Home অসম পঞ্চায়ত নিবাৰ্চন প্ৰক্ৰিয়াত সন্তোষ প্ৰকাশ বিদেশী পৰ্যটকৰ

পঞ্চায়ত নিবাৰ্চন প্ৰক্ৰিয়াত সন্তোষ প্ৰকাশ বিদেশী পৰ্যটকৰ

39
0

সোণাৰিৰপৰা অভিজিৎ ভূঞাৰ বিশেষ প্ৰতিবেদনঃ পঞ্চায়ত নিবাৰ্চন প্ৰক্ৰিয়াত সন্তোষ প্ৰকাশ কৰিছে আমেৰিকান পৰ্যটকে। উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে অহা এদল আমেৰিকান পৰ্যটকে পঞ্চায়ত নিবাৰ্চনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰি  সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশৰ জৰিয়তে এই নিৰ্বাচনে অসম তথা ভাৰতৰ বিকাশত যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

চুবুৰীয়া ৰাজ্য নগালেণ্ড ভ্ৰমণ কৰি উভতনি পথত অসম-নগালেণ্ড সীমান্তৱৰ্তী  নামতোলাৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে বুজ লবলৈ প্ৰৱেশ কৰাৰ সময়ত সোণাৰি সাংবাদিকৰ আগত  ভাৰতৰ এই নিৰ্বাচনী প্ৰক্ৰিয়া আকৰ্ষণীয় আৰু ভাল পদক্ষেপ বুলি ব্যক্ত কৰে।

এই প্ৰক্ৰিয়াই সমাজৰ সকলো শ্ৰেণীৰ লোককে প্ৰতিনিধি নিৰ্বাচনৰ সুবিধা দিয়াটো গণতান্ত্ৰিক দেশৰ বাবে শুভ বাৰ্তা বুলি উল্লেখ কৰি আমেৰিকা আৰু ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজত যথেষ্ট পাৰ্থক্য থকাৰ কথা ব্যক্ত কৰে। ইফালে প্ৰকৃতি আৰু মানুহ সম্পৰ্কে আগ্ৰহী পৰ্যটক কেইগৰাকীয়ে কোলাত কেঁচুৱা লৈ দীঘলীয়া শাৰী পাতি ভোটদানৰ বাবে মহিলাসকলে অপেক্ষা কৰি থকা কাৰ্যত মৰ্মাহত হোৱা বুলিও মন্তব্য কৰে সাংবাদিকৰ আগত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here