Home মুখ্য পৃষ্ঠা লাহোৱালত ভোটদান শান্তিপূৰ্ণ

লাহোৱালত ভোটদান শান্তিপূৰ্ণ

28
0

লাহোৱালৰ পৰা দিবাকৰ দত্ত ৫ ডিচেম্বৰঃ আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া লাহোৱালত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত বকুল, লাহোৱাল আৰু মোহনবাৰী জিলা পৰিষদৰ অধীনৰ আটাইকেইটা পঞ্চায়তত শান্তিপূৰ্ণভাৱে ভোটদান হয়৷ কিন্তু বকুল আৰু লাহোৱাল গাওঁ পঞ্চায়তৰ অন্তৰ্গত আঠাবাৰী প্ৰাথমিক বিদ্যালয়ত চাৰিটা কেন্দ্ৰ হোৱাৰ বাবে নিৰ্বাচনী বিষয়াসকলৰ অসুবিধা হোৱাৰ লগতে ভোটাৰ সকলেও যথেষ্ট অসুবিধাৰ সন্মূখিন হয়৷

আনহাতে বাতৰি লিখা সময়লৈকে লাহোৱালৰ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত সন্ধিয়ালৈকে ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে৷ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াত লাহোৱালত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্হিতি সৃষ্টি হোৱাৰ বাতৰি পোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here