Home উত্তৰ-পূব মুকালমুৱা আৰক্ষীৰ জালত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী

মুকালমুৱা আৰক্ষীৰ জালত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী

37
0

DB Live মুকালমুৱা, ২৪ নৱেম্বৰঃ নলবাৰী জিলাৰ মুকালমুৱা মহকুমাৰ ভিন্ন প্ৰান্তত সম্প্ৰতি নিচাযুক্ত দ্ৰব্যৰ ব্যবসায় এচাম ধুৰন্ধৰ লোকে চলাই থকাৰ সময়তে আজি  এক গোপন সুত্ৰৰ পম খেদি মুকালমুৱা আৰক্ষীয়ে চলোৱা অভিযানত ড্ৰাগছ সহ তিনি ড্ৰাগছ সৰবৰাহীক আটক কৰিবলৈ সক্ষম হয় ৷

শনিবাৰে ৰাতিপুৱাই মুকালমুৱা আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰাজু দেৱৰ নেতৃত্বত চলা অভিযানত কালত ধৃত তিনি সৰবৰাহী ক্ৰমে আবুৰ হুছেইন (২৪),নুৰুল হ‘ক (২৬) আৰু ৰাজু আলীক (২২) আটক কৰাৰ লগতে তিনি ড্ৰাগছ ব্যৱসায়ীৰ পৰা ১০৯ টা নিচাজাতীয় টেৱলেট আৰু ২৩ টা নিচাজাতীয় ঔষধৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে সমগ্ৰ মুকালমুৱা অঞ্চলতে ড্ৰাগছ সৰবৰাহীৰ আছে এক বৃহৎ নেটৱৰ্ক ৷ ইতিমধ্যে ধৃত তিনিওজন ড্ৰাগছ ব্যৱসায়ীক মুকালমুৱা আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ যোগ্য যে বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকা আৰু কেইজন মান সচেতন যুৱকৰ প্ৰচেষ্টাত বিগত কেইমাহ মান ধৰি এই নিচা যুক্ত দ্ৰব্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে বিভিন্ন পন্থা লোৱা পৰিলক্ষিত হৈছে জাৰবাবে সম্প্ৰতি কিছু পৰিমানে কমিছে এই ব্যৱসায়। মুকালমুৱা আৰক্ষী থানাৰ নব নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত কুমাৰ বৰ্মনে শেহতীয়াকৈ অঞ্চল টোত অভিযান চলাই এনেদৰে ইতিমধ্যে কেবা গৰাকী এনে ব্যৱসায়িক আটক কৰাত ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here