Home মুখ্য পৃষ্ঠা কৃষকৰ সুখৰ আগলি বতৰা কঢ়িওৱা  আঘোণ মাহ আৰু প্ৰাণৰ কৃষ্টি ‘ন-খোৱা’.  

কৃষকৰ সুখৰ আগলি বতৰা কঢ়িওৱা  আঘোণ মাহ আৰু প্ৰাণৰ কৃষ্টি ‘ন-খোৱা’.  

47
0

নগেন তালুকদাৰ

শৰত ঋতুৱে মেলানি মগাৰ লগে লগে প্ৰকৃতিয়ে অতি মৰমেৰে আদৰি আনে হেমন্ত ঋতুক। হেমন্ত ঋতু মানেই আঘোণ-পুহ মাহ। এই আঘোণ মাহ পৰাৰ লগে লগে প্ৰতিজন কৃষিজীৱি লোকৰ বাঢ়ে ব্যস্ততা। আহৰি নাথাকে কোনেও কাৰো মুখলৈ চোৱাৰ। এই আঘোণ মাহ কেৱল এটা মাহেই নহয়, য’ত আছে কৃষকৰ বাবে এক আমোঘ শক্তি, আশা-ভৰসাৰ দিন, এক পৰিতৃপ্তিৰ হাঁহি। কাৰণ আঘোণ মানেই সোণোৱালী শস্যৰ পথাৰ। এই সোণোৱালী শস্যৰ পথাৰখন চাই কৃষকসকলে অনাবিল আনন্দৰে নানা বৰণীয়া ভৱিষ্যতৰ সপোন ৰচে। নিয়ৰসিক্ত লাহী-শালি পকা ধানে হাত বাউলি মাতে কৃষকসকলক।

গোটেই বছৰ হাড়ভগা পৰিশ্ৰম কৰা কৃষকসকলে পথাৰভৰা সোণোৱালী ধানে ৰিঙিয়াই মতা আহবানত সোণালী আই লখিমীক আদৰিবলৈ অতি হেঁপাহেৰে নামি পৰে পথাৰত। সোণোৱালী পথাৰখনৰ ধানে কৃষকসকলৰ লগতে আমন্ত্ৰণ জনাই চিনাকি-অচিনাকি নানা ধৰণৰ জাক-জাক পখীক। ধান কটাৰ আৰম্ভণিতে লখিমীক অতি শ্ৰদ্ধাৰে আদৰি অনা হয়। ইয়াক ‘আগ অনা’ বোলে। আই লখিমীক ঘৰলৈ আদৰিবৰ বাবে কৃষকসকলে পঞ্জীকাত এটি শুভ দিন চাই পৰম্পৰাগত নীতি-নিয়মৰ জৰিয়তে আগ আনে। এগছি বন্তি, এখন ফুলাম গামোচা, এখিলা আগলতি কলপাত আৰু এখন কাঁচি লৈ অহা আনোতা পথাৰলৈ যায়। শুচি শুদ্ধতাৰে আগবেলা পথাৰলৈ গৈ ভক্তিভাৱে প্ৰথমে বন্তি গছি জ্বলাই আই লখিমীক প্ৰণাম জনাই একে উশাহতে কাঁচিৰে এমুঠি ধান কাটি আগলতি কলপাতত থৈ গামোচাখনেৰে মেৰিয়াই সীহখিনি আগফালে মূৰত কঢ়িয়াই ঘৰলৈ আহে। লখিমীক আদৰি অনাজনে বাটত ক’লৈকো চাব নোৱৰাৰো এটা পৰম্পৰাগত নিয়ম আছে। ঘৰ পোৱাৰ পিছত গৃহিণীয়ে আনোতাজনক এখন বৰপীৰাত উঠাই ভৰি ধুৱাই দিয়ে।

