নিউ পূৰ্বাঞ্চল বহুমূখী সমবায় সমিতি লিমিটেডৰ সজাগতা সভা

নিউ পূৰ্বাঞ্চল বহুমূখী সমবায় সমিতি লিমিটেডৰ সজাগতা সভা দলগাঁও, ২০ ফেব্ৰুৱাৰী : দৰঙৰ জিলাৰ দলগাঁও টাউন ফিল্ডৰ প্ৰঙ্গনত দেখা গ’ল নিউ পূৰ্বাঞ্চল বহুমূখী সমৱায় সমিতি লিমিটেডৰ উদ্যোগত সজাগতা সভা |সমবায় নীতি নিয়মৰ আধাৰত কৌশলগত ভাৱে আত্মা সহযোগিতা আৰু পৰাস্পৰিক সহযোগিতাৰে আংশীদৰ সকলৰ অৰ্থ সামাজিক দিশৰ উন্নতি সাধন কৰা লগতে সঞ্চয়. আত্মা নিৰ্ভৰশীলতা ,অংশীদাৰ সকলৰ ভিতৰত সহযেগিতা

Read More

দুই শিক্ষাগুৰুৰ অমানৱীয় কাণ্ডই জোকাৰিছে বৃহত্তৰ বটদ্ৰৱা

 কিশোৰ ছাত্ৰক শিক্ষাগুৰুয়ে দিয়া অমানৱীয় চৰমশাস্তি কাণ্ড ।  বটদ্ৰৱা থানাত গোচৰ ৰুজু দুই শিক্ষকৰ বিৰুদ্ধে ।  জিলা শিক্ষা বিষয়াক স্মাৰক পত্ৰ প্ৰদান আমছুৰ । দৈনন্দিন বাৰ্তাLive , ধিং , ১৫ ফেব্ৰুৱাৰী : –  দুই শিক্ষাগুৰুৰ অমানৱীয় কাণ্ডই জোকাৰিছে বৃহত্তৰ বটদ্ৰৱা । দুজন কিশোৰ তথা নাবালক ছাত্ৰক দুই শিক্ষাগুৰুৰ  অমানৱীয় ভাবে চৰমশাস্তি । বৰ্তমানলৈকে নিৰুদ্দিষ্ট এক নাবালক ছাত্ৰ । দুই শিক্ষকৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত গোচৰ ৰুজু । জিলা পৰিদৰ্শকক আমছুৰ স্মাৰক পত্ৰ দাখিল । বৰ্তমানলৈকে তীব্ৰ চাঞ্চল্য অব্যাহত । প্ৰাপ্ত অভিযোগ আৰু আমাৰ হাতত পৰা তথ্য মতে, নগাওঁ জিলা সংমণ্ডলৰ…

Read More

ৰঙিয়া মহাবিদ্যালয়ৰ সজাগতামুলক শোভাযাত্ৰা

ৰঙিয়া মহাবিদ্যালয়ৰ সজাগতামুলক শোভাযাত্ৰা দৈনন্দিন বাৰ্তা LIVE @প্ৰতিবেদক, ৰঙিয়া, ২ ফেব্ৰুৱাৰীঃ  ৰঙিয়া চহৰত শুক্ৰবাৰে ৰঙিয়া মহাবিদ্যালয়ে এক সজাগতামুলক শোভাযাত্ৰা উলিয়াই। গড় হত্যা ৰোধ, পৰিবেশ ৰক্ষা, বেটী বাচাও বেটী পাঢ়াও, গিএছটি, নাৰী নিৰ্যাতন, মহিষাসুৰ বধ, তেজীমলাৰ কাহিনী, চম্পাৱতীৰ কাহিনী, তুলা আৰু তেজাৰ কাহিনী অসমীয়া সংস্কৃতি, অসমীয়া সংস্কৃতিত মাছ মৰাৰ পৰম্পৰা প্ৰদৰ্শনীৰ বাবে শুক্ৰবাৰে ওলাই আহে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল। ৰঙিয়া মহাবিদ্যালয়খনৰ ৫৫ সংখ্যক বাৰ্ষিক খেল সপ্তাহ উপলক্ষে উলিওৱা এই বৰ্ণাঢ্য শোভাযাত্ৰাত ভাস্বত হয় বিভিন্ন সজাগতামূলক দৃশ্য। ৰঙিয়া চহৰৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি ছাত্ৰ ছাত্ৰীসকলে সজাগতামুলক প্ৰদৰ্শনী দেখুৱাই ৰাইজক  আহ্বান জনাই পৰিবেশ সংৰক্ষণ…

