Home উত্তৰ-পূব বিলাসীপাৰা কংগ্ৰেছত খহনীয়া

বিলাসীপাৰা কংগ্ৰেছত খহনীয়া

51
0

DB Live , বিলাসীপাৰা,২২ নৱেম্বৰঃ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মুহুৰ্ততে বিলাসীপাৰাত কংগ্ৰেছত ব্যাপক খহনীয়া। কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ প্ৰতি বিতুষ্ট হৈ আঞ্চলিক দল অসম গণ পৰিষদত যোগ দিছে বহু তৃণমূল কংগ্ৰেছ কৰ্মীয়ে। আজি কংগ্ৰেছৰ মুৰ্শিদা আলম আৰু উদমাৰী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক সহিদুল হকৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অগপ যোগাদান কৰে।

বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ বৰুৱাৰ নেতৃত্বত অগপ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। ইয়াৰে সহিদুল হকক উদমাৰী গাওঁ পঞ্চায়তৰ সভাপতি পদত আৰু মুৰ্শিদা আলমক আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদৰ সদস্য পদত অগপৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here