হাওৰাঘাটত চিলাৰায় দিৱস উদযাপন

Spread the love

Sharing is caring!

হাওৰাঘাটত চিলাৰায় দিৱস উদযাপন

  • মুখপত্ৰ শুক্লধ্বজ উন্মোচন

দৈনন্দিন বাৰ্তা LIVE @ হাওৰাঘাট ৩১ জানুৱাৰীঃ আজি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে হাওৰাঘাটৰ ঐতিহাসিক বৰবিল গাঁৱত সদৌ কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু বৰবিল গাওঁ শাখাৰ আতিথ্যত মহাবীৰ চিলাৰায়ৰ ৫০৮ সংখ্যক জন্ম দিৱসটি উদযাপন কৰা হয়।
পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিয়লি অনুষ্ঠিত হয় মুকলি সভা। সভাত আজিৰ তাৰিখতো বীৰ চিলাৰায়ৰ প্ৰাসংগিকতাৰ ওপৰত তত্বগধুৰ মন্তব্য আগবঢ়ায় সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ৰঘুৰঞ্জন বেপাৰীয়ে। তেওঁ লগতে কোচ ৰাজবংশীসকলৰ জনজাতি প্ৰসংগকলৈ সুদীৰ্ঘ দিনে চৰকাৰী পক্ষই চলাই অহা বঞ্চনা আৰু ষড়যন্ত্ৰৰ ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ছয় জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰক তাত ক’ব লগা একো নাই কিন্তু যিহেতু কোচ ৰাজবংশীসকলৰ জনজাতিৰ মৰ্যাদা লাভৰ সকলো নীতি নিয়ম সম্পূৰ্ণ হৈ আছে তেনেস্থলত কোচ ৰাজবংশীসকলক অনুতিপলমে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আনহাতে এই সভাতেই কাৰ্বি আংলং জিলা সমিতিৰ মুখপত্ৰ শুক্লধ্বজ উন্মোচন কৰা হয়।

Related posts

Leave a Comment