Home মুখ্য পৃষ্ঠা  এনআৰচিঃ সমস্যাৰ সমাধান বিচাৰি

 এনআৰচিঃ সমস্যাৰ সমাধান বিচাৰি

16
0

নুৰ মহন্মদ

মোৰ খুড়ীমাৰ বয়স প্ৰায় ৫০বছৰ। পঢ়াশুনাৰ নকৰা একেবাৰে নিৰক্ষৰ।বিয়া হৈ অহাৰ প্ৰায় ৩৫বছৰ হৈছে। এনআৰচিৰ প্ৰমাণ পত্ৰ হিচাপে দিয়া হৈছিল পঞ্চায়ত প্ৰমাণ পত্ৰ। খুড়া ঢুকোৱাৰ আজি প্ৰায় ১৫ বছৰ হ’ল। খুড়াৰ ল’ৰা-ছোৱালীৰ আটাইকেইটাৰ নাম আহিছে। খুড়ীমাৰ নামটো এনআৰচিত অহা নাই। কাৰণ তেওঁৰ পঞ্চায়তৰ পৰা আনি দিয়া কাগজখন গ্ৰহণযোগ্য নহয় বুলি কৈছে (বহুতো মহিলাৰ ক্ষেত্ৰত একেখন কাগজে গ্ৰহম কৰা দেখা গৈছে।) খুড়ীমাৰ দেউতাকৰ লিগেচি ব্যৱহাৰ কৰা হৈছিল খুড়ীমাৰ ফালৰ পৰা। আনহাতে তেওঁৰ ল’ৰা-ছোৱালীকেইটাৰ হৈ ব্যৱহাৰ কৰা হৈছিল খুড়াৰ ফালৰ পৰা। খুড়াৰ নিজাকৈ লিগেচী ওলোৱা নাছিল।

খুড়াৰ দেউতাক অৰ্থাৎ মোৰ ককাৰ লিগেচী ব্যৱহাক কৰা হৈছিল। এনআৰচি কাৰ্যালয়ৰ ফালৰ পৰা এখন পত্ৰ দি খুড়ীমাক মতা হৈছিল। সেইমৰ্মে সময়মতে তেওঁ কাৰ্যালয়লৈ আহিছিল। তাত কাগজ পত্ৰ পৰীক্ষা-নিৰীক্ষা কৰি অফিচাৰে এখন ফৰ্ম দি, সেইখন পুৰ কৰিবলৈ দিয়াত মই ফৰ্মখন পুৰাই দিলো। তাৰ পিছত অফিচাৰে সেই কাগজখনত লিখি দিলে যে গাঁও পঞ্চায়তৰ সচিব, চক্ৰ বিষয়া, লাট মণ্ডলৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য পোৱা নগ’ল। তাৰ পিছত এটা সময়ত এখন নতুনকৈ ফৰ্ম দিলে আৰু সেইখন পুৰাই পুনৰ এটা তাৰিখত জমা দিবলৈ ক’লে। তাত কোনো নিৰ্দিষ্টকৈ লিখা নাছিল কি প্ৰমাণ পত্ৰ লগত জমা দিব লাগিব। ফৰ্মখন জমা দিবলৈ আহিল। এতিয়া অফিচাৰে কৈছিল যে ২০১৫ চনৰ আগৰ বাপেকৰ লগত যোগসূত্ৰ থকা যিকোনো এখন কাগজ লাগিব।

এতিয়া কথা হ’ল– তেওঁ লত পঢ়া নাছিল, সেই সময়ত তেওঁৰ ভোটো উঠা নাছিল। এতিয়া তেওঁৰ দেউতাকৰ লগত কি যোগসূ্ত্ৰ থকা কাজগ দিব। যদি দেউতাকৰ মাটি-সম্পত্তি, ছোৱালীসকলক দিয়াৰ ব্যৱস্থা থাকিলেহেঁতেন, মাটিৰ কাগজ পত্ৰত তেওঁৰ নাম উল্লেখ থাকিলেহেঁতেন। ল’ৰাৰ বাহিৰে ছোৱালীবিলাকক এইবোৰৰ কোনো অংশ দিয়া নহয়।

আমাৰ হিচাপত একমাত্ৰ যোগসূত্ৰ থকা কাগজ দিব পৰা যাব, গাঁৱৰ গাঁওবুঢ়াৰ পৰা আৰু যদি চৰকাৰৰ হিচাপত কিবা যোগসূত্ৰ থকা ব্যৱস্থা আছে, তেতিয়াহ’লে স্পষ্টকৈ জনাই দিব লাগে। আৰু যদি একো নাই, কি কৰিব লাগে, সেইখিনিও জনাই দিব লাগে। অন্যথা অযথা হাৰাশাস্তি কৰি, গাঁৱৰ হোজা মহিলাসকলক হতাশগ্ৰস্ত কৰি মানসিক কষ্ট নিদিবলৈ অনুৰোধ কৰিলো।  উক্ত কথাখিনি সকলো মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। সেয়েহে ইয়াৰ এটা স্পষ্টীকৰণ দি মহিলাসকলৰ ন্যায় সাধে যেন।

কুমাৰীকাটা, নলবাৰী
ফোনঃ ৭৬৩৭০-৬৩৮৫৭

LEAVE A REPLY

Please enter your comment!
Please enter your name here