Home ক্রীড়া-জগত প্ৰীমিয়াৰ লীগত আৰ্চেনাল লিভাৰপুলৰ চমকপ্ৰদ জয়

প্ৰীমিয়াৰ লীগত আৰ্চেনাল লিভাৰপুলৰ চমকপ্ৰদ জয়

21
0

DB Live লণ্ডন,   ডিচেম্বৰঃ ইংলিছ প্ৰিমিয়াৰ লীগত যোৱা নিশা আৰ্চেনাল আৰু লিভাৰপুলে চমকপ্ৰদ জয়েৰে সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। চলিত ছিজনত দূৰন্ত ছন্দৰ পৰিচয় দিয়া টটেনহাম হটস্পাৰক কালি আৰ্চেনালে ৪-২ গলত পৰাভূত কৰে। বিপৰীতে এভাৰটনৰ বিৰুদ্ধে অন্তিম সময়ত গল কৰি লিভাৰপুলে ১-০ গলত বিজয় সাব্যস্ত কৰে। হটস্পাৰৰ বিৰুদ্ধে কালি আৰ্চেনালৰ জয়ত দুটা গল কৰি নায়কৰ আসন লাভ কৰে অ’বামায়েঙে। মেচৰ দশম মিনিটত লাভ কৰা পেনাটক গললৈ পঠিয়াই অ’বামায়েঙে অগ্ৰগতি দিয়ে আৰ্চেনালক।

অৱশ্যে প্ৰথমাৰ্ধৰ ভিতৰতে হটস্পাৰে প্ৰত্যাৱৰ্তন কৰি অগ্ৰগতি ল’বলৈ সক্ষম হয়। ত্ৰিশ মিনিটত ইৰিক ডিয়েৰে হটস্পাৰক সমতা প্ৰদান কৰে। চাৰি মিনিট পিছতে পেনাটৰ সুযোগ লাভ কৰে হটস্পাৰে। এই সুযোগক গললৈ পঠিয়াই হেৰি কেনে অগ্ৰগিত বৃদ্ধি কৰে। মেচৰ দ্বিতীয়াৰ্ধত আৰ্চেনালে দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে তিনিটাকৈ গল কৰে। ৫৬ মিনিটত অবামায়েঙে দ্বিতীয় গলটো কৰি আৰ্চেনালৰ হৈ সমতা স্থাপন কৰে।

৭৪ মিনিটত লাকাজেটিয়ে আৰু ৭৭ মিনিটত টৰেৰাই দুটা গল কৰি দলৰ জয় নিশ্চিত কৰে। মেচৰ ৫৫ মিনিটত হটস্পাৰৰ ভাৰ্টনঘেনে ৰঙা কাৰ্ড লৈ খেলপথাৰ এৰে যদিও আৰ্চেনালে সেই সুযোগ বহন কৰি গলৰ ব্যৱধান বৃদ্ধি কৰিব নোৱাৰিলে। ইপিনে এভাৰটনৰ বিৰুদ্ধে মেচৰ ষ্টপেজ টাইমৰ অন্তিম মিনিটত অৰিজিয়ে গল কৰি লিভাৰপুলৰ হৈ ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here