তাৰ পিছত লিপা-পোচা ঠাইত পিৰা এখন পাতি তাৰ ওপৰত আগমুঠি থৈ চাকি বন্তি জ্বলাই নৈবদ্য আগবঢ়ায়। সন্ধিয়া গৃহস্থই নৈবদ্য বিতৰণ কৰি ধানৰ আগমুঠি ভঁড়াল ঘৰৰ সন্মুখৰ খুঁটা এটাত বান্ধি থয়। সেইদিনাৰ পৰা আৰম্ভ কৰে কৃষকে ধান কটাৰ। ধান চপোৱা সময়খিনি কৃষকৰ বৰ আনন্দৰ সময়। নীলা আকাশখনৰ তলত টুনী, বালিমাহী চৰাই উৰি থকা পথাৰখনত কৃষক বনুৱাসকলে ধান কটাত ব্যস্ত হৈ পৰাৰ লগতে কণ কণ ল’ৰা-ছোৱালীহঁতেও নৰাৰ মাজে মাজে ধানৰ লেছেৰি বুটলি ফুৰা আৰু চেঙেলীয়া এচাম ল’ৰাই এন্দুৰৰ গাত খান্দি ধানৰ লেছেৰি বস্তাত ভৰোৱা আদি কামত নামি পৰা পৰিলক্ষিত হয়। মনৰ আনন্দত পথাৰত ঘূৰি ফুৰা ল’ৰা-ছোৱালীবোৰে ৰুদ্ৰ বৰুৱাই গোৱা গীতৰ ফাকি ‘পকা ধানৰ মাজে মাজে সৰু সৰু আলি’ গোৱা শুনা যায়।

দিনটো কৃষকসকলে ধান কাটি আবেলি কান্ধত মেটমৰা ধানৰ ভাৰ অনা আৰু গধূলি পৰত চোতালত মৰণা মৰা দৃশ্যই গঞা অঞ্চলত সঁচাকৈয়ে মনত আনন্দৰ জোৱাৰ তোলে। সুজলা-সুফলা, শস্য-শ্যামলা প্ৰকৃতিৰ অনুপম ৰম্যভূমি সোণগুটি গজা অসমৰ নৈসৰ্গিক প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যৰ বাবেই অসমীয়া গ্ৰাম্য সমাজত বিভিন্ন উৎসৱ পালন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত পালন কৰা উৎসৱ তথা লোকাচৰসমূহৰ ভিতৰত এটা হৈছে ‘ন খোৱা’ আনন্দোৎসৱ। সৰ্বভাৰতীয় লোক-সংস্কৃতিৰ দৰে অসমীয়া লোক-সংস্কৃতিতো ‘ন-খোৱা’ উৎসৱ অতীজৰে পৰা পালন কৰি অহা হৈছে। কৃষিজীৱিসকলৰ বাবে সুখৰ আগলি বতৰা কঢ়িয়াই অনা এই আঘোণ মাহতে কৃষকসকলে কিছু ধান চপোৱাৰ পিছতে মৰণা মাৰি উলিওৱা চাউলেৰে ‘ন-খোৱা’ উৎসৱ পাতে। ‘ন-খোৱা’ৰ বাবে বিশেষ দিন ধাৰ্য কৰি লয়। এটা শুভ দিন চাই আঘোণৰ পথাৰত লহ্পহ্কৈ বাঢ়ি অহা বিভিন্ন শাক-পাচলি, পুখুৰীৰ মাছ, নিজ ঘৰৰ নতুবা বজাৰৰ মাংস আদিৰে নিশা পৰিয়ালটোৰ সকলো সদস্যৰ উপৰি বন্ধু-বান্ধৱ, আত্মীয়-কুটুম আৰু গাঁৱৰ দুই-চাৰিজন মুখীয়াল লোকক নিমন্ত্ৰণ কৰি আটায়ে মিলি ‘ন’ ধানৰ চাউলেৰে এসাজ ভাত খাই কৃষিজীৱি লোকসকলে বছৰৰ প্ৰথম  ভাত মুঠি আনুষ্ঠানিকভাৱে খোৱাৰ ব্যৱস্থা কৰি তৃপ্তি লাভ কৰে। একেলগে খোৱা এই ভাত সাজে গৃহস্থৰ মনত অপাৰ আনন্দ প্ৰদান কৰে। ‘ন-খোৱা’ উৎসৱৰ পৰম্পৰা বিভিন্ন জনগোষ্ঠীৰ মাজত বেলেগ বেলেগ যদিও প্ৰত্যেকৰে একেই উদ্দেশ্য আৰু একেই আনন্দ। ‘ন-খোৱা’ৰ দিনা পুৱা অসমীয়া লোক-সংস্কৃতিৰ পৱিত্ৰতাৰ প্ৰতীক ভঁৰাল ঘৰ মচি-কাচি দুপৰীয়া চোতালৰ তুলসীৰ তলত ঘৰৰ গৃহিণীয়ে চাকি-বন্তি নৈবদ্যৰ সহিতে এটা কলৰ দোনাত ধান থৈ সেৱা জনায়। কোনো কোনো ঠাইত ন-খোৱাৰ দিনা মহিলাসকলে আই লখিমীক আদৰাৰ নাম গায় আৰু উৰুলি দিয়ে। কিছুমান ঠাইত মাঙ্গলিক চিন স্বৰূপ পদুলিমুখত কলপুলিও পোতা দেখা পোৱা যায়। ‘ন-খোৱা’ উৎসৱ সাধাৰণতে ৰাতি পতা হয় যদিও কোনো কোনো কৃষকে দিনতে পতা দেখা যায়। ‘ন-খোৱা’ৰ দিনা ‘গো’ সেৱা এটি অতিকে প্ৰয়োজনীয় অনুষ্ঠান। ন-চাউলৰ ভাত ৰান্ধি এখন আগলতি কলপাতত গোহালিত নি তাত নিজ পথাৰৰ পৰা কেঁচা ধান এমুঠি দি এডোখৰ ঠাই পৰিস্কাৰ কৰি পানীৰে গোহালিৰ মুখ্য গৰুটোৰ ঠেং চাৰিখন ধোৱাই দি সকলো গৰুকে সেৱা কৰি ভাতখিনি খোৱাৰ পিছত সিহঁতক আদৰ সন্মানেৰে গোহালিত বান্ধি থোৱা হয়।

