Home ক্রীড়া-জগত দৈনন্দিন বাৰ্তাৰ সৌজন্যত লাহৰীঘাট শিশু ক্ৰিকেট লীগ

দৈনন্দিন বাৰ্তাৰ সৌজন্যত লাহৰীঘাট শিশু ক্ৰিকেট লীগ

18
0

DB Live  ভূৰাগাঁও, ৪ ডিচেম্বৰঃ মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধিনস্থ খেলপথাৰত দেওবাৰে পুৱাৰ পৰা বিয়লি চাৰি বজালৈ ‘দৈনন্দিন বাৰ্তা’ কাকতৰ উদ্যোগত লাহৰীঘাট শিশু ক্ৰিকেট লীগ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনত আঠটা দলে অংশগ্ৰহণ কৰে। তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকলৰ দ্বাৰা গঠিত দলসমূহৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ধূপগুৰি জাতীয় বিদ্যালয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

প্ৰতিযোগিতাৰ চূড়ান্ত মেচত ধূপগুৰি জাতীয় বিদ্যালয়ে লাহৰীঘাট জাতীয় বিদ্যালয়ক ষোল্ল ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ধূপগুৰিয়ে আঠ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৫৬ ৰান কৰে। প্ৰত্যুত্তৰত লাহৰীঘাট দলে নিৰ্ধাৰিত অভাৰত পাঁচটা উইকেট হেৰুৱাই চল্লিশ ৰানহে কৰিবলৈ সক্ষম হয়। বঁটা বিতৰণী সভাত ধূপগুৰি দলৰ খেলুৱৈ মুছাহিদুলক শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে লাহৰীঘাট জাতীয় বিদ্যালয়ৰ মেহফুজ বিবেচিত হয়। ইফতিকাৰ আলমক শ্ৰেষ্ঠ অধিনায়কৰ পুৰস্কাৰ প্ৰদান কৰা হয়। কেবা শতাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত শিশু ক্ৰিকেট লীগৰ বাবে দৈনন্দিন বাৰ্তা কাকতৰ শলাগ লয় ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here