Home অসম টিংখাঙত নিশা পৰ্য্যন্ত ভোটদানৰ সম্ভাৱনাঃ ভোট কেন্দ্ৰত পোহৰৰ ব্যৱস্থা নথকাত হাহাকাৰ

টিংখাঙত নিশা পৰ্য্যন্ত ভোটদানৰ সম্ভাৱনাঃ ভোট কেন্দ্ৰত পোহৰৰ ব্যৱস্থা নথকাত হাহাকাৰ

44
0

DB Live, টিংখাং, ৫ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ দিল্লীবাৰী গাঁও পঞ্চায়তৰ দুই নং  ৱাৰ্ডৰ সাপকাঁইট গাঁৱৰ দুই নং আৰু এক নং সাপকাঁইটৰ ১০৫ নং সাপকাঁইট প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ভোট গ্ৰহণ কেন্দ্ৰত নিশা পৰ্য্যন্ত ভোট গ্ৰহণ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰটোত মুঠ ১২২৭ গৰাকী ভোটাৰৰ ইতিমধ্যে ৬৫৪ গৰাকী ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিছে। আন ভোটাৰসকলে ভোটদান কৰিবলৈ দীঘলীয়া শাৰী পাতি আছে।

আনহাতে ভোট কেন্দ্ৰত নিয়োজিত বিষয়াসকলে ইতিমধ্যে সময়সীমা উকলি যোৱাৰ বাবে ভোট কেন্দ্ৰৰ মূল গেটখন বন্ধ কৰি দিয়াত অৰ্ধশতাধিক ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হব লগা হৈছে।

ইপিনে ভোট গ্ৰহণ কেন্দ্ৰত সন্ধিয়া হৈ পৰা লগে লগে অন্ধকাৰ হৈ পৰাত ভোটাৰৰ মাজত হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই পৰ্য্যন্ত কোনোধৰণৰ পোহৰৰ ব্যৱস্থা হোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here