“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….)

Spread the love

Sharing is caring!

“কেলেণ্ডাৰ”
(১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….)


“কেলেণ্ডাৰ” এখন সামাজিক মনোৰম ধৰ্মী নতুন অসমীয়া কথাছবি অহা ১৬ ফেব্ৰুৱাৰী ত মুক্তি লাভ কৰিব। বৰ্তমান অসমীয়া ছবিজগতৰ বক্স অফিচত মুক্তিৰ পূৰ্বে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কেলেণ্ডাৰ নামৰ ছবিখন। এই ক্ষেত্ৰত ছবিখনৰ মূল বিষয়বস্তু আৰু ছবিখনৰ পৰিয়ালবৰ্গ ই চলোৱা ব্যতিক্ৰমী প্রচাৰে চৰ্চাৰ মূল বুলিব পাৰি। কেলেণ্ডাৰ নামৰ শব্দটোৰ সৈতে আমাৰ প্ৰতিজন লোকৰ এক ওতঃপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে । ঠিক একেদৰে সদ্য মুক্তি পাবলগা ‘কেলেণ্ডাৰ’ ছবিখনো আমাৰ দৈনন্দিন সমাজ জীৱনৰ এখন পৰিয়ালকেন্দ্ৰিক ছবি।

ছবিখনৰ কাহিনীভাগত দেখুৱা হৈছে এখন কেলেণ্ডাৰে সলনি কৰি দিছে এখন সৰু নগৰত বাস কৰা অৱসৰপ্ৰাপ্ত শিক্ষক হিতেশ কাকতি আৰু তেওঁৰ পত্নী মনোৰমা কাকতিৰ জীৱনৰ সময়বোৰ । তেওঁলোকৰ পুত্ৰ অৰুণাভে নতুনকৈ বিয়া কৰাইছে, অৰুণাভৰ পত্নী এগৰাকী অনা অসমীয়া। তেওঁলোক দুয়ো বৰ্তমান দিল্লীত থাকে । নিদিষ্ট সময়তহে পুত্ৰৰ সৈতে মাক দেউতাকে মুখামুখি হয়।

কেলেণ্ডাৰ এখনক কেন্দবিন্দু্ কৰি বহু ঘটনা পৰিঘটনাৰ মাজেদি ছবিখনৰ কাহিনী সমূহ অগবঢ়াই নিয়া হৈছে । ছবিখন হিমজ্যোতি তালুকদাৰৰ কাহিনী আৰু পৰিচালনা তথা ‘এনাজৰী টকিজ’ৰ বেনাৰত হিমজ্যোতি তালুকদাৰ আৰু দীক্ষিত দাসৰ প্ৰয়োজনাৰে ছবিখন নিৰ্মিত হৈছে। ছবিখনৰ সহ: পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । ছবিখনৰ চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ, ঝুলন কৃষ্ণ মহন্ত আৰু শান্তনু ৰৌমুৰীয়াৰ । অহা ১৬ ফেব্ৰুৱাৰীত মুক্তি পাব লগা ছবিখনৰ মূল কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ, মলয়া গোস্বামী, গুঞ্জন ভাৰদ্বাজ, ৰিমঝিম ডেকা আৰু বহুকেইগৰাকী শিল্পীয়ে। ‘কেলেণ্ডাৰ’ ৰ সংগীত পৰিচালনা বহুকেইটা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক সংগীত পৰিচালিকা তৰালী শৰ্মাই । ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে দীক্ষিত দাসে । ছবিখন অসমৰ বিভিন্ন ঠাইৰ লগতে অন্যান্য অঞ্চলত চিত্ৰগ্ৰহণ কৰা হৈছে যদিও মূলতঃ দেৰগাঁও ত বিশেষ ভাবে চিত্ৰগ্ৰহণ কৰা হৈছে । ছবিখনৰ শব্দ ৰূপাংকণ দেৱজিৎ গায়নৰ, বৰ্ণ ৰূপাংকণ সুজিত বৰাৰ , গতিময় ৰেখাচিত্র কৰিছে দ্বীপজ্যোতি সন্দিকৈ আৰু অজয় চেতিয়াৰ। কাৰ্য্যবাহী প্ৰযোজক জে পি নাথ আৰু পাৰ্থপ্ৰতিম মহন্তৰ, সহঃ প্ৰযোজক সুভাষ বৰা, ত্ৰিনয়ন বৰা,অৰুণাভ গগৈ,অভিজ্ঞান বৰা, জ্যোতিময়শ্ৰী, ধানজিৎ কলিতা,ডম্বৰুধৰদাস আৰু অনিন্দ্য বৰুৱা। বৰ্তমান ছবিখনৰ মুক্তিৰ পূৰ্বে এটি বিশেষ গীত , শান্তনু ৰৌমুৰীয়াৰ কথা আৰু সিদ্ধাৰ্থ হাজৰিকাৰ কণ্ঠদানত ‘জীৱনে ওমলে জামলে’ শীৰ্ষক গীতটি এতিয়া সকলোৰে মুখত… অধিক জনপ্রিয় হৈ পৰিছে । আমাৰ সৈতে হোৱা বার্তালাপ ত ছবি পৰিচালক হিমজ্যোতি তালুকদাৰে জানিবলৈ দিয়া অনুসৰি নৱবৰ্ষৰ আৰম্ভণিতে তেওঁলোকে ছবিখন প্ৰচাৰ কৰাৰ লক্ষ্য ৰাখি সমগ্র অসমতে এখন কেলেণ্ডাৰ উপহাৰ দিছিল । তেওঁ ছবিখনৰ মুক্তিৰ দিন ৯ ফেব্ৰুৱাৰী, শুক্ৰবাৰে কৰা হৈছিল যদিও, এতিয়া চুড়ান্ত ভাবে পূৰ্ণ দৈৰ্ঘৰ ছবিখন অহা ১৬ ফেব্ৰুৱাৰী তাৰিখে সকলো ছবিগৃহতে মুক্তি পাব । তেওঁ লগতে জনায় কেলেণ্ডাৰ ছবিখনৰ দ্বাৰা সকলোৱে নিজ জীৱনৰ সকলো ঘটনা পৰিঘটনক বিচাৰি পাব বুলি বিশ্বাস। তেওঁৰ লগতে ছবিখনৰ সকলো কলা কুশলীৰ আশা ছবিখন দৰ্শকে আঁকোৱালি লৈ ছবিখন উপভোগ কৰক।