Read More

ফেকামাৰী উন্নয়ন খণ্ডত “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ উদ্বোধনঃ মানকাচৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবৰ উদ্বোধকত এই “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ উদ্বোধনঃ 

ফেকামাৰী উন্নয়ন খণ্ডত “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ উদ্বোধনঃ মানকাচৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবৰ উদ্বোধকত এই “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ উদ্বোধনঃ  দৈনন্দিন বাৰ্তাLive@আব্দুল্লাহ শেখ, হাটশিঙিমাৰী, ১ ফেব্ৰুৱাৰীঃ- নব গঠিত দঃশালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ফেকামাৰী উন্নয়ন খণ্ডত পুৱা ১১ বজাত ২১ নং মানকাচৰ সমষ্টিৰ মাননীয় বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবে “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ মুকলি কৰে।জানিব পৰা মতে উক্ত যোগ প্ৰশিক্ষণ কেন্দ্ৰত মানুহক “যোগ”  শিক্ষা দিয়াৰ ব্যৱস্হা কৰা হৈছে। উক্ত কেন্দ্ৰ মুকলিত উপস্থিত থাকে স্বাস্থ্য বিভাগ, উন্নয়ন খণ্ড বিভাগ আদিকে ধৰি মাননীয় বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবৰ জিলা পৰ্য্যায়, ব্লক পৰ্য্যায়,…

Read More

শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ ৰূপালী জয়ন্তীবৰ্ষ  প্ৰাৰম্ভ অনুষ্ঠানৰ প্ৰস্তুতি

শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ ৰূপালী জয়ন্তীবৰ্ষ  প্ৰাৰম্ভ অনুষ্ঠানৰ প্ৰস্তুতি দৈনন্দিন বাৰ্তা LIVE @উৎপল ডেকাঃ,তামুলপুৰ ১ ফেব্ৰুৱাৰীঃ জানুৱাৰী :- শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ  ৰূপালী জয়ন্তী বৰ্ষ   উদযাপনৰ  উদ্দেশ্যে   ইয়াৰ প্ৰাৰম্ভ অনুষ্ঠান  অহা  তিনি  আৰু চাৰি ফেব্ৰুৱাৰীত  অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ।  সেই উদ্দেশ্যে  অৱসৰপ্ৰাপ্ত শিক্ষক মুকুন্দ দাসক সভাপতি আৰু  ডা: ৰমেন কাকতিক  সম্পাদক হিচাবেলৈ  ৰূপালী জয়ন্তীবৰ্ষ উদযাপন সমিতি এখন গঠন কৰা হয় ।কাৰ্যসূচী অনুসৰি  তিনি ফেব্ৰুৱাৰীৰ পুৱা  পতাকা উত্তোলন কৰিব  নিকেতন পৰিচালনা সমিতিৰ সভাপতি  মোহন চন্দ্ৰ ডেকাই ।  বন্তি প্ৰজ্বলন কৰিব  উদযাপন সমিতিৰ  সভাপতি মুকুন্দ দাসে ।ইয়াৰ পিচতেই  সমান্তৰালভাবে   চৌবিশ…

Read More

হাওৰাঘাটত চিলাৰায় দিৱস উদযাপন

হাওৰাঘাটত চিলাৰায় দিৱস উদযাপন মুখপত্ৰ শুক্লধ্বজ উন্মোচন দৈনন্দিন বাৰ্তা LIVE @ হাওৰাঘাট ৩১ জানুৱাৰীঃ আজি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে হাওৰাঘাটৰ ঐতিহাসিক বৰবিল গাঁৱত সদৌ কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু বৰবিল গাওঁ শাখাৰ আতিথ্যত মহাবীৰ চিলাৰায়ৰ ৫০৮ সংখ্যক জন্ম দিৱসটি উদযাপন কৰা হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিয়লি অনুষ্ঠিত হয় মুকলি সভা। সভাত আজিৰ তাৰিখতো বীৰ চিলাৰায়ৰ প্ৰাসংগিকতাৰ ওপৰত তত্বগধুৰ মন্তব্য আগবঢ়ায় সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ৰঘুৰঞ্জন বেপাৰীয়ে। তেওঁ লগতে কোচ ৰাজবংশীসকলৰ জনজাতি প্ৰসংগকলৈ সুদীৰ্ঘ দিনে চৰকাৰী পক্ষই চলাই অহা বঞ্চনা আৰু ষড়যন্ত্ৰৰ…

