শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ ৰূপালী জয়ন্তীবৰ্ষ  প্ৰাৰম্ভ অনুষ্ঠানৰ প্ৰস্তুতি

Spread the love

Sharing is caring!

শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ ৰূপালী জয়ন্তীবৰ্ষ  প্ৰাৰম্ভ অনুষ্ঠানৰ প্ৰস্তুতি

দৈনন্দিন বাৰ্তা LIVE @উৎপল ডেকাঃ,তামুলপুৰ ১ ফেব্ৰুৱাৰীঃ জানুৱাৰী :-
শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ  ৰূপালী জয়ন্তী বৰ্ষ   উদযাপনৰ  উদ্দেশ্যে   ইয়াৰ প্ৰাৰম্ভ অনুষ্ঠান  অহা  তিনি  আৰু চাৰি ফেব্ৰুৱাৰীত  অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ।  সেই উদ্দেশ্যে  অৱসৰপ্ৰাপ্ত শিক্ষক মুকুন্দ দাসক সভাপতি আৰু  ডা: ৰমেন কাকতিক  সম্পাদক হিচাবেলৈ  ৰূপালী জয়ন্তীবৰ্ষ উদযাপন সমিতি এখন গঠন কৰা হয় ।কাৰ্যসূচী অনুসৰি  তিনি ফেব্ৰুৱাৰীৰ পুৱা  পতাকা উত্তোলন কৰিব  নিকেতন পৰিচালনা সমিতিৰ সভাপতি  মোহন চন্দ্ৰ ডেকাই ।  বন্তি প্ৰজ্বলন কৰিব  উদযাপন সমিতিৰ  সভাপতি মুকুন্দ দাসে ।ইয়াৰ পিচতেই  সমান্তৰালভাবে   চৌবিশ খন পতাকা নিকেতন পৰিচালনা  সমিতিৰ প্ৰাক্তন  সভাপতি, সম্পাদক আৰু  বিষয়ববীয়াসকলৰ দ্বাৰা উত্তোলন কৰা হব । পুৱা চাৰে সাত বজাত স্মৃতি তৰ্পন  কৰিব  নিকেতন পৰিচালনা সমিতিৰ সম্পাদক  সৰ্বেশ্বৰ ওজাই ।  পুৱা আঠ বজাত  তামুলপুৰৰ সমাজকৰ্মীৰ দ্বাৰা  অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানত  গছ পুলি ৰোপন কৰা হব ।পুৱা দহ বজাত বাৰেবৰনীয়া সাংস্কৃতিক শোভাযাত্ৰা  উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । দুপৰীয়া এক বজাত  নিকেতন পৰিচালনা সমিতিৰ সভাপতি মোহন  চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া উদ্বোধনী সভাখন মুকলি কৰিব  বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়োই । সভাত মুখ্য অতিথিহিচাবে অংশ গ্ৰহন কৰিব  গুৱাহাটীৰ বিশিষ্ট  চিকিৎসক তথা সাংস্কৃতিক কৰ্মী  ড: অঞ্জনজ্যোতি চৌধুৰীয়ে । নিৰ্দিষ্ট বক্তাহিচাবে অংশ গ্ৰহন কৰিব  শিশু শিক্ষা সমিতি ,অসমৰ সম্পাদক সদা দত্তই । সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰিব নিকেতনৰ ভূমি দাতা  প্ৰয়াত যোগেন কলিতাৰ সহধৰ্মিনী ৰেনু কলিতাই ।  সন্ধিয়া  চাৰে পাঁচ বজাত নিকেতনখনৰ অভিভাৱক আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ দ্বাৰা চৌবিশ গছি বন্তি প্ৰজ্বলন কৰা হব ।  চাৰি ফেব্ৰুৱাৰীৰ দিনা  সদৌ অসম ভিত্তিত আন্ত:শিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা  “আকাশেই যাৰ পৰিধি” উদ্বোধন কৰিব উদযাপন সমিতিৰ সম্পাদক ডা: ৰমেন কাকতিয়ে ।কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব তামুলপুৰৰ সাংস্কৃতিক কৰ্মী লেহো বড়োই । সন্ধিয়া  পাঁচ  বজাত  উদযাপন সমিতিৰ উপদেষ্টাসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হব । আনহাতে এক আৰু পাঁচ ফেব্ৰুৱাৰীৰ দিনা  শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ দ্বাৰা পৰিৱেশ নিকাকৰন অভিযান চলোৱা হব ।  ইয়াৰোপৰি  পাঁচ জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱস , আঠ জুলাইৰ দিনা  প্ৰাক্তন ছাত্ৰ ভাৰতী বৰ্ষপুৰ্তি  দিৱস ,  চাব্বিশ আগষ্টত ৰক্ষা বন্ধন দিৱস ,  এঘাৰ চেপ্তেম্বৰৰ দিনা শংকৰদেৱৰ তিথি , দুই অক্টোবৰত  গান্ধী জয়ন্তী , চৈধ্য নৱেম্বৰত  শিশু দিৱস আৰু  ২০১৯ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত  ৰূপালী জয়ন্তী বৰ্ষৰ সামৰনি অনুষ্ঠান অনুষ্ঠিত হব ।   
            
                তামুলপুৰ
                    ****
               

Related posts

Leave a Comment