে নৈশ বাছ খন। নিহত যুৱক জনক গোলজাৰ হুছেইন (২১)বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।যুৱক জনৰ ঘৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত হয়বৰগাঁৱৰ বুলি ভোটাৰ পৰিচয় পত্ৰৰ পৰা জানিব পৰা গৈছে। news@Khairul Islam from Bhuragau, Morigaon, assam 

Read More

নগাই আকৌ জ্বলালে সীমান্তবাসী অসমীয়াৰ ঘৰ 

নগাই আকৌ জ্বলালে সীমান্তবাসী অসমীয়াৰ ঘৰ  দৈনন্দিন বাৰ্তাLive@ ধনশিৰি ৩ জানুৱাৰী :- অসম – নগালেণ্ড সীমান্তৰ ‘ বি ‘ চেক্টৰৰ চূঙাজান ৰংপূৰ গাৱত নগাই দীৰ্ঘদিন ধৰি সীমান্তবাসী অসমীয়াৰ ওপৰত উপদ্ৰৱ চলাই আহিছে ৷ সীমান্তবাসী অসমীয়াক নগা উগ্ৰপহ্নীয়ে বন্দুকৰ ভয় দেখূৱাই বিভিন্ন সময়ত নিৰস্ত অসমীয়াৰ পৰা জীৱ – জন্তু আৰু ধন সংগ্ৰহ কৰি আহিছে ইয়াৰ ওপৰিও সীমান্তবাসীৰ খেতি পথাৰ দখলৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে ৷ যোৱা ৩ জানুৱাৰীত সীমান্তৰ চূঙাজান ৰংপূৰ গাৱৰ নিবাসী জীৱন বৰাৰ ঘৰটো নগাই ৰাতি প্ৰায় সাত মান বজাত জ্বলাই দিয়ে ৷ জীৱন বৰাই জানিবলৈ দিয়া মতে বহুদিনৰ…

Read More

হাউলীত ভয়াবহ অগ্নিকাণ্ড 

হাউলীত ভয়াবহ অগ্নিকাণ্ড  নিশাত জুই লাগি ভষ্মিভুত তিনিখনকৈ দোকান নগদ ধন সহ চল্লিশ লক্ষাধিক টকাৰ ক্ষতি  ছাহেদ  আলী আহমেদ, হাউলী ¸ ২৯ ডিচেম্বৰঃ  বৰপেটা জিলাৰ অন্যতম বানিজ্য নগৰী হাউলীত যোৱা নিশাত তিনিখনকৈ দোকানত এক ভয়াবহ অগ্নিকাণ্ড সংগঠিত হৈ প্ৰায় চল্লিশ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মিভুত হৈ তিনিগৰাকী শিক্ষিত নিবনুৱা যুৱকে নিশাৰ ভিতৰতে ভিক্ষাৰীত পৰিনত হোৱা ঘটনাই অঞ্চল ব্যাপি এক মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা হাউলীত দোকান কৰি পৰিয়াল পোহপাল দিয়া আয়নাল হকৰ গ্ৰীলৰ দোকান  জে এম এণ্টাৰপ্ৰাইজ,  বছিৰ উদ্দিনৰ আছাম ফাৰ্ণিছাৰ হাউচ এণ্ড হোম ডেকৰ আৰু…

Read More

জামুগুৰিহাটৰ বসুন্ধৰা গেছ এজেঞ্চিৰ তৎপৰতা

জামুগুৰিহাটৰ বসুন্ধৰা গেছ এজেঞ্চিৰ তৎপৰতা চাৰি হাজাৰৰো অধিক হিতাধিকাৰিক প্ৰধান মন্ত্ৰীৰ বিনামুলীয়া উজ্বলা যোজনাৰ ৰন্ধন গেছৰ সংযোগ  দৈনন্দিন বাৰ্তা Live@ , জামুগুৰিহাট : ২৯ ডিচেম্বৰ : ২০০৩ বৰ্ষৰ জন্ম গ্ৰহন কৰি অবিৰাম ভাৱে গ্ৰাহকক সেৱা আগবঢ়াই অহা জামুগুৰিহাটস্থিত বসুন্ধৰা গেছ এজেঞ্চিয়ে চলিতবৰ্ষৰ অাৰম্ভনিৰ পৰাই বিতৰণ কৰি অাহিছে প্ৰাধান মন্ত্ৰীৰ উজ্বলা যোজনাৰ অধীনত বিনামুলীয়া ৰন্ধন গেছৰ সংযোগ । শোণিতপুৰ জিলাক সামৰি অাজি পৰ্য্যন্ত চাৰিহাজাৰৰো অধিক গ্ৰাহকক বিনামূলীয়া গেছ সংযোগ দিয়া হৈছে । শোণিতপুৰ জিলা অন্তৰ্গত চতিয়া বিধান সভা সমষ্টি , বিশ্বনাথ বিধান সভা সমষ্টি , ৰঙাপাৰা বিধান সভা সমষ্টি , তেজপুৰ…

Read More