Read More

মাঘী পূৰ্ণিমা: হেজাৰ হেজাৰ ভক্তৰে উদুলি-মুদুলি বটদ্রৱা থান:

মাঘী পূৰ্ণিমা: হেজাৰ হেজাৰ ভক্তৰে উদুলি-মুদুলি বটদ্রৱা থান: দৈনন্দিন বাৰ্তা LIVE @প্ৰাঞ্জল বৰা, বটদ্ৰৱা , ৩১ জানুৱাৰী: মহাপুৰুশ শ্রী শংকৰদেৱৰ পবিত্র জন্মস্থান পূন্যভূমি বটদ্রৱাত আজি পবিত্র মাঘী পূৰ্ণিমা উৎসৱটি পৰম্পৰাগতভাবে উদযাপণন কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা মাঘী পূৰ্ণিমা উপলক্ষে আজি পুৱা বটদ্রৱা থানত তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ, ডেৰপৰীয়া প্রসংগ পৰিবেশন কৰা হয়। মাঘী পূৰ্ণিমা উপলক্ষে জাতীয় সাজ পৰিধান কৰি আহি বটদ্রৱা থানৰ কীৰ্তনঘৰ, পদশিলা, দৌল মন্দিৰত এভাগ তেল বন্তি সেৱাৰ নৈবেদ্য আগবঢ়াই হেজাৰ হেজাৰ ভক্তই আশীষ নিৰ্মালী গ্রহণ কৰে। বটদ্রৱাৰ ঐতিহাসিক দৌল মন্দিৰৰ…

Read More

গহপুৰ মহকুমা অনুসূচিত জাতি ছাত্র সন্থাৰ শাখা সমিতি গঠন

  গহপুৰ মহকুমা অনুসূচিত জাতি ছাত্র সন্থাৰ শাখা সমিতি গঠন ———————————-  দৈনন্দিন বাৰ্তা Live@: গহপুৰ পৰা মুন গগৈ ৰিপৰ্ট : ২৯ জানুৱাৰী :- গহপুৰ মহকুমা অনুসূচিত জাতি ছাত্ৰ  সন্থাই ব্ৰহ্মাজান দানী গাঁৱৰ হৰি মন্দিৰত শাখা সমিতি গঠন কৰা হয় । দিনৰ 2 বজাত অনুষ্ঠিত সভা খনিত সভাপতিত্ব কৰিছিল গহপুৰ মহকুমাৰ প্ৰাক্তন ছাত্র নেতা ভদ্ধেশ্বৰ দাসে। গহপুৰ মহকুমা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ  সভাপতি গকুল দাসে তেওঁ সাংগঠনিক দিশত অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবাঢ়ই  কয় যে-  আমি শিক্ষিত হব লাগিব এক গোট হৈ আগবাঢ়িব লাগিব এটা জাতি উন্নতি নিৰ্ভয় কৰে যুৱ প্ৰজন্মৰ ওপৰত…

Read More

কয়াকুছিৰ বিভিন্ন অনুষ্ঠানত-প্ৰতিষ্ঠানত গণৰাজ্য দিৱস পালন

কয়াকুছিৰ বিভিন্ন অনুষ্ঠানত-প্ৰতিষ্ঠানত গণৰাজ্য দিৱস পালন দৈনন্দিন বাৰ্তা Live@ছাহেদ আলী আহমেদ ¸ হাউলী¸ ২৮ জানুৱাৰী :বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ বিদ্যানগৰী তথা বিশ্ববিখ্যাত ঢাৰী নগৰী কয়াকুছিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত ৬৯ তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ লগতে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা দেখিব পৰা গৈছে । কয়াকুছি আৰক্ষী চকী ¸ খন্ড উন্নয়ণৰ কাৰ্যালয়¸ বিভিন্ন দলীয় কাৰ্যালয় ¸  অন্যান্য কাৰ্যালয় ¸  কয়াকুছি জ্যেষ্ঠ আৰু কনিষ্ট মহাবিদ্যালয় ¸  আদৰ্শ জাতীয় বিদ্যালয় ¸  পাকাবেতবাৰী চৰকাৰী আদৰ্শ বিদ্যালয় ¸ দাৰুল হিকমাহ একাডেমী ¸  গ্ৰীণলেন্ড একাডেমী আৰু ড০ বি আৰ ছায়েঞ্চ একাডেমী ¸ লৱাৰ আসাম একাডেমী¸ স্বাহনাজ একাডেমীৰ …

