হাচৰাবোড়িত প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা

হাচৰাবোড়িত প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা:- দৈনন্দিন বাৰ্তাLive@(মনোৱাৰ হুছেইন), শিমলীতোলা, ৫ জানুৱাৰী:গোৱালপাৰা জিলাৰ ‘নেহৰু যুৱ কেন্দ্ৰৰ’ অধিনত ‘হাচৰাবোড়ি নব্যজ্যোতি সংঘৰ’ সাহাৰ্য্যত হাচৰাবোড়ি  আঞ্চলিক খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।অহা ০৭ আৰ ০৮ জানুৱাৰীত অনুষ্ঠিত কৰা হব এই খেলখন।০৭ জানুৱাৰী ৰাতিপুৱা ন বজাৰ পৰা উদ্বোধন কৰা হব এই প্ৰতিযোগিতাখন।আয়োজক কমিটিৰ সম্পাদক ছাহজাহান আলীয়ে জানিব দিছে যে এই উক্ত প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব লগীয়া সকলো দলকে থকা,খোৱা-লোৱাৰ ব্যৱস্থা কৰা হব।উক্ত প্ৰতিযোগিতাৰ প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি আয়োজক কমিটিয়ে জানিব দিছে ।

Read More

গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত দেৰগাওঁত বিল্ডিং প্ৰতিযোগিতা আয়োজন 

গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত দেৰগাওঁত বিল্ডিং প্ৰতিযোগিতা আয়োজন  দৈনন্দিন বাৰ্তা live@ দেৰগাওঁ ৩১ ডিচেম্বৰ : অল আসাম বডি বিল্ডিং এচছিয়েচন আৰু গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত, ফিটনেচ জন মাল্টিজিম আৰু দেৰগাওঁবাসী ৰাইজৰ সহযোগত ২৯ সংখ্যক মি:আসাম আৰু মি: গোলাঘাট বডি বিল্ডিং প্ৰতিযোগিতা খন অহা জানুৱাৰীৰ ৫ ,৬ তাৰিখে দেৰগাওঁৰ নৰেণ শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হব, ৫ জানুৱাৰী পূৱা ৮.৩০ বজাত পাতাকা উওোলনৰে আৰম্ভ হব লগা প্ৰতিযোগিতাৰ আৰম্ভণিতে বিভিন্ন কাৰ্যসূচী ৰুপায়ন কৰিব দেৰগাওঁ ৰাজহ চক্ৰৰ, চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱা, পৌৰপতি, অৰুণাভ কলিতা , উদ্ধোধনী অনুষ্ঠানত কেইবাজনো বিশিষ্ট…

Read More

নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰৰ দীক্ষিতা দত্ত:

নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰৰ দীক্ষিতা দত্ত: দৈনন্দিন বাৰ্তাLive@(মুকুল গগৈ ) শিৱসাগৰ 29 ডিচেম্বৰ:     আন্তৰাষ্ট্ৰীয় টাং- চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ পিচপৰা অঞ্চল শান্তিপুৰৰ দীক্ষিতা দত্ত। যোৱা 21 ডিচেম্বৰত দিল্লীৰ টাৰাকোটা ষ্টেডিয়ামত অনুষ্ঠিত নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ 20-25 কেজিৰ শাখাত অংশ গ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰা দীক্ষিতাই গৌৰৱ কঢ়িয়াই আনিছে অসম তথা শিৱসাগৰ জিলা আৰু স্থানীয় অঞ্চল শান্তিপুৰলৈ। শিৱসাগৰ জিলাৰ প্ৰশ্চিম প্ৰান্তৰ অতিকে পিচপৰা কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ চুঙ্গীয়া নিবাসী মনোজ দত্ত আৰু ৰুবী বড়া দত্তৰ কনিষ্ঠ দুহিতা অৰ্থাৎ কেখেশ্বৰ দত্তৰ নাতি দীক্ষিতা…

Read More

তিনিচুকীয়াত শংকৰ কিশান সোৱৰনী দিবা নৈশ প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি

তিনিচুকীয়াত শংকৰ কিশান সোৱৰনী দিবা নৈশ প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি তিনিচুকীয়াৰ ব্লু হিল টিম বিজয়ী তিনিচুকীয়া,২৯ ডিচেম্বৰঃ তিনিচুকীয়াত যোৱা ২১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত শংকৰ কিশান আৰু হীৰালাল গুপ্তা সোৱৰণী প্ৰাইজমানি ক্ৰিকেট  টুৰ্ণামেণ্টৰ আজি সামৰণি পৰে৷ তিনিচুকীয়া স্পৰ্টচ এণ্ড কালচাৰেল এচচিয়েচনে আয়োজন কৰা তিনিচুকীয়াৰ তামুলবাৰী খেলপথাৰত অনুষ্ঠিত হোৱা দিবা নৈশ এই ক্ৰিকেট টুৰ্ণামেণ্টত তিনিচুকীয়াৰ ব্লু হিল টিমে জয় লাভ কৰে ৷ তিনিচুকীয়া বিধান সভা সমষ্ঠিৰ বিধায়ক সঞ্জয় কিশানৰ মৃত জ্যোষ্ঠ ভাতৃ শংকৰ কিশানৰ স্মৃতিত আয়োজিত  ক্ৰিকেট প্ৰতিযোগিতাখনিত বিজয়ী হৈ  দলটোৱে বটাৰ লগতে নগদ ৫০ হেজাৰ টকা লাভ কৰে৷ ৰানাৰ্চ আপ দলৰ…

