Home অসম অৰুণ জালান ফুটবল প্ৰতিযোগিতা আৰম্ভ

অৰুণ জালান ফুটবল প্ৰতিযোগিতা আৰম্ভ

34
0

DB Live, মদাৰখাত ২৫ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ মোকালবাৰী কানৈ চাহ-বাগিচাৰ উদ্যোগত  দেওবাৰ পৰা প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে।উক্ত ফুটবল খেল প্ৰতিযোগিতাৰ পতাকা উত্তোলন আৰু প্ৰয়াত অৰুণ জালানৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি শুভাৰম্ভ কৰে   মুকেশ বাউৰাই।
উক্ত প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ আঁত ধৰে সমিতিৰ সাধাৰণ সম্পাদক মন্টু ৰৱি দাসে। ফুটবল খেলখনি পৰিচালনা কৰে ঋতুপৰ্ণ কোঁৱৰ, মাধুৰ্য মৰাণ, সুৰজ শ‌ইকীয়া আৰু দেৱজিৎ গোহাঁইয়ে। আমন্ত্ৰিত বিশিষ্ট ব্যক্তি হিচাপে উপস্হিত থাকে ক্ৰমেঃ মোকালবাৰী চাহ বাগিচাৰ উপদেষ্টা প্ৰসাদ দেৱ, উদালগুৰি চাহ বাগিচাৰ পৰিচালক মিশ্ৰ দেৱ,মনোহাৰী চাহ বাগিচাৰ পৰিচালক মিশ্ৰ দেৱ, গণেশ বাৰী চাহ বাগিচাৰ পৰিচালক এল ৰহমান ,লাহোৱাল প্ৰেছ ক্লাৱৰ সভাপতি দীপজয় শ‌ইকীয়া, সম্পাদক ধৰণী গগৈ, চাবুৱা লাইভৰ সাংবাদিক দিবাকৰ দত্ত, ফুকনৰখাট গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমানন্দ কোঁৱৰ, অসম জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলাৰ সভাপতি দয়ানন্দ শ্বাহকে প্ৰমুখ্যে কৰি ভালেকেইজন স্থানীয় ব্যক্তি।

উক্ত প্ৰাইজমনি ফুটবল খেল খনি মাইজান চাহ,বাগিচা বনাম কেহাং চাহ বাগিচাৰ মাজত অনুষ্ঠিত হয়। খেলৰ দ্বিতিয়াদ্বৰ ১মিনিটত মাইজান চাহ বাগিচাৰ হৈ সঞ্জয় কৰ্মকাৰে একমাত্ৰ গ’ল দি মাইজান চাহ বাগিচাই দ্বিতীয় পৰ্যায়লৈ অগ্ৰগতি লাভ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here