Read More

৭ টাকৈ ৰাজহুৱা অনুষ্ঠানৰ আধাৰশিলা উদ্বোধন ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ৷

৭ টাকৈ ৰাজহুৱা অনুষ্ঠানৰ আধাৰশিলা উদ্বোধন ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ দৈনন্দিন বাৰ্তা Live@তিনিচুকীয়া, ২৮ জানুৱাৰীঃ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে আজি ২০১৭-১৮ বৰ্ষৰ বিধায়ক এলেকা উন্নয়ণ পুঁজিৰে নিৰ্মাণ হবলগীয়া সাতটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাজহুৱা গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ পুৱা ৯ বজাত ১.লাখ টকা পুঁজিৰে বৰবিল পঞ্চায়তৰ নিৰ্মাণ হবলগীয়া বালিজান নেপালী বিষ্ণুমন্দিৰৰ অনাময় গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছত ১০ বজাত গোলাই মছজিদৰ সমুহীয়া গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ দিনৰ ১২ বজাৰপৰা ৩ বজালৈ পাৱৈ গাঁও পঞ্চায়তত মুঠ পাঁচটা ৰাজহুৱা অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে ৷ এইবৰ্ষৰ বিধায়ক এলেকা উন্নয়ণ পুঁজিৰ ১.৫…

Read More

তিনিচুকীয়াত ২০১৭- ১৮ বিত্তীয় বৰ্ষৰ বিধায়ক  পুজিৰে নিৰ্মাণ হব ৫ টাকৈ কমিউনিটি গৃহ

তিনিচুকীয়াত ২০১৭- ১৮ বিত্তীয় বৰ্ষৰ বিধায়ক  পুজিৰে নিৰ্মাণ হব ৫ টাকৈ কমিউনিটি গৃহঃ শুভাৰম্ভ কৰে বিধায়ক সঞ্জয় কিশানে দৈনন্দিন বাৰ্তা Live,@, তিনিচুকীয়া ৰ পৰা সীমান্ত চেতিয়া ৰেপৰ্ট#  ২৮ ফেব্ৰুৱাৰীঃ অলকানন্দা চাহ বাগিছাত আজি পুৱাই বিধায়ক সঞ্জয় কিষানে অলকানন্দা ৰাইজৰ বাবে এটি কমিনিটি গৃহ উৎঘাটন কৰে I ২০১৭- ১৮ বিত্তীয় বৰ্ষৰ নতুন বিধায়ক পুজিৰে নিৰ্মান হব লগীয়া এই কমিউনিটি গৃহৰ কাম উদ্ধোধন কৰি বিধায়ক সঞ্জয় কিশানে অনাগত দিনত সমষ্ঠিবাসীৰ সকলোবোৰ অভাব পূৰ্ণ কৰিবলৈ চেষ্ঠা কৰিব বুলি মন্তব্য কৰে৷ ১৫ বছৰে তিনিচুকীয়াৰ শাসনৰ গাদীত থাকিও  কংগ্ৰেছী প্ৰাক্তন বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙে সমষ্ঠিটোৰ…

Read More

গোৱালপাৰাত বিষ্ণুযজ্ঞ মেলা ৰ আয়োজন ৰ প্রস্তুতি

–:গোৱালপাৰাত বিষ্ণুযজ্ঞ মেলা:– ___________________________________ দৈনন্দিন বাৰ্তা Live@ শিমলীতোলা,২৮ জানুৱাৰী:গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য পাহাৰত প্ৰতি বছৰৰ দৰে এইবছৰো অহা ৩০ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ সাতদিনীয়া কাৰ্যসূচীৰে বিষ্ণু যজ্ঞ মেলাৰ আয়োজন কৰা হৈছে।প্ৰতিবছৰে মাঘী পুৰ্ণিমাত এই মেলাৰ আয়োজন কৰা হয়।এই মেলাত  অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে।বিভিন্ন জাতি-ধৰ্মৰ লোকে অংশগ্ৰহন কৰে এই মেলাত।এক সংগমস্থলিলৈ ৰুপান্তৰিত হয় এই এটা সপ্তাহ।উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান। ই শ্ৰী সূৰ্য্য পাহাৰৰ পূৱ অংশত অৱস্থিত।ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্য্যবোৰে…