Read More

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিল কাৰ্বি পাহাৰৰ এজন উদীয়মান খেলুৱৈ

Howraghat : প্ৰতিভাৰ কোনো অভাৱ নাই, যদি অভাৱ হৈছে তেন্তে সেইয়া কেৱল চৰকাৰী সদিচ্ছাৰ। মাথোঁ ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিল কাৰ্বি পাহাৰৰ এজন উদীয়মান খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় ক্যাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হোৱা খেলুৱৈজনৰ কিন্তু খবৰ ল’বলৈ আহৰি নহ’ল কাৰো… (?) আৰ্থিক দীনতাৰ বাবেই এতিয়া জীৱনৰ প্ৰতিটো খোজত থমকি ৰ’ব লগা হৈছে কেইবাটাও স্বৰ্ণপদক জয়ী প্ৰতিভাৱান যুৱ খেলুৱৈ হামজানান্ লাংথাছা। #আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণজয়ী অংকুশিতা বড়োক আপুনি চিনি পায় ৷  # অংকুশিতাক চিনি পায় চৰকাৰেও # কিন্তু ২০১৭ ত একেদৰে আন্তঃৰাষ্ট্ৰীয় ক্যাৰাটেত স্বৰ্ণজয়ী হামজানন্ লাংথাছাক আপুনি চিনি পায়নে …

Read More

*অসম চৈ কোৱাং ডো দল ঘোষণা।*

*অসম চৈ কোৱাং ডো দল ঘোষণা।* দৈনন্দিন বাৰ্তা  LIVE বিশ্বনাথ চাৰিআলিৰ পৰা শ্ৰীমন্ত দাস:-  ২৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ উত্তৰ প্ৰদেশৰ মথুৰাত অনুস্থিত হবলগীয়া ৰাষ্ট্ৰীয় চৈ কোৱাং ডো প্ৰতিযোগিতালৈ অসম চৈ কোৱাং ডো সন্থাৰ সম্পাদক, ৰাজ্যিক মুখ্য প্ৰশিক্ষক তথা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল চৈ কোৱাং ডো ৰ সঞ্চালক হৃদয়ানন্দ দাসৰ তত্বাৱধানত অসম দল ঘোষণা কৰা হয়। বাছনি প্ৰাপ্ত খেলুৱৈসকল ক্ৰমে হৰচিতা ৰাগিনী শইকীয়া, পৰিস্মিতা শইকীয়া, কোন্তলা বৰদলৈ, ৰুমী প্ৰজা, ৰাজৰ্শী নাথ, অনুভৱ কাশ্যপ, বিশৱ নাৰ্জাৰী আৰু হিমাংশু শৰ্মা। উক্ত দলটি বিশ্বনাথৰ চেম্পিয়চ্ মেকাৰ একাডেমীৰ মুখ্য প্ৰশিক্ষক হৃদয়ানন্দ দাস আৰু সহকাৰী প্ৰশিকৰ মনোজ…

Read More

বিশ্বনাথত উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাৰ সফল সমাপ্তি

বিশ্বনাথত উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাৰ সফল সমাপ্তি *চেম্পিয়নচ্ মেকাৰ একাডেমীক মুখ্য প্ৰশিক্ষণকেন্দ্ৰ ৰূপে ঘোষণা  দৈনন্দিন বাৰ্তাLive@বিশ্বনাথ চাৰিআলি,১৯ ডিচেম্বৰঃ বিশ্বনাথ চাৰিআলিৰ চেম্পিয়নচ্ মেকাৰ একাডেমীত আয়োজিত  উত্তৰ পূব ভাৰত চৈ কোৱাং ডো সমৰকলাৰ কৰ্মশালাৰ যোৱা ১৫ ডিচেম্বৰত সামৰণি পৰে। ১৪ আৰু ১৫ ডিচেম্বৰত দুদিনীয়াকৈ আয়োজিত উক্ত কৰ্মশালাখনিত খেলুৱৈ সকলক প্ৰশিক্ষণ প্ৰদান কৰে সৰ্ব্বভাৰতীয় চৈ কোৱাং ডো সন্থাৰ সম্পাদক বিক্ৰম থাপা, হাৰিয়ানা চৈ কোৱাং সন্থাৰ প্ৰশিক্ষক কৰন বাগ্লা আৰু উত্তৰ পূব ভাৰত চৈ কোৱাং ডো সন্থাৰ মুখ্য প্ৰশিক্ষক হৃদয়ানন্দ দাসে। কৰ্মশালাখনি উদ্বোধন কৰে সৰ্ব্বভাৰতীয় চৈ কোৱাং ডো সন্থাৰ সম্পাদক বিক্ৰম…

