ফেকামাৰী উন্নয়ন খণ্ডত “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ উদ্বোধনঃ মানকাচৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবৰ উদ্বোধকত এই “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ উদ্বোধনঃ 

Spread the love

Sharing is caring!

ফেকামাৰী উন্নয়ন খণ্ডত “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ উদ্বোধনঃ মানকাচৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবৰ উদ্বোধকত এই “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ উদ্বোধনঃ 

দৈনন্দিন বাৰ্তাLive@আব্দুল্লাহ শেখ, হাটশিঙিমাৰী, ১ ফেব্ৰুৱাৰীঃ- নব গঠিত দঃশালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ফেকামাৰী উন্নয়ন খণ্ডত পুৱা ১১ বজাত ২১ নং মানকাচৰ সমষ্টিৰ মাননীয় বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবে “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ মুকলি কৰে।জানিব পৰা মতে উক্ত যোগ প্ৰশিক্ষণ কেন্দ্ৰত মানুহক “যোগ”  শিক্ষা দিয়াৰ ব্যৱস্হা কৰা হৈছে। উক্ত কেন্দ্ৰ মুকলিত উপস্থিত থাকে স্বাস্থ্য বিভাগ, উন্নয়ন খণ্ড বিভাগ আদিকে ধৰি মাননীয় বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবৰ জিলা পৰ্য্যায়, ব্লক পৰ্য্যায়, গাওঁ পঞ্চায়ত পৰ্য্যায়ৰ বিভিন্ন কৰ্ম কৰ্তা সকল। উপস্থিত থাকে ফেকামাৰী উন্নয়ন খণ্ড বিষয়া ইকবাল ৰছুল, বিশিষ্ট সমাজ সেৱক ক্ৰমে,  ময়নাল হক, স্বপন কুমাৰ সাহা, সহিদুৰ ৰহমান, গুলাপ উদ্দিন, খলিলুৰ ৰহমান, জাহাংগীৰ আলম মণ্ডল, ৰিয়াজুল হক, কহিনুৰ বেগম আদিকে ধৰি সাংবাদিক আব্দুল্লাহ শেখ উক্ত “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ মুকলিত উপস্থিত থাকে। বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল চাহাবে গঠনমূলক বক্তব্য দিয়ে লগতে কেন্দ্ৰখন সুকলমে চলাৰ কাৰনে সুকামনা আগবঢ়ায়।

Related posts

Leave a Comment