Read More

বিশ্বনাথত জিলা প্ৰশাসন উদোগত ৬৯ তম গণৰাজ্য দিৱস উদযাপন

বিশ্বনাথত জিলা প্ৰশাসন উদোগত ৬৯ তম গণৰাজ্য দিৱস উদযাপন দৈনন্দিন বাৰ্তা Live@ বিশ্বনাথ চাৰিআলি ২৭ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে  বিশ্বনাথ জিলা প্ৰশাসন উদোগতো ৬৯ তম গণৰাজ্য দিৱস উদযাপন কৰা হয় । পুৱা ৭.৩০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই ( এ চি এচ ) ইফালে বিহালী উন্নয়ন খণ্ডৰ সমুহ কৰ্মচাৰীৰ উপস্থিত খণ্ড উন্নয়ন বিষয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিন যোৰা কাৰ্যসূচীৰে ৬৯ গণৰাজ্য দিৱস উদযাপন কৰে । একে দৰে শুৱালকুচি টাইকোৱাণ্ডা একাডেমিত উদোগতো ৬৯ তম গণৰাজ্য দিৱস উদযাপন কৰা হয় ।পুৱা৭, ৩০ বজাত বুধৰাম মাধৱদেৱ…

Read More

কলিয়াবৰত অনুষ্ঠিত সদভাৱনা সন্মিলনত ভাষণৰত মুহূর্তত সতপালদেৱ মহাৰাজ।

কলিয়াবৰত অনুষ্ঠিত সদভাৱনা সন্মিলনত ভাষণৰত মুহূর্তত সতপালদেৱ মহাৰাজ। ফটো-পংকজ কুমাৰ দাস

Read More

নগাঁৱৰ কলেজ অৱ এডুকেশ্বনৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি

নগাঁৱৰ কলেজ অৱ এডুকেশ্বনৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি নগাওঁ, ১৪ ডিচেম্বৰ:- নগাঁৱৰ উচ্চ শিক্ষাৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কলেজ অৱ এডুকেশ্বন নগাঁও।  এই মহাবিদ্যালয় খনে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। নগাঁও চহৰৰ মাজমজিয়াত ১৯৯২ চনতে স্থাপিত এই ব্যাক্তিগত খণ্ডৰ শিক্ষ্যানুষ্ঠানখনে বিগত সময়ত  শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৩ ডিচেম্বত এদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে। সেই দিনা পুৱা ৮বজাত শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাই পতাকা উত্তোলনৰে ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰিব। স্মৃতি তৰ্পন অনুষ্ঠিান মুকলি কৰিব…

Read More

হাস্য-ব্যংগ ই-আলোচনী ‘ফটাঢোল’

প্ৰেছ বিজ্ঞপ্তি হাস্য-ব্যংগ ই-আলোচনী ‘ফটাঢোল’ অসমীয়া হাস্য-ব্যংগৰ ক্ষেত্ৰখনত এক অনন্য মাত্ৰা প্ৰদান কৰা ফেচবুকৰ জনপ্ৰিয় গোট “ফটা-ঢোল”ৰ সদস্য সকলৰ উদ্যোগত প্ৰকাশিত “ফটা-ঢোল” (fotadhol.com) নামৰ ই-আলোচনীখনৰ ষষ্ঠ সংখ্যাটো পঢ়ুৱৈৰ বাবে মুকলি কৰি দিয়া হৈছে। ইতিমধ্যে প্ৰকাশিত পাঁচটা সংখ্যাই পঢ়ুৱৈৰ বিপুল সমাদৰ লাভ কৰা আলোচনীখনৰ এই সংখ্যাটো সম্পাদনা কৰিছে জীমণি গগৈয়ে। বুদ্ধিদীপ্ত হাস্যৰস আৰু পৰিশীলিত ব্যংগ ৰচনাৰে সমৃদ্ধ এইবাৰৰ সংখ্যাটিত  অসমৰ বহুকেইজন প্ৰথিতযশা সাহিত্যিকৰ লগতে বহুকেইজন নতুন লেখকৰো ৰসাল লেখা সন্নিবিষ্ট কৰা হৈছে। প্ৰাত্যহিক ব্যস্ততা তথা যান্ত্ৰিকতাৰ ধামখুমীয়াত হাঁহিবলৈ পাহৰি যোৱা, আহৰি নোহোৱা আজিৰ পঢ়ুৱৈসকলক এই আলোচনীখনে হাঁহিৰ খোৰাক যোগাব বুলি আশা…