Read More

বিশ্ব অভিলেখৰ দিশে গহপুৰৰ মনজিৎ দিহিঙীয়া

বিশ্ব অভিলেখৰ দিশে গহপুৰৰ মনজিৎ দিহিঙীয়া # খালি ভৰিৰে গহপুৰৰ পৰা জীয়া ভৰলীলৈ ২০০ কি:মি: দৌৰি বিশ্ব অভিলেখৰ লক্ষ্য # দৈনন্দিন বাৰ্তাLIve@( মুন গগৈ) : গহপুৰ : ১৯ ডিচেম্বৰ :- ৰেঞ্জাৰ চাইকেলৰ হেণ্ডেলত হাত নিদিয়াকৈ ৮০ কি: মি: দূৰত্ব অতিক্ৰম কৰাৰ পিছত গহপুৰৰ সন্তান মনজিৎ দিহিঙীয়াৰ নতুন পদক্ষেপ। অসম্ভৱকো সম্ভৱ কৰিবলৈ আগবাঢ়িছে মনজিতে। আজি পুৱা দহ বজাত  গহপুৰৰ  এ, এচ, টি, চি, পৰা ২০০ কি: মি: দূৰত্ব খালি ভৰিৰে ২৫ ঘন্টা একেৰাহে দৌৰি বিশ্ব অভিলেখ গঢ়িবলৈ আগবাঢ়িছে দিহিঙীয়াই। ইতিমধ্যে মনজিতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দৌৰি আছে । জামুগুৰিহাট জীয়া…

Read More

বিশ্বনাথত উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাৰ সফল সমাপ্তি।

বিশ্বনাথত উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাৰ সফল সমাপ্তি। দৈনন্দিন বাৰ্তা Live@ বিশ্বনাথ চাৰিআলিৰ পৰা শ্ৰীমন্ত দাসৰ সংবাদ ১৭ ডিচেম্বৰ :- যোৱা ১৪ আৰু ১৫ ডিচেম্বৰ বিশ্বনাথ চাৰিআলিৰ চেম্পিয়নচ্ মেকাৰ একাডেমী ত অনুষ্ঠিত হয় উত্তৰ পূব ভাৰত চৈ কোৱাং ডো সমৰকলাৰ কৰ্মশালাৰ। উক্ত কৰ্মশালাখনিত অতি সুন্দৰৰ ভাবে প্ৰশিক্ষন প্ৰদান কৰে হাৰিয়ানা পৰা অহা সৰ্বভাৰতীয় চৈ কোৱাং ডো সন্থাৰ সম্পাদক মাষ্টাৰ বিক্ৰমবিশ্বনাথত উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাৰ সফল সমাপ্তি। থাপা, হাৰিয়ানা চৈ কোৱাং সন্থাৰ প্ৰশিক্ষক কৰন বাগ্লা আৰু উত্তৰ পূব ভাৰত চৈ কোৱাং ডো সন্থাৰ মুখ্য প্ৰশিক্ষক হৃদয়ানন্দ…

Read More

তিনিচুকীয়াত শংকৰ কিশান সোৱৰনী প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন দৈনন্দিন বাৰ্তাLive@,১২ ডিচেম্বৰঃ তিনিচুকীয়াত অহা ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হব শংকৰ কিশান আৰু হীৰালাল গুপ্তা সোৱৰণী প্ৰাইজমানি ক্ৰিকেট  টুৰ্ণামেণ্ট৷ তিনিচুকীয়া স্পৰ্টচ এণ্ড কালচাৰেল এচচিয়েচনে আয়োজন কৰা তিনিচুকীয়াৰ তামুলবাৰী খেলপথাৰত অনুষ্ঠিত হব লগা এই ক্ৰিকেট টুৰ্ণামেণ্ট ২৭ ডিচেম্বৰত অন্ত পৰিব ৷ তিনিচুকীয়া বিধান সভা সমষ্ঠিৰ বিধায়ক সঞ্জয় কিশানৰ মৃত জ্যোষ্ঠ ভাতৃ শংকৰ কিশানৰ স্মৃতিত আয়োজিত  ক্ৰিকেট প্ৰতিযোগিতাখনিত বিজয়ী দলক নগদ ৫০ হেজাৰ টকা আৰু ট্ৰফি, ৰানাৰ্চ আপ দলক নগদ ২৫ হেজাৰ টকা আৰু ট্ৰফি, মেন অব দ্যা মেচ নগদ ১ হেজাৰ টকা, মেন…

Read More