Home মুখ্য পৃষ্ঠা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬ আৰু অসম

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬ আৰু অসম

49
0

গগন কলিতা

সম্প্ৰতি অসমত আতংকৰ অন্য এটি নাম হ’ল  নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক-২০১৬। যিয়ে আমাৰ জাতি, মাটি আৰু ভেঁটিৰ প্ৰতি প্ৰবল প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।
প্ৰকৃততে নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক-২০১৬হৈছে  নাগৰিকত্ব আইন ১৯৫৫ৰ সংশোধনৰ বাবে ২০১৬ চনত লোকসভাত উত্থাপন কৰা এখন বিশেষ বিধেয়ক। যাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰ ক্ৰমে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী লোকৰ বাহিৰে, সেই দেশৰ ধৰ্মীয় সংখ্যালঘু হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখ আৰু পাৰ্চী ধৰ্মাৱলম্বী যি সকল অবৈধভাৱে ২০১৪ চনৰ ৩১ডিচেম্বৰ পৰ্যন্ত ভাৰতবৰ্ষলৈ আহিছে, সকলোকে স্থায়ী নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰিছে। যদিও দেখাত অন্য ধৰ্মৰ লোকৰ কথাও উল্লেখ কৰা হৈছে, কিন্তু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে– অবৈধ হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব প্ৰদান কৰাহে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০০৪ চনতো নাগৰিকত্ব আইনৰ সংশোধনী ঘটোৱা হৈছিল।
ইতিমধ্যে আমি আটায়ে জ্ঞাত যে অসমত বিদেশী সমস্যাক কেন্দ্ৰ কৰি সুদীৰ্ঘ কালৰে পৰা বিভিন্ন ধৰণৰ সংগ্ৰাম অব্যাহত আছে। ১৯৭০ৰ শেষৰ ফালৰ পৰা ৮০ দশকৰ মাজভাগলৈ অবৈধ বিদেশী বিতাড়ণৰ সমস্যাক কেন্দ্ৰ কৰি অসমত এক ব্যাপক গণ আন্দোলন আৰম্ভ হৈছিল। য’ত ধন-জনৰ ব্যাপক ক্ষতিৰ লগতে ৮৫৫ জন লোক শ্বহীদ হ’ব লগা হৈছিল। ইয়াৰ ফলশ্ৰুতিতে ১৯৮৫ চনত প্ৰখ্যাত ‘অসম চুক্তি’ স্বাক্ষৰিত হৈছিল। অৱশেষত সুদীৰ্ঘ কালৰ অপেক্ষাৰ অন্তত, অসম চুক্তিৰ ছয় নং দফা অনুসৰিয়ে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে বৰ্তমান ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি আছে, যি দেশৰ ভিতৰতে প্ৰথম আৰু একক। অন্যহাতে একে সময়তে জাতি ধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা বিদেশীক ৰঙা দলিচাৰে আদৰণি পৰ্বৰ কুচকাৱাজো চলিছে। বৰ্তমান অসমত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ আহিলা হিচাপে অবিহিত অসম চুক্তি তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীও এই নাগৰিকত্ব সংশোধনী বিধেয়কে নিচিহ্ন কৰিবলৈ ওলাইছে বা উলাংঘা কৰিছে। যাৰ বাবেই শেহতীয়াকৈ খোদ কেন্দ্ৰীয় চৰকাৰৰ তিনিটা মন্ত্ৰালয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ল ১৯৫১চন, সেই একে সময়তে অসমত অসম চুক্তিৰ আধাৰত। অৰ্থাৎ অবৈধ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্য সময় আৰু পৰিবেশৰ আহবান মৰ্মে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অকল অসমে১৯৭১ চনৰ ২৪ তাৰিখে অবৈধভাৱে অহা সকলো বিদেশীকে স্বদেশী ৰূপে বা বোজা ৰূপে গ্ৰহণ কৰিছে। ইতিমধ্যে বিদেশীৰ বোজা গ্ৰহণ কৰা ৰাজ্যখনে আকৌ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ কৰিব লগাত পৰিলে অসমখন যে অসমীয়াৰ হৈ নাথাকিব সেয়া ধূৰূপ। কিয়নো এনে পৰিস্থিতিত অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনীতি আদিত স্বতঃৰ্স্ফূতভাৱে ব্যাপক পৰিৱৰ্তন আহিব। আৰু অসমত যেতিয়া অসমীয়াই নাথাকিব, তেতিয়া ভাষাৰ অস্তিত্বও নাথাকিব।
এই বিশেষ বিধেয়কখনক কেন্দ্ৰ কৰিয়ে অসম এতিয়া জ্বলন্ত আগ্নেয়গিৰিৰ যুদ্ধলৈ গতি কৰিছে। সৰ্বগুৰু চৰকাৰৰ বিৰুদ্ধে গৰিহনা, আন্দোলন, প্ৰতিবাদ আদিৰে নিতৌ ৰাজপথ উত্তাল হৈছে। কিন্তু এতিয়ালৈ ‘ৰজাঘৰীয়া’ৰ পৰা ইয়াৰ সদুত্তৰ লাভ কৰা নাই। ক্ষমতাৰ ‘খকত’ বলীয়ান চৰকাৰে স্থায়ী ভোট বেংকৰ স্বাৰ্থতে যে বাংলাদেশীলৈ ইমান দৰদ উপজিছে, তাক জানিবলৈ আৰু বাকী নাই। কিয়নো ভাৰত চৰকাৰৰ তিনিটা মন্ত্ৰালয়ে ইতিমধ্যে প্ৰতিবেদন যোগে স্পষ্টভাৱে বিকৰ্তিত বিধেয়কখনৰ ক্ষেত্ৰত এনেদৰে উল্লেখ কৰিছে–

প্ৰথমে, অসম চুক্তি উলংঘা কৰিছে ‘গৃহ মন্ত্ৰালয়’।
দ্বিতীয়তে ধৰ্মীয় দৃষ্টিকোণেৰে নাগৰিকত্ব প্ৰদান মুঠেই সংবিধান সন্মত নহয় ‘আইন মন্ত্ৰালয়’।
তৃতীয়তে চুবুৰীয়া ৰাষ্ট্ৰৰে বুজাবুজি অবিহনে বিধেয়ক মূল্যহীন ‘বিদেশ মন্ত্ৰালয়’।
ইয়াৰ পিচতো আৰু কি যুক্তি থাকিব পাৰে, বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত শাসক দলৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here