@অশ্বিনী গগৈ

http://twitter.com/kumar_ashwaini
twitter.com/kumar_ashwaini

Related posts

One Thought to ““কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….)”

  1. https://www.facebook.com/himjyoti.talukdar

    “খুউব এটা জাক জমকীয়া নহলেও বহু লোকৰ আন্তৰিক প্ৰচেষ্টাৰে কেলেণ্ডাৰৰ প্ৰচাৰ বিভিন্ন ধৰণেৰে চলি আছে। চিনাকি অচিনাকি বহু লোকৰ সৈতে সঘনে কথা হয়। সঘনে এটা প্ৰশ্নৰ সন্মুখীন হওঁ। প্ৰথম চিনেমাখনেই দুগৰাকী জ্যেষ্ঠ নাগৰিকৰ বিষয়বস্তু লৈ কিয়? এইটো বয়সত, চিনেমাৰ এনেকুৱা এটা পৰিবেশত, চিনেমাৰ কেৰিয়াৰটোত ডাঙৰ ৰিস্ক এটা লোৱা নাইনে? এই প্ৰশ্নটোৰ সন্মুখীন হ’লে মিচিকিয়া হাঁহি এটা ওলাই যায়। হয়তো প্ৰশ্নটো বৰ্তমানৰ পৰিবেশত আন্তৰিকতাৰেই সোধা হয়। কিন্তু মোৰ এটায়েই উত্তৰ – চিনেমা মানেই মোৰ বাবে ৰোমাঞ্চ, একচন অথবা ‘আইটেম চং’ নহয়, চিনেমা মানে বহু ‘কিবা-কিবি’। সেই ‘কিবা-কিবি’ বোৰে হয়তো ৰূপালী পৰ্দাত আপোনাৰ-মোৰ জীৱনৰ কথা ক’ব, সমাজত ঘটি থকা সংঘাটবোৰ প্ৰতিফলিত কৰিব বিভিন্ন বিষয়বস্তুৰ মাধ্যমেৰে। সামাজিক অথবা ৰাজনৈতিক বিভিন্ন জলন্ত সমস্যা এটা লৈও এখন চিনেমা নিৰ্মাণ কৰিব পাৰিলোহেঁতেন, কিন্তু হয়তো সেই বিষয়ক চিনেমাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত এতিয়াই পৰিপক্ক হৈ উঠা নাই, কাৰণ তেনে বিষয়বস্তুৰ চিনেমাত লাগে গভীৰ অধ্যয়ন। এইক্ষেত্ৰত হয়তো অলপ সুবিধাবাদী হৈ পৰিলো, বাচি ল’লো এটা পৰিয়ালকেন্দ্ৰিক কাহিনী। কিন্তু আমাৰ ব্যক্তিগত জীৱনটোৱেই ইমান সংঘাটেৰে ভৰা, যিখিনি চিনেমাৰ ৰূপত ব্যক্ত কৰাটোও মোৰ বাবে এক অগ্নিপৰীক্ষাৰ দৰেই, যদি সেয়া হয় কিছুমান সত্য ঘটনাৰ আঁৰ লৈ নিৰ্মিত চিনেমা।

    ***
    মাজত মাথোঁ কেইটামান দিন। কেলেণ্ডাৰ টিমৰ ব্যস্ততা তুংগত। সকলোৱে দেহেকেহে লাগি আছে চিনেমাখনৰ কামত। ১৬ তাৰিখে দৰ্শকে আমাৰ মুল্যাংকন কৰিব। ছচিয়েল মেডিয়াৰ যোগেদি বহু মন্তব্য আহিব, আমাৰো বহু কথা শিকা হ’ব। অসমীয়া চিনেমাৰ জগতখনত প্ৰায় নতুন এটা কৰ্মদলৰ, বহু পৰীক্ষামূলক বিষয়বস্তুৰ অৱতাৰণাৰে নিৰ্মিত এখন চিনেমা ৰাইজে কেনেদৰে আদৰি লয় সেয়া হৈছে আমাৰ বাবে বহুপ্ৰতীক্ষিত বিষয়বস্তু।”

    অপেক্ষা মাথোঁ ১৬ ফেব্ৰুৱাৰীলৈ!

Leave a Comment