Home উত্তৰ-পূব দুখন জিলাত ভোটাৰ তালিকাত নাম থকা কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আইনৰ কাষ চাপিল...

দুখন জিলাত ভোটাৰ তালিকাত নাম থকা কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আইনৰ কাষ চাপিল ভাজপা

225
0

DB Live, গুৱাহাটীঃ কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনত চৰ্চিত আন এক বিষয় হৈছে কংগ্ৰেছ দলৰ মনোনীত ২৯ নং দ্বাৰ-বাগৰি জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী অনিতা গঞ্জু বাউৰী। উল্লেখযোগ‍্য যে কংগ্ৰেছ দলৰ চাহ জনজাতি নেতা বিন্দু গঞ্জুৰ জীয়ৰী অনিতা গঞ্জু বাউৰী বিবাহ সূত্ৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বাসিন্দা। কিন্তু নিজ ৰাজনৈতিক শক্তিৰে যোৱাটো পঞ্চায়তৰ নিৰ্বাচনত পত্নীক নিৰ্বাচিত কৰি পঞ্চায়তত সীমাহীন দুৰ্নীতিৰে অভিলেখ গঢ়া বিন্দু গঞ্জুয়ে শিক্ষাগত অৰ্হতাৰ বাধ্য-বাধকতাৰ বাবে নিজে আৰু পত্নীৰ বিপৰীতে এইবাৰ নিজ জীয়ৰী অনিতা গঞ্জুক দলীয় টিকেট দিয়াবলৈ সক্ষম হয়।

কিন্তু গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ বাসিন্দা। ৭ নং খুমটাই জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৩ নং গোলাঘাট কেন্দ্ৰীয় আঞ্চলিক পঞ্চায়ত সমষ্টিৰ ১ নং শাওতলি গাঁও পঞ্চায়ত সমষ্টিৰ ভোটাৰ তালিকাত নাম থকা অনিতা গঞ্জু সঞ্জয় বাউৰীৰ পত্নী। তাৰ পিচতো পূৰ্বৰ জিলা পৰিষদৰ সদস‍্য আৰু কলিয়াবৰ বিধান সভাৰ যোৱাটো নিৰ্বাচনৰ পৰাজিত প্ৰাৰ্থী বিন্দু গঞ্জুয়ে ইতিমধ্যে নিজ জীয়ৰীৰ মনোনয়ন পত্ৰ বাতিল নোহোৱাকৈ ৰাখিবলৈ সক্ষম হৈছে।

এই বিষয়ে ভাজপা আৰু অগপ  দলৰ ফালৰ পৰা নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰাৰ পিছতো কোনো ফল নধৰাত স্থানীয় সচেতন যুৱক তথা ভাজপাৰ বিষয়-ববীয়া পৰাণজ‍্যোতি পাচনীয়ে গুৱাহাটী উচ্চ ন‍্যায়ালত গোচৰ তৰে।

উল্লেখযোগ্য যে, অগপ দলে সমগ্ৰ বিষয়টোত যিদৰে প্ৰতিবাদ মুখৰ হ’ব লাগিছিল, তেনেদৰে প্ৰতিবাদ নজনোৱাৰ অভিযোগ উঠিছে। যথেষ্ট সংখ‍্যক অনা-অসমীয়া আৰু চাহ-জনজাতিৰ ভোটাৰ থকা দ্বাৰ-বাগৰি জিলা পৰিষদ সমষ্টিটোত দুই চাহ-জনজাতি প্ৰাৰ্থী ক্ৰমে কংগ্ৰেছ দলৰ অনিতা গঞ্জু বাউৰী আৰু ভাজপা দলৰ জিতেন গৌড়ৰ মাজত ভোট বিভাজনৰ সুৰুঙাৰে অগপ দলীয় প্ৰাৰ্থী দেৱেন কোঁৱৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব পাৰিব বুলি বিশ্বাস কৰিয়ে অগপ দলে স্পৰ্শকাতৰ বিষয় এটাত গুৰুত্ব নিদিলে বুলি ভূ-ৰখা মহলে মত প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here