Home অসম বৰক্ষেত্ৰী চৰাঞ্চলত নিৰ্বাচনী গৰম

বৰক্ষেত্ৰী চৰাঞ্চলত নিৰ্বাচনী গৰম

19
0

DB Live মুকালমুৱা ৪ ডিচেম্বৰঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ তীব্ৰতৰ হৈছে বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলত নিৰ্বাচনী গৰম বতাহ৷ মূলত: কংগ্ৰেছ আৰু শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীসকলে অধিক তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান৷ শাসকীয় দলৰ বিধায়ক নাৰায়ন ডেকাৰ দখলত থকা সমষ্টিতোত দিন ৰাতি একাকাৰ কৰি বিধায়ক গৰাকীয়ে নামি পৰিছে সমষ্টিতোত দলীয় প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ বাবে৷

ইতিমধ্যে বৰক্ষেত্ৰীৰ চৰাঞ্চলত ভাংনামাৰী জিলা পৰিষদ সামৰি ভাংনামাৰী চৰ, কুৰীহামাৰী চৰ আৰু কালাৰ চৰ পঞ্চায়তত অধিক তীব্ৰতৰ হৈ পৰিছে  নিৰ্বাচনী প্ৰচাৰ প্ৰচাৰ অভিযান৷ ভাংনামাৰী জিলা পৰিষদখনৰ বিজেপি দলৰ প্ৰাৰ্থী আনোৱাৰা খাতুন বিগত সময়ত কুৰিহামাৰী  পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী হোৱাৰ লগতে যুৱ সমাজ কৰ্মী সোনাবৰ আলীৰ পত্নী হোৱাৰ সুবাদতে ৰাইজৰ আস্থাভাজন হোৱা পৰিলক্ষিত হৈছে৷ ইপিনে বিধায়ক নাৰায়ন ডেকায়ো নিৰ্বাচনত জয়ী হোৱাৰ পিচৰে পৰা সমষ্টিতোৰ সকলো স্তৰৰ লোকৰ লগত সদ্ভাৱনা বজায় ৰখাৰ লগতে সকলো ধৰ্মৰ প্ৰতি সমভাৱাপন্ন মনোভাৱ পোষন কৰাৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথম বাৰৰ বাবে চৰাঞ্চলত শাসকীয় বিজেপি দলে অভূতপূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷

প্ৰচাৰ অভিযানৰ প্ৰায়বোৰ সভাতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰি আছে বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে৷ এই সমগ্ৰ যোগদান প্ৰক্ৰিয়াত নেতৃত্ব বহন কৰি আহিছে সোনাবৰে৷যুৱ সমাজকৰ্মী হিচাপেও জনপ্ৰিয় সোনাবৰ নাৰায়ন ডেকাৰো সোহাতস্বৰূপ৷

আনহাতে উক্ত জিলা পৰিষদখনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদৰ পত্নী মনোৱাৰা বেগমক৷ প্ৰাক্তন জিলা পৰিষদৰ সদস্যা মনোৱাৰা বেগমৰ কাৰ্যকালত  স্বামী-স্ত্ৰীৰ বিৰূদ্ধে আঁচনিৰ ধন আত্মসাৎৰ গুৰুতৰ অভিযোগ আছে৷

আনকি মনোৱাৰৰ স্বামীৰ বিৰুদ্ধে উপঢৌকন লোৱাৰ অভিযোগত কিছুদিন পুৰ্বে এজাহাৰো দাখিল কৰিছিল ভূক্তভোগীয়ে৷ কংগ্ৰেছ দলে প্ৰথমাৱস্থাত কিছু আশাৰ সঞ্চাৰ কৰিছিল যদিও দিন বাগৰাৰ লগে স্তিমিত হৈ আহিছে৷ ভাংনামাৰী পঞ্চায়ততো একেই ৰূপ ধাৰন কৰিছে৷ বিজেপি দলে প্ৰাক্তন কাউন্সিলৰ মৰিয়ন নেছাক এইবাৰ সভাপতি পদত প্ৰক্ষেপ কৰি পঞ্চায়তখন দখল কৰিবলৈ আপ্ৰান চেষ্টা অব্যহত ৰাখিছে৷ মৰিয়নৰ স্বামী লালমামুদো অঞ্চলটোত সমাজকৰ্মী হিচাপে অধিক জনপ্ৰিয়৷

গতিকে বিধায়ক নাৰায়ন ডেকাই অল ৰাউন্ডাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰি চৰ দখল কৰাৰ সম্পূৰ্ণ ব্লু -প্ৰিণ্ট ৰচনা কৰিছে৷আনহাতে উক্ত পঞ্চায়তখনত কংগ্ৰেছৰ প্ৰাৰ্থী মমতাজ বেগমৰ পক্ষত আৰম্ভনিতে আশানুৰূপ সমৰ্থক আছিল যদিও নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ শিবিৰত  ব্যাপক খহনীয়ৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here