Home অসম চাবুকধৰা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট ধূসৰ

চাবুকধৰা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট ধূসৰ

22
0

DB Live বেবেজীয়া, ৪ ডিচেম্বৰঃ কাইলৈ অনুষ্টিত হবলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্র কেইটামান মূহুৰ্ত্র বাকী থকা অবস্থাটো বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট এতিয়াও ধুষৰ হৈয়ে আছে যদিও মূল যঁজখন যে তিনিকোনীয়া হব সেইটো খাটাং। বৰচিলা,পাঘালী,ভকতগাঁও চাবুকধৰা আৰু শিলপুখুৰী গাঁও পঞ্চায়তক সামৰি প্ৰায় ৪০ হাজাৰ ভোটাৰ থকা চাবুকধৰা জিলা পৰিষদত প্ৰতিটো দলে প্ৰচাৰ অভিযান অন্তিম সমলৈকে ব্যাপক কৰি তোলে।

একালৰ অগপ আৰু কংগ্ৰেছ দলৰ দূৰ্গ স্বৰূপ এই জিলা পৰিষদ এলেকাটোত যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলে খোপনি পুতিবলৈ সক্ষম হৈছিল যদিও সমাগত পঞ্চায়ত নিৰ্বাচনত পুনৰ অগপ আৰু কংগ্ৰেছ দলে এলেকাটোত ভোটাৰৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। প্ৰায় ১২ হাজাৰ ভোটাৰ থকা পাঘালী গাঁও পঞ্চায়তত আন দলৰ প্ৰাৰ্থী সকলৰ তোলনাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকী প্ৰচাৰ অভিযানত আগবাঢ়ি থকা দেখাৰ লগতে বৰচিলা শিলপুখুৰী, ভকতগাঁও আৰু চাবুকধৰা গাঁও পঞ্চায়তটো আন প্ৰাৰ্থীসকলৰ তুলনাত ভোটাৰৰ অধিক সহাৰি লাভ কৰিছে।

কংগ্ৰেছ দলৰ পৰা মনীষা বৰদলৈ,বিজেপিৰ অঞ্জু দাস আৰু অগপৰ চেনিমাই ফুকনে চাবুকধৰা জিলা পৰিৰ্ষদৰ সদস্য পদৰ বাবে প্ৰতিদন্দিতাত নামি সোমবাৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্য সামৰনি মাৰে। প্ৰতিটো  দলৰ প্ৰাৰ্থীৰ সমৰ্থক সকলে মটৰ চাইকেল আৰু সৰু-বৰ গাড়ীৰে ৰেলী কৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰে তোলে। সঘনাই নিৰ্বাচনী দৃশ্যপট সলনি হৈ থকা চাবুকধৰা জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ  কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনীষা বৰদলৈয়ে উজ্জল ভাবমুৰ্তিৰ যে সাধাৰণ ভোটাৰৰ মাজত সোমাই পৰি বাকী প্ৰাৰ্থী সকলৰ তুলনাত অধিক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

অবশ্যে সময়েহে কব তিনিকোনীয়া প্ৰতিদন্দিতাৰে নিৰ্বাচনী প্ৰচাৰ সামৰনি পৰা সমাগত নিৰ্বাচনৰ ফলাফলত শেষ হাঁহি কোনে মাৰে সেইয়া লক্ষ্যনীয় হব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here