Home অসম চতিয়া সমষ্টিত শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

চতিয়া সমষ্টিত শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

39
0

DB LIVE, জামুগুৰিহাটঃ আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ৭৫ নং চতিয়া বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া৷পুৱা ৭ বজাৰপৰা আৰম্ভ হোৱা আৰু বিয়লি ৩ বজাত সামৰণি পৰা ভোটগ্ৰহণৰ সময়চোৱাত সমষ্টিটোৰ চাৰিটা জিলা পৰিষদৰ অন্তৰ্গত ১৯২ টা ভোটগ্ৰহণ কেন্দ্ৰত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা নগ’ল৷

স্থানীয় চৰকাৰখন অৰ্থাৎ পঞ্চায়ত গঠন কৰি নিজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথ উলিয়াবলৈ পূৱাৰপৰাই সমষ্টিটোৰ ভোটগ্ৰহণ কেন্দ্ৰসমুহত ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰি দেখিবলৈ পোৱা যায়৷ সমষ্টিটোৰ জামুগুৰিহাটৰ গটাইমাৰী,হকমা,লালেটাপু,শলগুৰি,বামুণবাৰীকে ধৰি কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যালৈ লক্ষ্য কৰি নিৰ্ধাৰিত সময়তকৈও বহু পলমকৈ নিশালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলাবলগীয়াও হয় নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰী সকলে৷

নিশালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলাবলগীয়া হোৱা ভোটগ্ৰহণ কেন্দ্ৰসমুহত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰপ্ৰতি লক্ষ্য ৰাখি নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে আৰক্ষী প্ৰশাসণেও  তদাৰক আৰু নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰাও দেখা পোৱা যায়৷সমষ্টিটোত এইবেলি পঞ্চায়ত নিৰ্বাচনত প্ৰায় ৭৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি পচন্দৰ প্ৰাৰ্থীক ভোটদান কৰা পৰিলক্ষিত হয়৷

সমষ্টিটোৰ যুৱ প্ৰজন্মইও এইবেলি পঞ্চায়ত নিৰ্বাচনত যথেষ্ট উৎসাহ উদ্দিপনাৰে ভোটাধিকাৰ সাব্যস্ত কৰি এখন নিকা আৰু দূৰ্ণীতিমুক্ত পঞ্চায়ত গঠণ হোৱাৰ আশা কৰে৷উল্লেখ্য যে চতিয়া সমষ্টিৰ উত্তৰাঞ্চলত কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিহ্নিত হৈছিল যদিও ভোটদানৰ সময়চোৱাত অৱশ্যে শান্তিপূৰ্ণভাৱেই ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়৷

ইতিমধ্যেই ভোটদান সাব্যস্ত হোৱাৰ পিছত চতিয়া সমষ্টিৰ বিজয়ী হ’বলগা  চাৰিগৰাকী জিলা পৰিষদৰ সদস্য, ১৯ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি,আঞ্চলিক সদস্যৰ লগতে ১৯২ গৰাকী গাঁওসভাৰ সদস্যৰ ভাগ্য বেলটত বন্দী হৈ আছে যদিও বিজয়ৰ শেষ হাঁহি কোনে মাৰিব সেয়া অহা ১২ ডিচেম্বৰত ভোটগণনাৰ অন্তত স্পষ্ট হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here