Home অসম চৰাইদেউ জিলাত পঞ্চায়ত নিবাৰ্চনৰ ভোট গ্ৰহণৰ বাবে সাজু বিষয়া-কৰ্মচাৰী

চৰাইদেউ জিলাত পঞ্চায়ত নিবাৰ্চনৰ ভোট গ্ৰহণৰ বাবে সাজু বিষয়া-কৰ্মচাৰী

83
0

সোণাৰিৰপৰা অভিজিৎ ভূঞা, ৪ ডিচেম্বৰঃ বহু প্ৰতীক্ষিত পঞ্চায়ত নিবাৰ্চনৰ বাবে সাজু চৰাইদেউ জিলা প্ৰশাসন। কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিবাৰ্চনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ  কৰিবলৈ ইতিমধ্যে ভোট কেন্দ্র সমূহলৈ নিৰাপত্তাৰক্ষীসহ ৰাওনা হৈছে  চৰাইদেউ জিলা প্ৰশাসনে নিয়োজিত কৰা প্ৰিজাইডিং আৰু পুলিং অফিচাৰসকল।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ পৰা পৃথক হোৱাৰ পাছত নৱগঠিত জিলাখনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব গাওঁ পঞ্চায়তৰ নিৰ্বাচন।   ৪,৫৮,৬১৫  গৰাকী জনসংখ্যা বিশিষ্ট  জিলাখনৰ গাওঁ পঞ্চায়তৰ  মুঠ ভোটাৰৰ সংখ্যা ২,৯২,৪২২ গৰাকী। ইয়াৰে ১, ৬২, ৩৫১ জন পুৰুষ ভোটাৰ আৰু ১,৩০,০১১ গৰাকী মহিলা ভোটাৰ। জিলাখনত ৩৬ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি, ৪ টা আঞ্চলিক পঞ্চায়তৰ বাবে ৩৬ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য,  ৭ গৰাকী জিলা পৰিষদৰ সদস্যৰ লগতে ৩৬০ গৰাকী গাঁও পঞ্চায়তৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

ইয়াৰে ৭ খন জিলা পৰিষদৰ সদস্য পদৰ বিপৰীতে ২৩ গৰাকী, ৩৬ খন আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বিপৰীতে ১০৭ গৰাকী, ৩৬ খন  গাওঁ  পঞ্চায়তৰ সভাপতি পদৰ বিপৰীতে ১২৮ গৰাকী আৰু ৩৬০ খন গাওঁ পঞ্চায়ত সদস্য পদৰ বিপৰীতে ৯৯৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও ১৯ গৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা ১২৩৮ গৰাকী। আনহাতে মুঠ ৩৬০ টা ৱাৰ্ডৰ বাবে ৩৭৫ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত ৫০ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ২০ টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে।

আনহাতে কাইলৈ অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ কামত নিয়োজিত বিভিন্ন বিষয়া-কৰ্মচাৰী সকলক তেওঁলোকৰ ওপৰত ন্যস্ত কৰা দায়িত্বসমূহ নিষ্ঠা সহকাৰে পালন কৰিবলৈ চৰাইদেউ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰিছে। ইফালে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ চৰাইদেউ জিলা প্ৰশাসনে উচ্চ পদস্থ বিষয়াসকলক দায়িত্ব দিয়াৰ লগতে আঠখন আৰক্ষী চকী আৰু পাঁচটা আউট পোষ্ট সাজু কৰি তুলিছে।

আনহাতে আজি চৰাইদেউ জিলাৰ অন্যতম শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ খেলপথাৰৰপৰা বিষয়া কৰ্মচাৰীসকলে নিয়োজিত ভোট কেন্দ্রলৈ ৰাওনা হৈছে ভোট গ্ৰহণ কৰিবলৈ। ইপিনে কাইলৈ ৰাজ্যত অনুষ্ঠিত হবলগীয়া পঞ্চায়ত নিবাৰ্চনৰ প্ৰচাৰ অভিযান তিনি ডিচেম্বৰ ত সমাপ্ত হল যদিও জিলাখনৰ সোণাৰি সমষ্টিৰ ভজো গাওঁ পঞ্চায়তত নিবাৰ্চনী বিধি উলংঘনৰ অভিযোগ উত্থাপিত হৈছে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে।  উল্লেখ্য যে ৰাজনৈতিক দলসমূহে দলীয় সমৰ্থকসকলক লগত লৈ প্ৰতিখন পঞ্চায়তত চলালে  নিবাৰ্চনী প্ৰচাৰ।

কিন্তু তাৎপৰ্য্যপূৰ্ণ ভাবে শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ সমষ্টিত উলংঘন হৈছে নিৰ্বাচনী বিধি। সোণাৰি সমষ্টিৰ অন্তৰ্গত ভজো গাওঁ পঞ্চায়তত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী যমুনা কৰ্মকাৰে দলীয় সমৰ্থকসকলক লগত আজিও  নিবাৰ্চনী প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে জনসাধাৰণে। পঞ্চায়তখনৰ ৯ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী যমুনা কৰ্মকাৰে আজি নিবাৰ্চনী প্ৰচাৰ চলোৱাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

বিশেষকৈ শাসকীয় বিজেপি দলে পঞ্চায়ত নিবাৰ্চনত নিবাৰ্চনী বিধি উলংঘা কৰাৰ পাছতো নিবাৰ্চনী আয়োগে কি ব্যবস্থা গ্ৰহণ কৰে লক্ষণীয় হব।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here