সম্প্ৰতি ‘ন-খোৱা’ উৎসৱ এচাম নৱ-প্ৰজন্মৰ বাবে হৈ পৰিছে অপৰিচিত। অভাৱ, অনাটন, যান্ত্ৰিকতা, আধুনিকতা আৰু সময়ৰ গতিত অসমীয়া কৃতিজীৱি লোকসকলে আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা এই কৃষিভিত্তিক ‘ন-খোৱা’ উৎসৱ লোপ পাব ধৰা পৰিলক্ষিত হৈছে। অসমীয়া সমাজত পালিত হোৱা ‘ন-খোৱা’ৰ লেখীয়া সৰু-বৰ লোকাচাৰসমূহে অসমীয়া সমাজখনলৈ কঢ়িয়াই আনে ঐক্য, সৌহাৰ্দ্য আৰু প্ৰেমৰ আকুলতা। গতিকে এনে ধৰণৰ পৰম্পৰাগত লোকাচাৰসমূহক আমাৰ মাজৰ পৰা হেৰাই যাবলৈ দিয়াতো একেবাৰে অনুচিত। কিয়নো মানুহৰ দৈনন্দিন কাৰ্যৰ সৈতে জড়িত এই লোকাচাৰসমূহে অসমীয়া জনসাধাৰণৰ গভীৰ জীৱনবোধৰ পৰিচয় দিয়ে। আধুনিকতাৰ নামত গা কৰি উঠা পশ্চিমীয়া সভ্যতাত এই পৰম্পৰাগত ৰীতিক অমি কেতিয়াও লীন যাব দিব নোৱাৰো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here