Home অসম সোণাৰি পঞ্চায়তত কংগ্ৰেছী প্ৰাৰ্থীৰ গুণ্ডাগিৰি

সোণাৰি পঞ্চায়তত কংগ্ৰেছী প্ৰাৰ্থীৰ গুণ্ডাগিৰি

48
0

DB LIVE, সোণাৰীঃ ৰাজ্যত আজি অনুষ্ঠিত পঞ্চায়ত নিবাৰ্চনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত চৰাইদেউ জিলাৰ সোণাৰি পঞ্চায়তত কংগ্ৰেছী প্ৰাৰ্থীৰ গুণ্ডাগিৰিৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে পঞ্চায়তখনৰ সভাপতি পদৰ প্ৰাৰ্থী প্ৰকাশ তাছাই সাত নং ৱাৰ্ডৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটাৰসকলক হাতৰ চিনত ভোট দিবলৈ আহ্বান জনায়।

নিৰ্বাচনী বিধি উলংঘনেৰে এই কাৰ্য কৰা প্ৰত্যক্ষ কৰি ৱাৰ্ডটোৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী শচীন মানকিয়ে ভোট কেন্দ্রত ভোটাৰসকলৰ মাজত এনেদৰে প্ৰচাৰ নকৰিবলৈ কংগ্ৰেছী প্ৰাৰ্থী তাছাক আহ্বান জনায়।

কিন্তু এই আহ্বানৰ প্ৰতি গুৰুত্ব নিদি তাছাই শচীন মানকিক অশালীন গালি গালাজ কৰাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰতেই প্ৰহাৰ কৰে। এই সন্দৰ্ভত সোণাৰি আৰক্ষীক খবৰ দিয়াত লগে লগেই আৰক্ষীয়ে দুয়োগৰাকীকে থানালৈ সুধা পোছাৰ বাবে লৈ আহে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here