Read More

কাৰ্বি আংলঙত ANM নাৰ্ছৰ অনিদিৰ্ষ্টকালীন কৰ্মবিৰতি

# কাৰ্বি আংলঙত ANM নাৰ্ছৰ অনিদিৰ্ষ্টকালীন কৰ্মবিৰতি  NO SALARY NO WORKঘোষণা পাঁচমাহ ধৰি দৰমহা আৰু নিযমীয়া ভাট্টালাভৰ পৰা বঞ্চিত নাৰ্ছৰ হাওৰাঘাটত ধৰ্ণা ৷৷ Howraghat 29 Nov : কাৰ্বি আংলঙত ANM আৰু LHS নাৰ্ছৰ NO SALARY NO WORK ঘোষণা ৷ পাঁচ মাহ ধৰি দৰমহা আৰু নিয়মীয়া ভাট্টা লাভৰ পৰা বঞ্চিত শ শ নাৰ্ছে আজি বুধবাৰ @ ২৯ নৱেম্বৰৰ পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ৷ হাতে-হাতে প্লেকাৰ্ড-ফেষ্টুন লৈ চিকিৎসালয় চৌহদত উত্তাল প্ৰতিবাদ নাৰ্ছৰ ৷ যাৰ বিৰূপ প্ৰভাৱ পৰিছে পাহাৰৰ স্বাস্থ্যখণ্ডত ৷ এক প্ৰতিবেদন ৷  কাৰ্বি আংলঙত নাৰ্ছৰ No Salary No work ঘোষণা…

Read More

ডিমৌত অচিন ৰোগৰ প্ৰাৰ্দুভাৱত এখন গাওঁ : চিকিৎসা সেৱাৰ অবিহনে মৃত্যৰে যুঁজিছে বহুকেইটা শিশু-কিশোৰে 

ডিমৌত অচিন ৰোগৰ প্ৰাৰ্দুভাৱত এখন গাওঁ : চিকিৎসা সেৱাৰ অবিহনে মৃত্যৰে যুঁজিছে বহুকেইটা শিশু-কিশোৰে  দৈনন্দিন বাৰ্তা LIVE@ডিমৌ,২৩ নৱেম্বৰ:- স্বাধীনতাৰ সত্তৰ বছৰ পিচতো দাৰিদ্ৰতাই কোঙা কৰা এখন গাওঁ । দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা গাওঁখনৰ শ্ৰমিক পৰিয়ালসমূহ এতিয়া বঞ্চিত এটি চৰকাৰী আবাসগৃহৰ পৰা । যাৰবাবে অস্বাস্থ্যকৰ পৰিবেশত জুপুৰীসদৃশ ঘৰত জীৱন যাপন কৰিছে গাঁৱৰ লোকসকলে । লক্ষণীয় কথা যে,গাওঁখনত এতিয়া অচিন ৰোগৰ আতংকই এক প্ৰকাৰে মহামাৰীৰ ৰূপ লৈছে । যোৱা তিনিটা মাহত অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত গাওঁখনত মৃত্যুক সাৱতি লৈছে তিনিটিকৈ কিশোৰে । এটিৰ পিচত এটি শিশু-কিশোৰ মৃত্যুমুখত পৰাৰ…

Read More

নগাঁৱৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত 

নগাঁৱৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত  => নিহত ৪ ,অাহত১৮ জন ## দৈনন্দিন বাৰ্তা LIVE@(দীপ জ্যোতি শইকীয়া)জিলা প্ৰতিনিধি,নগাঁও ,২৩ নৱেম্বৰ : অাজি পুৱাই নগাঁৱৰ কলিয়াবৰৰ আমগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নগাঁৱৰ পৰা উজনি মুৱা যাত্ৰী বাসী ট্ৰেভেলাৰ গাড়ীখনে আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত ৰৈ থকা ৰন্ধন গেছ ভৰ্তি ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত চাৰি জন লোক নিহত হোৱাৰ লগতে দুৰ্ঘটনাটোত ১৮ জনকৈ লোক গুৰুতৰ ভাবে আহত হ’ব লগা হয়। নোম’ন নামৰ As 02 ac 2739 নম্বৰৰ ট্ৰেভেলাৰ খন নগাঁৱৰ পৰা যোৰহাট  অভিমুখে গৈ থকাৰ সময়ত ৩৭…

Read More